গুৱাহাটী আৰ্টিষ্টছ' গীল্ডৰ বেণু মিশ্ৰ সোঁৱৰণি বঁটা ৰবিৰাম ব্ৰহ্মলৈ আৰু মণ্টু দাসলৈ - W7S News

Breaking News

demo-image

Home Top Ad

Responsive Ads Here

Post Top Ad

Tuesday, 8 February 2022

demo-image

গুৱাহাটী আৰ্টিষ্টছ' গীল্ডৰ বেণু মিশ্ৰ সোঁৱৰণি বঁটা ৰবিৰাম ব্ৰহ্মলৈ আৰু মণ্টু দাসলৈ

Responsive Ads Here

 গুৱাহাটী আৰ্টিষ্টছ' গীল্ডৰ সংবাদ মেল


.com/img/a/

.com/img/a/


আইমী বৰুৱা আৰু দেৱজিৎ গায়নলৈ বিদ্যুৎ চক্ৰৱৰ্তী আৰু শ্বেৰ চৌধুৰী উৎকৰ্য বঁটা



W7s News ষ্টাফৰিপোৰ্টাৰ: 

গুৱাহাটী আৰ্টিষ্টছ' গীল্ডৰ উদ্যোগত বেণু মিশ্ৰ সোঁৱৰণি এন. আৰ. এল বঁটা ২০২২ ৰবিৰাম ব্ৰহ্মলৈ আৰু  মণ্টু দাসলৈ আগবঢ়োৱা হৈছে। গুৱাহাটী আৰ্টিষ্টছ' গীল্ডৰ উদ্যোগত মঙলবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত অনুষ্ঠিত এখন সংবাদ মেলত এই কথা সদৰী কৰে গীল্ডৰ সাধাৰণ সম্পাদক কিশোৰ কুমাৰ দাসে। তেওঁ লগতে কয় 'শিল্পী বেণু মিশ্ৰৰ কৃতিত্ব আৰু অৱদানক সম্মান জনাই গুৱাহাটা আর্টিছে গ্রীল্ডে শিল্পীগৰাকীৰ স্মৃতিত অসমৰ  নুমলীগড় শোধনাগৰ লিমিটেডৰ সহযোগত বেণু মিশ্র সোঁৱৰণি এন. আৰ. এল বঁটা, ২০২২ এটাৰ শুভাৰম্ভ কৰিছে। এই বঁটাৰ বিভিন্ন কাৰ্যসূচীত সহযোগ আগবঢ়াইছে বেণু মিশ্র সোঁৱৰণি ন্যাসে। ৰাজ্যৰ দুগৰাকী শিল্পীক দৃশ্যকলাৰ ক্ষেত্ৰখনলৈ আগবঢ়োৱা বিশিষ্ট অৱদানৰ ভিত্তিত পোন প্ৰথমবাৰৰ বাবে এই বঁটাৰে সন্মানিত কৰাৰ দিহা কৰা হৈছে। বিশিষ্ট শিল্পী-সাহিত্যিক বুদ্ধিজীৱি আৰু এন.আৰ.এলৰ বিষয়ববীয়াক লৈ গঠিত সমিতিয়ে সর্বসম্মতি কমে দুগৰাকী শিল্পীক এই বঁটাৰ বাবে বাঁচনি কৰিছে।

এই বঁটাৰ বাবে মনোনীত প্রথম গৰাকী শিল্পী হৈছে ৰবিৰাম ব্ৰহ্ম। ১৯৫২ চনত জন্ম গ্রহণ কৰা ৰাজ্যখনৰ

এগৰাকী জ্যেষ্ঠ শিল্পী ৰবিৰাম ব্রহ্ম ওডালগুৰি শিল্প গ্রাম প্রধান উদ্যোক্তা। বৰোডা এম. এছ. বিশ্ববিদ্যালয়ৰ পৰা কলা শিক্ষা গ্ৰহণ কৰি আহি অসমৰ স্থানীয় পৰিৱেশত আজীবন শিল্পচর্চাবে বর্তমানেও ন ন সৃষ্টিৰে

