W7s news ষ্টাফৰিপোৰ্টাৰ : গুৱাহাটী চিনে ক্লাবে আয়োজন কৰা ১৪ সংখ্যক আন্ত:ৰাষ্ট্ৰীয় গুৱাহাটী চলচ্চিত্ৰ মহোৎসৱৰ তৃতীয় দিনা অৰ্থাৎ দেওবাৰে ৪ খন বিদেশী চলচ্চিত্ৰ ক্ৰমে টিউনিচিয়া , নেপাল, বাংলাদেশ আৰু ইৰাণৰ চলচ্চিত্ৰ প্ৰদৰ্শন কৰা হয়। গুৱাহাটীৰ ৰবীন্দ্ৰ ভৱন প্ৰেক্ষাগৃহত অনুষ্ঠিত এই মহোৎসৱত দেওবাৰে গুৱাহাটীস্থ বাংলাদেশৰ সহকাৰী উচ্চ আয়ুক্ত ড০ শ্বাহ মহম্মদ তনবীৰ মনচুৰ উপস্থিত থাকি বাংলাদেশৰ চলচ্চিত্ৰ 'গণ্ডি' দর্শকলৈ আগবঢ়ায়। গুৱাহাটী চিনে ক্লাবে তেওঁৰ উষ্ম আদৰণি জনায়। কাইলৈ দিনৰ ১২.৩০ বজাৰ পৰা প্ৰদৰ্শন তিনিখন চলচ্চিত্ৰ ক্ৰমে টিউনিচিয়াৰ 'শ্বেটাৰড ৱেভছ' দিনৰ ১২.৩০ বজাত, বাংলাদেশৰ 'লাল মোৰগেৰ ঝুটি' দিনৰ ৩.৩০ বজাত আৰু সীতানাথ লহকৰ পৰিচালিত অসমীয়া চলচিত্ৰ 'এই মাটিতে' সন্ধিয়া ৬.৩০ বজাত প্ৰদৰ্শন কৰা হ'ব। অসমৰ ডাইনী সমস্যাক ভিত্তি হিচাপে লৈ 'এই মাটিতে' নিৰ্মাণ কৰা হৈছে। উল্লেখ্য, তিনি মাৰ্চলৈ অনুষ্ঠিত হ'ব লগীয়া এই চলচ্চিত্ৰ মহোৎসৱত চলচ্চিত্ৰ প্ৰেমী ৰাইজৰ সহযোগীতা ক্লাৱৰ সকলো কৰ্মকতাই কামনা কৰিছে।
Post Top Ad
Responsive Ads Here
Sunday, 27 February 2022

Home
গুৱাহাটী
১৪ সংখ্যক আন্ত:ৰাষ্ট্ৰীয় গুৱাহাটী চলচ্চিত্ৰ মহোৎসৱৰ তৃতীয় দিনা ৪ খন বিদেশী চলচ্চিত্ৰ প্ৰদৰ্শন
১৪ সংখ্যক আন্ত:ৰাষ্ট্ৰীয় গুৱাহাটী চলচ্চিত্ৰ মহোৎসৱৰ তৃতীয় দিনা ৪ খন বিদেশী চলচ্চিত্ৰ প্ৰদৰ্শন
Subscribe to:
Post Comments (Atom)
Post Bottom Ad
Responsive Ads Here
Author Details
Templatesyard is a blogger resources site is a provider of high quality blogger template with premium looking layout and robust design. The main mission of templatesyard is to provide the best quality blogger templates which are professionally designed and perfectlly seo optimized to deliver best result for your blog.
No comments:
Post a Comment