W7s News ষ্টাফৰিপোর্টাৰ : অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ খেলপথাৰত অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্রেতা সংস্থাৰ উদ্যোগত চলি থকা 'অসম গ্ৰন্থমেলাত' শুকুৰবাৰ উন্মোচন কৰা হয় লেখিকা, জ্যেষ্ঠ সাংবাদিক ড০ গীতালি শইকীয়াৰ নৱতম গ্ৰন্থ ' বগলী সূতাৰ চাদৰখন' উন্মোচন কৰা হয়। বিশিষ্ট শিক্ষাবিদ ড০ সুনীল কুমাৰ দত্ত, বিশিষ্ট সাংবাদিক নৰেশ কলিতা, বিশিষ্ট সাহিত্যিক ভৱানী প্ৰসাদ অধিকাৰী, গল্পকাৰ মণিকা দেৱী, প্ৰমোদ তালুকদাৰ বৃদ্ধাবাসৰ ১০৬ বছৰীয়া আইতা সুভদ্ৰা দেৱী, অৰুণ তালুকদাৰ আদি বিশিষ্ট ব্যক্তিৰ উপস্থিতিত উন্মোচন কৰা হয়। ভাষণ প্ৰসংগত বিশিষ্ট শিক্ষাবিদ ড০ সুনীল কুমাৰ দত্তই কয় ' গীতালি শইকীয়াৰ লিখনিত তৰংগ বেছি নাই কিন্তু গভীৰতা বহু বেছি আছে। লেখিকাৰ পৰ্যবেক্ষণশীল এটা মন আছে।
গ্ৰন্থখনৰ নামটো তাৎপৰ্যপূৰ্ণ হৈছে। এই নামটো শুনি ৫০ বছৰৰ উৰ্দ্ধৰ লোকসকল স্মৃতি গধুৰ হৈ পৰিব। গ্ৰন্থখন পাঠক সমাজে নিশ্চয়কৈ আদৰি ল'ব।' সভাত বিশিষ্ট সাংবাদিক নৰেশ কলিতাই কয় 'সাম্প্ৰতিক সময়ত গ্ৰন্থ প্ৰকাশৰ সংখ্যা বৃদ্ধি পাইছে। তাৰ সমান্তৰালকৈ কলা আখৰৰ প্ৰতি মানুহৰ আগ্ৰহ কমিছে। সেয়ে লেখক সকলে পাঠকৰ সৃষ্টিৰ ক্ষেত্ৰত সজাগতা সৃষ্টি কৰিব লাগিব। গীতালি শইকীয়াই ব্যক্তিত্বক জগাই তোলা লেখিকা। তেওঁৰ এই গ্ৰন্থখন পাঠক সমাজে আদৰি ল'ব বুলি আশা কৰিলো।' সভাত ১০৬ বছৰীয়া আইতা সুভদ্ৰা দেৱীয়ে লেখিকাক আশীৰ্বাদ দিয়ে লগতে তেওঁ শৈশৱৰ পৰা গ্ৰন্থ পঢ়ি ভাল পোৱাৰ অভ্যাস এতিয়াও অব্যাহত ৰখা বুলি কয়। সভাত উপস্থিত অন্যান্য বিশিষ্ট ব্যক্তি সকলে শুভেচ্ছা মূলক বক্তব্য আগবঢ়ায়। সভাত লেখিকাই গ্ৰন্থখনৰ আঁৰৰ কথা কয়। কেনেদৰে 'নিয়মীয়া বার্তা' কাকতত পষেকীয়াকৈ লেখাবোৰ প্ৰকাশ পাইছিল আৰু তেওঁ শৈশৱৰ পৰা ডায়েৰী লিখা অভ্যাসৰ কথা কয়। লগতে প্ৰথিতযশা সাহিত্যিক, সাংবাদিক প্ৰয়াত হোমেন বৰগোহাঞিক শ্রদ্ধাৰে সুৱৰে।পূৰ্বায়ণ প্ৰকাশনে প্ৰকাশ কৰা গ্ৰন্থ উন্মোচনী সভাখন আঁতধৰে ৰীতু গগৈয়ে। সভাত অসম প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতা, বিশিষ্ট অনুবাদক বিপুল দেউৰী, সংগীতশিল্পী ৰাজা বৰুৱা, জ্যেষ্ঠ সাংবাদিক অমল দাস, সাংবাদিক কমল কুমাৰ,অৰুণিমা মেধি, মৌচুমী শৰ্মা বৰুৱা, অনুপমা ডেকা, পল্লৱী বৰা, দৰ্শনা বৰুৱাৰ লগতে বহুসংখ্যক বিশিষ্ট ব্যক্তিক লেখিকাই সম্বৰ্ধনা জনায়।
No comments:
Post a Comment