তেওঁ কৰ্মৰত হৈ আছে। এই বঁটাৰে সম্মানিত দ্বিতীয় গৰাকী শিল্পী হৈছে মন্টু দাস। ১৯৮৫ চনত গুৱাহাটীত জন্ম গ্রহণ কৰা এই গৰাকী উদীয়মান আৰু প্ৰতিভাসম্পন্ন শিল্পীয়ে বিশ্বভাৰতী কলাভৱনৰ পৰা চিত্রকলাত স্নাতকোত্তৰ ডিগ্রী গ্রহণ কৰি আহি বিভিন্ন কলা মাধ্যমৰ সংমিশ্ৰণেৰে সমকালীন শিল্পৰ শেহতীয়া সৃষ্টি প্ৰবাহক নিজৰ কৰ্মৰাজিত প্রতিফলিত কৰি ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় প্রেক্ষাপটত ইতিমধ্যে সুনাম অর্জন কৰিবলৈ সক্ষম হৈছে। এই বঁটাৰ উদ্যোক্রাসকলে জনোৱা মতে প্ৰতি বছৰে অনুদান অনুযায়ী এই বঁটা আগবঢ়োৱা হ'ব।   গুৱাহাটীস্থ বিবেকানন্দ কেন্দ্ৰত   প্রেক্ষাগৃহত ৬ মার্চৰ সন্ধিয়া ৫ বজাত এই বঁটা প্ৰদান কার্যসূচী অনুষ্ঠিত কৰা হ'ব। আনহাতে মনোনীত জোষ্ঠ শিল্পী গৰাকীলৈ নগদ ডেৰ লাখ টকা, স্মাৰক, মানপত্ৰ আৰু মনোনীত উদীয়মান শিল্পগৰাকীলৈ নগদ এক লাখ টকা, স্মাৰক আৰু মানপত্ৰ আগবঢ়োৱা হ'ব।'উল্লেখ্য, অসমৰ আধুনিক চিত্রকলা জগতৰ অন্যতম প্রধান এগৰাকী বাটকটীয়া শিল্পী বেণু মিশ্ৰ দেৱৰ জন্ম ১৯৩৯ চনৰ বৰপেটাৰ পালাংদিহাতীত। বেণু মিশ্রদেৱৰ নেতৃত্বতে ১৯৭৬ চনত গুৱাহাটী আর্টিছে গীল্ড প্রতিষ্ঠা হয় আৰু ১৯৮৯ চনলৈকে তেওঁ প্রতিষ্ঠাপক সভাপতি হিচাপে কার্যনির্বাহ কৰি অনুষ্ঠানটিৰ জৰিয়তে অসমত চিত্ৰকলা ভাস্কৰ্য চৰ্চাৰ এক সামাজিক বাতাবৰণ তুলিবলৈ সক্ষম হয়। সংবাদ মেলত গীল্ডৰ সভাপতি আমিনুল হক, কাৰ্যবাহী সদস্য সঞ্জীৱ গোহাই বৰুৱা, বেণু মিশ্ৰ সোঁৱৰণি ন্যাসৰ হৈ মনজিত মিশ্ৰ আদি উপস্থিত থাকে। ইফালে আইমী বৰুৱা আৰু দেৱজিৎ গায়নলৈ বিদ্যুৎ চক্ৰৱৰ্তী আৰু শ্বেৰ চৌধুৰী উৎকৰ্য বঁটা আগবঢ়োৱি হৈছে।  সূৰ্য্য আৰু অইল ইণ্ডিয়া লিমিটেডৰ উদ্যোগত আৰু বিদ্যুৎ চক্ৰৱৰ্তী ক্রিয়েটিভ ট্রাষ্টৰ সহযোগত  ২০১৬ চনৰ পৰা বিদ্যুৎ চক্ৰৱৰ্তী উৎকৰ্ষ বঁটা আৰু শ্বেৰ চৌধুৰী উৎকর্ষ বঁটা প্ৰদান কৰি অহা হৈছে। আগন্তুক ১৩ নবেম্বৰত গুৱাহাটীৰ ৰবীন্দ্র ভৱনত সন্ধিয়া ৬ বজাত অনুষ্ঠিত হ'ব লগীয়া এক গাম্ভীৰ্য্যপূর্ণ অনুষ্ঠানত এই বঁটা দুটা প্ৰদান কৰা হ’ব। বিশিষ্ট অভিনেত্রী তথা পৰিচালক আইমী বৰুৱাক বিদ্যুৎ চক্রবর্তী উৎকর্ষ বঁটা আৰু উদীয়মান শব্দযন্ত্রী দেৱজিৎ গায়নক শ্বেৰ চৌধুৰী উৎকর্ষ বঁটা প্ৰদান কৰা হ'ব। অনুষ্ঠানত বিশিষ্ট চলচ্চিত্ৰ পৰিচালক মঞ্জু বৰা মুখ্য অতিথিৰূপে উপস্থিত থাকিব। অইল ইণ্ডিয়া লিমিটেডৰ শীৰ্ষ বিষয়া ক্ৰমে সন্দীপ গোস্বামী আৰু মাধুৰ্য বৰুৱা সন্মানীয় অতিথি ৰূপে উপস্থিত থাকিব। বিশিষ্ট আবৃত্তিকাৰ অৱনী বৰাই প্ৰয়াত শিল্পী দুগৰাকীৰ প্ৰতি শ্রদ্ধা নিবেদন কৰিব৷ বঁটা প্ৰদানৰ পাছত আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ ‘এ’ গ্ৰেডৰ শিল্পী তথা জনপ্রিয় গায়িকা গায়ত্ৰী হাজৰিকা আৰু বৰপেটাৰ ‘ব’হেমিয়ান ব্লুজ' দলৰ শিল্পীসকলে গীত পৰিবেশন কৰিব।।এই অনুষ্ঠানত আগ্রহী দৰ্শকৰ উপস্থিতি সূৰ্য্যৰ তৰফৰ পৰা কামনা কৰা হৈছে।

No comments:

Post a Comment

Post Bottom Ad

Contact Form

Name

Email *

Message *