ৰাজ্যত গোবিলিয়নৰ ই- কমাৰ্চৰ সুবিধা - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Friday 18 February 2022

ৰাজ্যত গোবিলিয়নৰ ই- কমাৰ্চৰ সুবিধা

 


নিবনুৱা সমস্যা সমাধানৰ প্ৰয়াস


১২ খন চহৰত শীঘ্ৰে মুকলি হ'ব গোবিলিয়নৰ  ই- 

কমাৰ্চৰ সেৱা






W7s News ষ্টাফৰিপোৰ্টাৰ :গোবিলিয়নৰ  এপে ৰাজ্যত ই- কমাৰ্চ সুবিধা প্ৰদান কৰিছে। ইয়াৰ জৰিয়তে নিবনুৱা সমস্যা সমাধানৰ প্ৰয়াস কৰা হৈছে। শুকুৰবাৰে গুৱাহাটী প্রেছ ক্লাৱত অনলাইন সেৱা গোবিলিয়নৰ উদ্যোগত অনুষ্ঠিত এখন সংবাদ মেলত এই কথা সদৰী কৰে  গোবিলিয়নৰ প্ৰতিস্থাপক মুখ্য কাৰ্যবাহী বিষয়া ৰৌছন ফাৰহানে। তেওঁ লগতে কয় -১২ খন চহৰত শীঘ্ৰে মুকলি হ'ব গোবিলিয়নৰ  ই- কমাৰ্চৰ সেৱা। ফেব্ৰুৱাৰী মাহৰ শেষৰ ফালে আমি কলকাতা আৰু এপিল মাহত ভুবনেশ্বৰত আমাৰ এই সেৱা আগবঢ়াম। অসমৰ যুৱক যুৱতী সকলে  আগবঢ়োৱা এই সেৱা বিশ্বজনীন কৰা আমাৰ মূল উদ্দেশ্য। গোবিলিয়নে সমগ্ৰ ভাৰতৰ পৰৱৰ্তী ৫০০  নিযুত গ্ৰাহকৰ বাবে ই-কমার্চ সামাজিক আৰু সুলভ কৰাত সহায় কৰে। নতুন দিল্লীস্থিত সামাজিক বাণিজ্য গোটত একেলগে ক্ৰয়  কৰিবলৈ গ্ৰোচাৰী আৰু দৈনন্দিন প্রয়োজনীয় সামগ্ৰীৰ বৃহৎ লেনদেন আদলত কৰিবলৈ সক্ষম কৰি তুলিছে। গোবিলিয়ন হৈছে ভাৰতৰ আগশাৰীৰ সামাজিক বাণিজ্য ব্লেণ্ডযি ভাৰতৰ স্তৰ ২৪ চহৰত বিয়পি থকা পৰৱর্তী ৫০০ নিযুত গ্ৰাহকৰ বাবে ই-কমাৰ্চক এক সামাজিক অভিজ্ঞতা হিচাপে গঢ়ি তুলিবলৈ প্ৰতিশ্ৰুতিবদ্ধ। ইয়াৰ আৰম্ভণিৰ পৰা, কোম্পানীটোৱে সমগ্ৰ ভাৰত আৰু দক্ষিণ-পূর্ব এছিয়াৰ লাখ লাখ কৰ বাবে ই-কমার্চ সামাজিক আৰু সুলত কৰাৰ লক্ষ্যৰে দেশৰ সর্বাধিক সামাজিক বাণিজ্য ব্রেও হিচাপে যথেষ্ট গুরুত্ব লাভ কৰিছে।গোবিলিয়নে ২০২১ চনৰ ফেব্ৰুৱাৰীত প্ৰথমে গুৱাহাটীত ইয়াৰ কাৰ্যকলাপ আৰম্ভ কৰে। আমি আজি ক্রেতাৰ বিশেষ সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছোঁ।' সংবাদ মেলত  গোবিলিয়নৰ সহ প্ৰতিস্থাপক কুলপ্ৰদীপ ভাগৱতী, জ্যেষ্ঠ বিষয়া ৰাকেশ ৰামদানী উপস্থিত থাকে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here