বিশ্ববাহু ফাউণ্ডেচনৰ উদ্যোগত বিনামূলীয়া স্বাস্হ্য পৰীক্ষা শিবিৰ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Wednesday 23 February 2022

বিশ্ববাহু ফাউণ্ডেচনৰ উদ্যোগত বিনামূলীয়া স্বাস্হ্য পৰীক্ষা শিবিৰ

 



W7s news ষ্টাফৰিপোৰ্টাৰ: বিশ্ববাহু ফাউণ্ডেচনৰ উদ্যোগত ২৭ ফেব্ৰুৱাৰীত এক বিনামূলীয়া স্বাস্হ্য পৰীক্ষা শিবিৰৰ আয়োজন কৰা হৈছে। বুধবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত বিশ্ববাহু ফাউণ্ডেচনৰ উদ্যোগত অনুষ্ঠান এখন সংবাদ মেলত এই কথা সদৰী কৰে ফাউণ্ডেচনৰ প্ৰতিষ্ঠাপক আৰু সঞ্চালক ডাঃ বিশ্বনাথ শৰ্মাই। তেওঁ লগতে কয় - ফাউণ্ডেচনৰ হেঙেৰাবাৰীস্থিত কাৰ্যালয়ত সিদিনা পুৱা ১০ বজাৰ পৰা দিনৰ ১২ বজালৈ এই শিবিৰ অনুষ্ঠিত কৰা হ'ব।  শিবিৰত বিনামূলীয়াকৈ ৰক্তচাপ, ব্লাডচুগাৰ, হিমগ্ল'বিন, ই চি জি আদি পৰীক্ষা কৰা হ'ব। লগতে বিনামূলীয়াকৈ ঔষধ বিতৰণ কৰা হ'ব। এই শিবিৰ উদ্বোধন কৰিব বিশিষ্ট সমাজকর্মী মিনতি বৰঠাকুৰে।সমাজৰ প্ৰতি আমি সেৱা আগবঢ়োৱাৰ লগতে সমাজৰ দুখীয়া তথা আৰ্তজনক সহায় আৰু আইনী সাহাৰ্য আগবঢ়োৱাৰ বাবে আমি এই ফাউণ্ডেচন গঠন কৰিছোঁ। আমাৰ ফাউণ্ডেচন মূল উদেশ্য হ'ল স্বাস্হ্য, আইনী সাহাৰ্য, পৰিবেশ সচেতনা, দক্ষতা বিকাশৰ লগতে অন্যান্য সামাজিক দিশত কাম কৰা। আমি ২৭ ফেব্ৰুৱাৰীৰ স্বাস্থ্য পৰীক্ষা শিবিৰত সকলোৰে সহায় সহযোগিতা কামনা কৰিলোঁ।' সংবাদ মেলত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা অভিজ্ঞান শৰ্মা,ফিজিঅ'থেৰাপিষ্ট ডাঃ মানস প্ৰতীম দাস, জীৱন বৰা উপস্থিত থাকে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here