W7s news ষ্টাফৰিপোৰ্টাৰ: অসমৰ বিশিষ্ট সাহিত্য সমালোচক, অনুবাদক তথা সাহিত্যসেৱী পংকজ ঠাকুৰৰ বৃহস্পতিবাৰে পুৱা ৮ বজাত মৃত্যু হয়। অনুবাদৰ বাবে সাহিত্য অকাদেমি পুৰস্কাৰ প্ৰাপ্ত বিশিষ্ট সাহিত্যিক পংকজ ঠাকুৰৰ হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৭৫ বছৰ। পাৰকিনচন (Parkinson) আৰু আংশিক ডিমেনচিয়া (dimentia) ৰোগত তেওঁ চিকিৎসাধীন হৈ আছিল।
তেওঁ কটন কলেজ, গুৱাহাটী বিশ্ববিদ্যালয় আদিত শিক্ষাজীৱন শেষ কৰি টাটা মটৰচ লিমিটেড, হিন্দুস্তান মটৰছ, আই চি এম এল আদি ক'ৰ্পৰেট গোষ্ঠীত চাকৰি কৰিছিল। চাকৰিৰ ব্যস্ততাৰ মাজতো তেওঁ সাহিত্য চৰ্চা, নাট্য চৰ্চা আদি অব্যাহত ৰাখিছিল। তেওঁ কেইবাখনো মৌলিক গ্ৰন্থ ৰচনা কৰাৰ লগতে বিদিৰ্ণ বাঘজাই, মহানায়ক আদি গ্ৰন্থ অনুবাদ কৰিছিল।দীর্ঘদিন ধৰি নিৰলসভাবে সাহিত্য সেৱাত ব্রতী প্রয়াত ঠাকুৰে বিশ্বাস পাটিল ৰচিত মাৰাঠী উপন্যাসৰ অসমীয়া অনুবাদ ‘বিদিৰ্ণ বাঘজাই’ৰ বাবে সাহিত্য অকাদেমি অনুবাদ বঁটা লাভ কৰিছিল। ইয়োৰপৰি তেওঁ 'অহিৰ ভৈৰব' চলচ্চিত্ৰৰ চিত্ৰনাট্য ৰচনা কৰিছিল। তেওঁৰ নিৰ্দেশনাত কেইবাখনো উচ্চমানৰ নাটক মঞ্চস্থ হৈছিল। 'আমাৰ সময়', 'আজিৰ অসম' আদি উচ্চমানৰ আলোচনী সম্পদনা কৰিছিল।
অনুবাদৰ সাহিত্য অকাডেমি বটাঁ বিজয়ী, টাইমচ অৱ ইণ্ডিয়াৰ 'আমাৰ সময়' আৰু 'আজিৰ অসম' কাকতৰ দেওবৰীয়া সংখ্যাৰ সম্পাদক আৰু অসমৰ নতুন প্ৰজন্মৰ লেখকক উলিয়াই অনাত বিশেষ ভূমিকা গ্ৰহণ কৰিছিল। তেওঁৰ কিতাপৰ .."জীৱন যুক্তিৰ বাহিৰত " এখন অন্যতম গ্ৰন্থ।সাহিত্য অকাদেমিৰ অনুবাদ বঁটা প্ৰাপক পংকজ ঠাকুৰৰ মৃত্যুত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই শোক প্রকাশ কৰে। এক শোকবার্তাত মুখ্যমন্ত্রী ড° শৰ্মাই কয় 'সাহিত্যৰ সেৱাত সুদীৰ্ঘ দিন ধৰি নিৰলসভাৱে ব্ৰতী হৈ থকা পংকজ ঠাকুৰৰ বিয়োগত অসমীয়া সাহিত্য জগতে এগৰাকী নিষ্ঠাৱান সাহিত্যসেৱী হেৰুৱালে। এইগৰাকী বিশিষ্ট সাহিত্যিকৰ বিয়োগ ৰাজ্যখনৰ বৌদ্ধিক জগতৰ বাবে অপূৰণীয় ক্ষতি।
প্ৰয়াত পংকজ ঠাকুৰৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰাৰ লগতে তেওঁৰ শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিলোঁ।' অসম সাহিত্য সভাই সাহিত্য অকাদেমিলৈ প্রয়াত ঠাকুৰ আৰু তেওঁৰ এই অনুবাদ গ্ৰন্থখনৰ মনোনয়ন প্ৰেৰণ কৰিছিল। টাটা ইঞ্জিনিয়াৰিঙকে আদি কৰি একাধিক বহুজাতিক প্রতিষ্ঠানত সুখ্যাতিৰে কাৰ্যনিৰ্বাহ কৰা প্ৰয়াত ঠাকুৰে গুৱাহাটীৰ ছেণ্টিনেল কাকত গোষ্ঠীৰ সৈতে নিবিড়ভাৱে জড়িত আছিল আৰু এই গোষ্ঠীৰ দ্বাৰা প্রকাশিত বহুকেইখন আলোচনী সম্পাদনা কৰিছিল। তদুপৰি সাহিত্য অকাদেমিয়ে বিভিন্ন ঠাইত আয়োজন কৰা সাহিত্য অনুষ্ঠানসমূহত নিয়মীয়াভাৱে আমন্ত্রিত অংশগ্রহণকাৰী ৰূপে প্ৰয়াত ঠাকুৰে তেওঁৰ ৰচনা তথা আলোচনা – বিশ্লেষণ পাঠ কৰি সমাদৰ অৰ্জন কৰিবলৈ সক্ষম হৈছিল।