ইণ্ডিয়া স্কিল প্রতিযোগিতাত ছিগনেছাৰ ইনষ্টিটিউটৰ ছাত্ৰী প্ৰীতিশা বৰ্মণৰ ৰূপৰ পদক লাভ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Tuesday 1 February 2022

ইণ্ডিয়া স্কিল প্রতিযোগিতাত ছিগনেছাৰ ইনষ্টিটিউটৰ ছাত্ৰী প্ৰীতিশা বৰ্মণৰ ৰূপৰ পদক লাভ



W7s News ষ্টাফৰিপোৰ্টাৰ : নতুন দিল্লীৰ প্ৰগতি মৈদান খেলপথাৰত অলপতে ইণ্ডিয়া স্কিল প্রতিযোগিতাৰ আয়োজন কৰা হয়। এই প্রতিযোগিতাত গুৱাহাটী ছিগনেছাৰ ইনষ্টিটিউটৰ ছাত্ৰী প্ৰীতিশা বৰ্মণে ৰূপৰ পদক লাভ কৰিবলৈ সক্ষম হয়। ৰূপৰ পদক বিজয়ী প্রীতিশা বর্মণে জনায় যে, 'ক'ভিডৰ তৃতীয় ঢৌৰ সময়ছোৱাতো  নতুন দিল্লী, ছত্তিছগড়, দক্ষিণ ভাৰত আৰু মহাৰাষ্ট্ৰৰ বিচাৰক সকলৰ আগত তিনিদিন ধৰি নিজস্ব প্রতিভাসমূহ হেয়াৰ ষ্টাইলৰ দ্বাৰা দাঙি ধৰিছিলোঁ। মই ছিগনেছাৰ ইনষ্টিটিউটৰ দ্বাৰা প্ৰশিক্ষনপ্রাপ্ত আৰু প্ৰগতি মৈদান খেলপথাৰত বিউটি এণ্ড বেলনেচ চেণ্টাৰ স্কিল কাউন্সিলে আয়োজন কৰা কৰ্মশালাতো অংশগ্রহণ কৰিছো। আন দুগৰাকী বিজয়ী হ’ল মহাৰাষ্ট্ৰ আৰু উৰিষ্যাৰ। এতিয়া মই আগন্তুক ১২ অক্টোবৰ পৰা ১৭ অক্টোবৰলৈ ছাংঘাইত অনুষ্ঠিত হ'বলগীয়া বৰ্ল্ড স্কিল অলিম্পিকত অংশগ্রহণ কৰাৰ বাবে নিজকে প্রস্তুত কৰি আছো। অৱশ্যে যদিহে ৰাজ্য চৰকাৰে মোৰ দায়িত্ব বহন কৰে।'

 উল্লেখ্য, প্ৰীতিশা বৰ্মণে ৰাষ্ট্ৰীয় পৰ্য্যায়ত ৰূপৰ পদক লাভ কৰি চাংঘাইত অনুষ্ঠিত হ'বলগীয়া ৱৰ্ল্ড স্কিল অলিম্পিকত অংশ গ্ৰহণ কৰাৰ সুযোগ লাভ কৰিছে। অসম স্কিল ডেভেলপমেণ্টৰ তৰফৰ পৰা ১৪ গৰাকী প্রতিযোগীয়ে ১৪ টা বিভাগত অংশগ্ৰহণ কৰিছিল। ৰাষ্ট্ৰীয় পৰ্য্যায়ত প্রীতিশাই পদক লাভ কৰাটো সঁচাকৈয়ে অসমৰ বাবে গৌৰৱৰ বিষয়।ইণ্ডিয়া স্কিল প্রতিযোগিতাত আঞ্চলিক পৰ্য্যায়ত পদক লাভ কৰা ছিগনেছা ইনষ্টিটিউটৰ ছাত্ৰী সাউকুছিৰ গীতাঞ্জলী বড়ো আৰু ৰাজ্যিক ইণ্ডিয়া স্কিলৰ হেয়াৰ ষ্টাইল বিভাগৰ বিজয়ী কাৰ্বি আংলংৰ গোবিন্দ দাসলৈ শুভকামনা জনাইছে বিউটি এণ্ড বেলনেচ চেণ্টাৰ স্কিল কাউন্সিলৰ সদস্য আৰু ছিগনেছাৰ ইনষ্টিটিউটৰ অধক্ষ্য ডাঃ মধুমিতা শ‍ইকীয়াই।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here