তৃতীয় ৰাইছমোদি নুনিচা সোৱৰণি মিডিয়া উত্তৰ-পূব মিডিয়া ক্ৰিকেট - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Thursday 3 February 2022

তৃতীয় ৰাইছমোদি নুনিচা সোৱৰণি মিডিয়া উত্তৰ-পূব মিডিয়া ক্ৰিকেট

 


 

 প্ৰীতি মেচত জনসংযোগৰ বিৰুদ্ধে মিডিয়া ছুপাৰ কিংছৰ জয় 




W7s News ষ্টাফৰিপোৰ্টাৰ : জজ খেলপথাৰত চলি থকা তৃতীয় ৰাইছমোদি নুনিচা সোৱৰণি উত্তৰ-পূব মিডিয়া ক্ৰিকেট টুৰ্ণামেন্টৰ এখন প্ৰীতি মেচত আজি মিডিয়া ছুপাৰ কিংছে জনসংযোগৰ বিৰুদ্ধে  ৩ উইকেটত জয়লাভ কৰে । আকৰ্ষণীয় মেচখনত জনসংযোগে প্ৰথমে বেট ধৰি নিৰ্ধাৰিত ২০ অভাৰত ৭ টা উইকেটৰ বিনিময়ত সংগ্ৰহ কৰে ১৬৫ ৰাণ । দলৰ হৈ অজিত শৰ্মাই সৰ্বাধিক ৬৪ ৰাণত অপৰাজিত হৈ ৰয় । তাৰ উপৰি অধিনায়ক ইফতিকাৰ জামানে ২৭ তথা ওছমান গনি আৰু মজবুল হুছেইন দুয়ো ৯ ৰাণকৈ সংগ্ৰহ কৰে । প্ৰতিপক্ষৰ হিমাংশু অনুপমে দুটা, বিকি বৰুৱা, দিগন্ত তেৰাং, মনোজ দুৱৰা আৰু অধিনায়ক বিশ্বজিৎ দাসে এটাকৈ উইকেট দখল কৰে । প্ৰত্যুত্তৰত মিডিয়া ছুপাৰ কিংছে ১৯.৩ অভাৰত ৭ টা উইকেট হেৰুৱাই ১৬৭ ৰাণ কৰি বিজয়ী হয় । দলৰ জ্যোতিপ্ৰসাদ বুঢ়াগোহাঁইয়ে  ৪৬ আৰু কমলেশ বৰ্মনে ২৮ ৰাণৰ বৰঙণি যোগায় । বলিঙত জনসংযোগ দলৰ মজবুল হুছেইনে ৩ টা, ইফতিকাৰ জামান আৰু প্ৰিয়ম ভূঞাই ২ টাকৈ উইকেট দখল কৰে । বেটে-বলে উজ্জীৱিত প্ৰদৰ্শন (২ টা উইকেট আৰু ২৭ ৰাণ) দাঙি ধৰা  ইফতিকাৰ জামানক মেন অৱ দ্য মেচ ট্ৰফী প্ৰদান কৰে জনসংযোগ বিভাগৰ অতিৰিক্ত সঞ্চালক প্ৰদীপ বহ্ম, যুটীয়া সঞ্চালক দীপক বসুমতাৰী, জ্যেষ্ঠ  তথ্য বিষয়া শিখা শইকীয়াই । আয়োজক কমিটিৰ সভাপতি উদয় বৰগোঁহাইয়ে আঁত ধৰা বটা বিতৰণি অনুষ্ঠানত  জনসংযোগ দলক এপ্ৰিছিয়েচন ট্ৰফী প্ৰদান কৰে আয়োজক কমিটিৰ উপদেষ্টা  বিষ্ণুৰাম নুনিচাই । ইফালে বিয়লি দ্বিতীয়খন প্ৰীতি মেচত প্ৰাইভেট আই টি অৰ্থাৎ পিটা দলে মিডিয়া ছুপাৰ কিংছৰ বিৰুদ্ধে ৯৮ ৰাণত জয়লাভ কৰে । পিটা দলে ১৮ অভাৰত ৬ উইকেটত কৰে ১৮৬ ৰাণ । দলৰ হৈ গৌতম শইকীয়াই ৬৯, ছাদিক ইমৰাণ চৌধুৰীয়ে ২৭, মনিষ দাসে ২৫ ৰাণ কৰে । বিপক্ষৰ ভাৰ্গৱ বৈশ্য‌ই ২ টা, অনিত বৰুৱা, অমিত দাস আৰু মনোজ দুৱৰাই ১ টাকৈ উইকেট দখল কৰে । প্ৰত্যুত্তৰত মিডিয়া ছুপাৰ কিংছে ১৫.২ অভাৰত ৮৮ ৰাণতে ইনিংছ সামৰে । বিজয়ী দলৰ ছাদিকে ৩ টা আৰু মনিষ দাসে ২ টা উইকেট লাভ কৰে । মেন অৱ দ্য মেচ হয় গৌতম শইকীয়া । কাইলৈ দিনৰ ১০.৩০ বজাৰ পৰা আৰম্ভ হ'বলগা ২৫ অভাৰৰ ফাইনেল মেচখনত মুখামুখি হ'ব এন ডি ২৪ আৰু অসমীয়া প্ৰতিদিন ।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here