২৬ ফেব্ৰুৱাৰীত মুক্তি পাব নতুন অসমীয়া চলচ্চিত্ৰ 'হিৰো' - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Thursday 17 February 2022

২৬ ফেব্ৰুৱাৰীত মুক্তি পাব নতুন অসমীয়া চলচ্চিত্ৰ 'হিৰো'

 





W7s News ষ্টাফৰিপোৰ্টাৰ : অসমীয়া  চলচ্চিত্ৰ 'হিৰো' ২৬ ফেব্ৰুৱাৰীত মুক্তি পাব। জনপ্রিয় অ'টিটি প্লেটফর্ম ৰীলড্ৰামাৰ জৰিয়তে দর্শকৰ বাবে মুক্তি দিবলগীয়া 'হিৰো' ৰ  এক বিশেষ প্রদর্শনীৰ ব্যৱস্থা কৰা হৈছে গুৱাহাটীৰ জ্যোতি চিত্রবনত-বৃহস্পতিবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত অনুষ্ঠিত এখন সংবাদ মেলত এইকথা সদৰী কৰে চলচ্চিত্ৰখনৰ পৰিচালক হিমাংশু প্ৰসাদ দাসে। তেওঁ লগতে কয়-২৬ ফেব্ৰুৱাৰীত গুৱাহাটীৰ জ্যোতি চিত্রবনত তিনিটা বিশেষ দর্শনীৰ ব্যৱস্থা কৰা হৈছে 'হিৰো'ৰ। সিদিনা দিনৰ ২ বজাত, ৪ বজাত আৰু ৬ বজাত দর্শনীকেইটাৰ আয়োজন কৰা হৈছে। ২০১০ চনত গুৱেৰ্ণিকাৰ বেনাৰত হিমাংশু প্রসাদ দাসৰ ৰচনা আৰু পৰিচালনাৰে মঞ্চস্থ হৈছিল এখন নাটক "মই শ্বাহৰুখ খান হ'ব খোজো'। অভূতপূর্ব সফলতা লাভ কৰা সেই নাটকখনৰ কাহিনীৰ আধাৰত চিত্রনাট্য ৰচনা কৰি নিৰ্মাণ কৰা হৈছে নতুন অসমীয়া চলচ্চিত্ৰ হিৰো। চলচ্চিত্ৰখনৰ চিত্ৰনাট্য আৰু সংলাপ ৰচনা কৰিছে মহর্ষি তুহিন কাশ্যপ আৰু হিমাংশু প্রসাদ দাসে। ভাৰতৰ অন্যতম জনপ্রিয় অ'টিটি প্লেটফর্ম ৰীলড্রামাৰ হৈ এই চলচ্চিত্ৰখন প্রযোজনা কৰিছে কুহেলী দাসগুপ্তা আৰু সুমিত দাসগুপ্তাই। চিনেমাখনৰ চিত্রগ্রহনকাৰী হৈছে চন্দ্ৰ কুমাৰ দাস। সম্পাদক হার্দিক কাশ্যপ। আবহ সংগীত পল্লব তালুকদাৰৰ শব্দ সংযোজন ৰুক্মজিত বৰুৱাৰ মুখ্য সহকাৰী পৰিচালক জিতুল ৰাজবংশী আৰু প্ৰযোজনা নিয়ন্ত্রক কমল পৰান। চলচ্চিত্ৰখনৰ দুটা গীতত কণ্ঠ দিছে শিল্পী ৰূপম ভূঞা আৰু প্ৰণৱ প্ৰিয়াংকুশে।এই চলচ্চিত্ৰখনৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছে যুৱ প্ৰজন্মৰ প্ৰতিশ্ৰুতিসম্পন্ন অভিনেতা চন্দন দাস আৰু অভিনেত্রী সন্ধ্যা হাজৰিকাই। তদুপৰি অতি গুৰুত্বপূৰ্ণ কেইবাটাও চৰিত্ৰত অভিনয় কৰিছে অসমৰ অভিনয় জগতৰ খ্যাতনামা অভিনেতা অৰুণ হাজৰিকা, জ্যোতি নাৰায়ন নাথ, অসীম কৃষ্ণ বৰুৱা, সিদ্ধার্থ মুখার্জী, আৰু প্ৰনামী বৰা আদিয়ে। ইয়াৰ লগতে ফনীন্দ্র ভট্ট, মন্মথ বৰুৱা, কবীন্দ্র দাস, ৰূপমজ্যোতি দাস, প্ৰাঞ্জল এ শৰ্মা, গৌতম দাস, বিদ্যুত বৰা, নিৰঞ্জন শৰ্মা, গৌৰৱ দাস,

নিৰঞ্জন দাস,  আদি। উল্লেখ্য, চলচ্চিত্ৰখনৰ অন্যতম গুৰুত্বপূর্ণ এটা চৰিত্ৰত অভিনয় কৰিছে পৰিচালক হিমাংশু প্রসাদ দাসে।  ৰীলড্রামাযোগে প্রদর্শিত হোৱাৰ পূর্বে অসমৰ ভিন্ন প্ৰান্তত বিশেষ ব্যৱস্থাৰে প্ৰদৰ্শনৰো দিহা কৰা হৈছে। চিনেমাখন উপভোগ কৰাৰ বাবে প্রযোজনা গোষ্ঠীৰ তৰফৰ পৰা দুটাকে ফোন নম্বৰৰ ব্যৱস্থা কৰা হৈছে। সেই নম্বৰ দুটাত যোগাযোগ কৰি দৰ্শকসকলে জ্যোতি চিত্ৰবনৰ বিশেষ দর্শনীৰ লগতে নিজ নিজ প্রান্তত চিনেমাখন উপভোগ কৰাৰ ব্যৱস্থা কৰিব পাৰিব। নম্বৰ দুটা হৈছে ৭০০২৬৪৩৩২৮  আৰু ৭০৯৯৫৭৬৮৯১১।সংবাদ মেলত চলচ্চিত্ৰখনত অভিনয় কৰা শিল্পী অসীম কৃষ্ণ বৰুৱা, সিদ্ধার্থ মুখার্জী,চন্দন দাস,  সন্ধ্যা হাজৰিকাই আদিয়ে এই চলচ্চিত্ৰখন সকলোৱে আদৰি ল'ব বুলি আশা প্রকাশ কৰে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here