৬ ফেব্ৰুৱাৰী ত বিশেষ প্ৰদৰ্শন "হাতী বন্ধু" ৰ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Thursday 3 February 2022

৬ ফেব্ৰুৱাৰী ত বিশেষ প্ৰদৰ্শন "হাতী বন্ধু" ৰ

 




W7s news ষ্টাফৰিপোৰ্টাৰ: হাতী মানুহৰ সংঘাট বৰ্তমান সময়ৰ এক বিশ্বজনীন সমস্যা।এই সংঘাট ৰ ফলত হয় মানুহৰ নহয় হাতীৰ প্ৰাণ হানি এটা নিয়মীয়া ঘটনাত পৰিগনিত হৈছে।

 এনে এক জীয়া সমস্যা ৰ পোনপ্ৰথম বাৰৰ বাবে অসমত বিশিষ্ট সমাজহিতৈষী প্ৰদীপ কুমাৰ ভূঞা ৰ প্ৰচেষ্টা আৰু সৱল নেতৃত্বত হাতী মানুহৰ সংঘাট ৰ সমাধান সূত্ৰ উলিয়াই বিশেষ ভাৱে সফল হোৱা দেখা গৈছে।

এই বিষয়ৰ ভেটিত তিনিবছৰীয়া প্ৰক্ৰিয়াৰে নিৰ্মাণ কৰি উলিওৱা হৈছে ৫৪ মিনিট দৈৰ্ঘ্যৰ এখন তথ্য চিত্ৰ নাম"হাতী বন্ধু"। ইংৰাজী ত নাম ৰখা হৈছে Friends of Elephant.

ইতিমধ্যে চেন্সৰ চাৰ্টিফিকেট লাভ কৰা হাতী বন্ধু ৰ  ৬ ফেব্ৰুৱাৰীত "অনুৰাধা চিনেপ্লেক্স"   বিশেষ প্ৰদৰ্শন ব্যৱস্থা কৰা হৈছে।"ব্ৰিজ" চিনেমা খনেৰে সুখ্যাতি অৰ্জন কৰা কৃপাল কলিতা ই হাতী বন্ধু ৰ চিত্ৰনাট্য ৰচনা আৰু পৰিচালনা কৰিছে। কৃষ্টি পথাৰৰ বেনাৰত তথ্য চিত্ৰ খনৰ প্ৰযোজনা কৰিছে    সবিতা দেবীয়ে।

বিশিষ্ট অভিনেতা তথা পৰিচালক কুলদা কুমাৰ ভট্টাচাৰ্যই ইংৰাজী আৰু নয়ন প্ৰসাদে অসমীয়া ত ধাৰা বিবৰণী কৰিছে। চিত্ৰগ্ৰহণ বিনোদ দুলু বৰা আৰু ৰমেন ৰাভা।  ছাউণ্ড ডিজাইন আৰু মিক্সিং কৰিছে অমৃত প্ৰীতমে (মুম্বাই) সম্পাদনা কৃপাল কলিতা ডি আই কালাৰিষ্ট ৰাজেশ য়াদৱ (মুম্বাই) সংগীত কৃপাল কলিতা আৰু ৰাজীৱ কাশ্যপ। এনিমেছন ভাস্কৰ শইকীয়া । গ্ৰাফিক্স দেৱৰাজ বৰঠাকুৰ।ছাবটাইটেল শ্ৰুতি ভট্টাচাৰ্য্য।শব্দগ্ৰহন খুজিলে শৰ্মা ।ফ'লি বিনোদ ব'চাই।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here