অসম সাহিত্য সভাৰ এগৰাকী পৰম হিতৈষী তথা শুভাকাংক্ষী প্রয়াত ঠাকুৰৰ অসমীয়া সাহিত্য জগতৰ তৰুণ প্রতিভাক সদায় উৎসাহ – উদ্দীপনাৰে আগবঢ়াই নিয়াত আগ- ভাগ লৈছিল। পংকজ ঠাকুৰৰ মৃত্যুত অসমীয়া সাহিত্য জগতে এগৰাকী নিষ্ঠাবান সাহিত্যসেৱী হেৰুৱালে আৰু অসম সাহিত্য সভাই এগৰাকী প্ৰকৃতাৰ্থত শুভ চিন্তকৰ সান্নিধ্যৰ পৰা বঞ্চিত হ’ল বুলি উল্লেখ কৰে অসম সাহিত্য সভাই। সভাৰ প্রধান সম্পাদক
যাদব চন্দ্ৰ শৰ্মাই শোকবার্তাত কয় 'অসমৰ এগৰাকী বিশিষ্ট সাহিত্য সমালোচক, অনুবাদক তথা সাহিত্যসেৱী পংকজ ঠাকুৰৰ মৃত্যুত অসম সাহিত্য সভাৰ তৰফৰ পৰা গভীৰ শোক প্রকাশ কৰিছে। দীর্ঘদিন জুৰি নিৰলসভাবে সাহিত্য সেৱাত ব্রতী প্রয়াত ঠাকুৰে বিশ্বাস পাটিল ৰচিত মাৰাঠী উপন্যাসৰ অসমীয়া অনুবাদ ' বিদীৰ্ণ বাঘজাই’ৰ বাবে সাহিত্য অকাদেমি অনুবাদ বঁটা লাভ কৰিছিল ।
পংকজ ঠাকুৰৰ মৃত্যুত অসমীয়া সাহিত্য জগতে এগৰাকী নিষ্ঠাবান সাহিত্যসেৱী হেৰুৱালে আৰু অসম সাহিত্য সভাই এগৰাকী প্ৰকৃতাৰ্থত শুভ চিন্তকৰ সান্নিধ্যৰ পৰা বঞ্চিত হ'ল।
আমি অসম সাহিত্য সভাৰ তৰফৰ পৰা প্ৰয়াত ঠাকুৰৰ বিদেহ আত্মাৰ চিৰশান্তিৰ বাবে পৰমপিতাৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ আৰু শোকসন্তপ্ত পৰিয়ালৰ আটাইলৈকে গভীৰ সমবেদনা জ্ঞাপন কৰিছোঁ।'সাহিত্য অকাদেমিৰ অনুবাদ বঁটা প্ৰাপক আৰু জ্যেষ্ঠ সাংবাদিক,দেৰগঞা পঙ্কজ ঠাকুৰদেৱ অনুবাদ সাহিত্য ৰ এক লেখত ল'বলগীয়া মনিষী ৷ মাৰাঠী উপন্যাস "বিদীৰ্ণ বাঘজাই" (লেখক বিশ্বাস পাটিল) অসমীয়া ভাষালৈ তেওঁ সুন্দৰভাৱে অনুবাদ কৰিছিল ৷এগৰাকী সু- কাহিনীকাৰ,চিত্ৰনাট্যকাৰ ঠাকুৰে বিভিন্ন লেখামেলা কৰাৰ উপৰিও ইবচেন,মিলান কুন্দেৰ,ষ্ট্ৰগুৱেয়াৰ্গ,জাঁ পল ছাঁত আদিৰ লেখাৰ সাৰ্থক অনুবাদ কৰিছে৷
২০১১বৰ্ষত দেৰগাঁৱত অনুষ্ঠিত হোৱা অসম সাহিত্য সভাৰ অধিৱেশনৰ গুৱাহাটী মহানগৰ উপ সমিতিৰ তেওঁ সম্পাদক আছিল আৰু যথেষ্ট কষ্ট কৰিছিল৷ অসম সাহিত্য সভাৰ তৰফৰ পৰা মুখপাত্র ড০ সঞ্জীৱ কুমাৰ শৰ্মা, স্থায়ী বিতীয় নিধিৰ আহবায়ক অবনী চহৰীয়া, ৰামধেনু উপসমিতি ৰ আহবায়ক মানিক আহমেদ,প্ৰাকতন ধন ভৰালী কনক কুমাৰ বৰা, গুৱাহাটীৰ সচিব চন্দন শৰ্মাই নবগ্ৰহত অন্তেষ্টিক্ৰিয়াত উপস্থিত হৈ বিদেহ আত্মাৰ সদ্গতি কামনা কৰাৰ লগতে শোকসন্তপ্ত পৰিয়াললৈ গভীৰ সমবেদনা জ্ঞাপন কৰে।
গুৱাহাটীৰ অম্বিকাগিৰী নগৰ নিবাসী পংকজ ঠাকুৰে মৃত্যুৰ সময়ত পত্নী চন্দনা গোস্বামী ঠাকুৰ,পুত্ৰ কৌশিক ঠাকুৰৰ লগতে পৰিয়ালৰ লোক,আত্মীয় স্বজনক এৰি যায়। গুৱাহাটীৰ নৱগ্ৰহ শ্মশানত বহু সংখ্যক গণ্যমান্য ব্যক্তিৰ উপস্থিতিত তেওঁৰ শেষ কৃত্য সম্পন্ন কৰা হয়।
No comments:
Post a Comment