এবছৰলৈ কাৰ্যকাল বৃদ্ধি পালে বৰ্তমানৰ সমিতিৰ কাৰ্যকাল - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Wednesday 2 February 2022

এবছৰলৈ কাৰ্যকাল বৃদ্ধি পালে বৰ্তমানৰ সমিতিৰ কাৰ্যকাল

 অসম সাহিত্য সভাৰ সভাপতি ড০ কুলধৰ শইকীয়াৰ সংবাদমেল


অসম সাহিত্য সভাৰ বৰ্তমান সমিতিৰ কাৰ্যকাল বৃদ্ধি


 


 

W7s News ষ্টাফৰিপোৰ্টাৰ: অসম সাহিত্য সভাৰ বৰ্তমান সমিতিৰ কাৰ্যকাল এবছৰলৈ বৃদ্ধি কৰা হৈছে। অসম সাহিত্য সভাৰ বুধবাৰে অনুষ্ঠিত কাৰ্যনিৰ্বাহক সভাত এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে- এই ভাষ্য অসম সাহিত্য সভাৰ সভাপতি ড০ কুলধৰ শইকীয়াৰ। বুধবাৰে অসম সাহিত্য সভাৰ গুৱাহাটীৰ ভগৱতী প্ৰসাদ বৰুৱা ভৱনত অনুষ্ঠিত এখন সংবাদমেলত সভাপতি ড০ কুলধৰ শইকীয়াই লগতে কয় -'নাৰায়ণপুৰত ক'ভিড পৰিস্থিতিৰ বাবে চলিত বছৰৰ ৩১ জনোৱাৰীৰ পৰা ৪ ফেব্ৰুৱাৰীলৈ অনুষ্ঠিত হ'ব  লগীয়া সভাৰ অধিবেশনখন স্থগিত হোৱা বাবে জৰুৰীকালীন কাৰ্যনিৰ্বাহক সভাখন অনুষ্ঠিত কৰিব লগীয়া হয়। নাৰায়ণ পুৰৰ দল সংগঠন আৰু বিভিন্ন লোকৰ সৈতে কথা পাতি এখন প্ৰতিবেদন  প্ৰস্তুত কৰে। সেই প্ৰতিবেদনখন আজিৰ কাৰ্যনিৰ্বাহক সভাই গ্ৰহণ কৰে। লগতে কাৰ্যনিৰ্বাহক লৈ আস্থা প্ৰকাশ কৰে।

২০২৩ চনৰ ৩১ জানুৱাৰীৰ পৰা ৪ ফেব্ৰুৱাৰীলৈ সভাৰ নাৰায়ণপুৰৰ অধিৱেশনখন অনুষ্ঠিত কৰাৰ প্ৰস্তাৱ গ্ৰহণ কৰা হয়৷ নাৰায়ণপুৰবাসীয়ে দুই কুৰি বছৰ পাছত এই অধিবেশনখন আয়োজন কৰাৰ সুযোগ পাইছে গতিকে তেওঁলোকৰ স্বাভিমানৰ প্ৰতীক সভাৰ অধিবেশনত দুই লক্ষৰ অধিক লোকৰ সমাগম হোৱাৰ আশা কৰে। ক'ভিড পৰিস্থিতিৰ বাবে এইবাৰলৈ অধিবেশন খন স্থগিত কৰা হৈছে। অধিবেশন অনুষ্ঠিত কৰিব নোৱাৰাৰ বাবে নাৰায়ণপুৰ বাসীৰ ওচৰত আমি  ক্ষমা প্ৰাৰ্থী।কেন্দ্ৰীয় সমিতি, জিলা সমিতি, শাখা সমিতি সকলোৰো দায়িত্ব পূৰ্বৰ দৰে অধিবেশন নোহোৱাৰ পৰ্যন্ত বাহাল থাকিব। আৰ্থিক দিশ টনকিয়াল কৰাৰ ক্ষেত্ৰত আলোচনা চলি থকা হৈছে।কৰ্মচাৰীৰ দৰমহা বেমেজালি ক্ষেত্ৰতো ব্যৱস্থা লোৱাৰ কথা বতৰা চলি আছে। চৰকাৰী পুঁজি বন্ধ হৈ আছে যদিও পুঁজি জানুৱাৰী মাহৰ শেষৰ ফালে তথা ফেব্ৰুৱাৰী মাহৰ প্ৰথম ভাগত কিস্তি হিচাপে আহে। পুঁজি চৰকাৰী  নিৰ্দেশনা মতে আহিব। পুৰণি সমিতিয়ে এবছৰলৈ একেদৰে কাম কৰি যাব।আজিৰ কাৰ্যনিৰ্বাহক সভাকলৈ আস্থা প্ৰকাশ কৰে উপস্থিত প্ৰতিনিধি সকলে। সংবিধানৰ বিধি অনুসৰিয়েই অনুষ্ঠিত হ'ব সভাৰ নিৰ্বাচন।'উল্লেখ্য, সভাৰ ২০২৩ চনৰ ৪ ফেব্ৰুৱাৰীলৈ বাহাল থাকিব পুৰ্বৰ কাৰ্যনিৰ্বাহক।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here