শুকুৰবাৰে মুক্তি পাব অসমীয়া ছবি 'একলব্য' - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Thursday, 6 January 2022

শুকুৰবাৰে মুক্তি পাব অসমীয়া ছবি 'একলব্য'

 





W7s News ষ্টাফৰিপোর্টাৰ :  প্ৰেম, থ্ৰীল, কোমেডিৰ সমহাৰেৰে কাইলৈ ৰাজ্যৰ ৩১ টা ছবিগৃহত মুক্তি লাভ কৰিব বিনোদন ধৰ্মী অসমীয়া ছবি 'একলব্য'ই। মহাকাব্যিক চৰিত্ৰ একলব্যৰ আদৰ্শ আৰু বাস্তৱধৰ্মী কাহিনীৰ সংমিশ্ৰণেৰে নিৰ্মান হোৱা ছবিখনে মুক্তি লাভ কৰিব ৰাজ্যৰ প্ৰায় প্ৰতিটো ছবিগৃহতে। ৰিভান প্ৰডাকচনৰ বেনাৰত আলফ্ৰেডৰ দ্বাৰা পৰিচালিত ছবিখনৰ কাহিনীত সংযোজিত নৱ ৰসে আমোদ দিব দৰ্শকক। নতুন আৰু অভিজ্ঞ শিল্পী-কলা কুশলীৰে নিৰ্মিত ছবিখনত অনন্য মাত্ৰা প্ৰদান কৰিছে অভিনয় শিল্পী সকলৰ সাৱলীল অভিনয়, অভিনৱ কাৰিকৰী কলা- কৌশল, উচ্চ মানদণ্ডৰ সংগীত-শব্দৰ সমাহাৰে। এজন সপোন পিয়াসী যুৱকৰ জীৱনৰ ঘাট-প্ৰতিঘাট, ন্যায় প্ৰতিস্থাৰ সংগ্ৰামত একক আৰু অনন্য ধৰণে ৰূপালী পৰ্দাত তুলি ধৰিব ছবিখনে।

ছবি খনত মুখ্য চৰিত্ৰত অভিনয় কৰিছে কমল লোচন,ৰূপচন্দা শৰ্মা,হিমাংশু গগৈ, অতনু মহন্ত, কৰিশ্মা পূজাৰী, মুকুত নাথ,চিন্ময় কটকী, মালা গোস্বামী আৰু অৰুণ নাথ, শিশু শিল্পী আৰন্যক গোস্বামী,তানিষ্ঠা শৰ্মা,জিহান আদি।লগতে অতিথি শিল্পী হিচাপে অভিনয় কৰিছে মিন্তু বৰুৱা, অপৰ্ণা দত্ত চৌধুৰী,পাপৰি শইকীয়া,নৰ্মদা দাস।

ছবি খনৰ চিত্ৰ গ্ৰহণ কৰিছে আশুতোষ কাশ্যপ,সম্পাদনা কৰিছে ধীৰাজ মজুমদাৰ।সংগীত পৰিচালক অৰূপজ্যোতি বৰুৱা।ছবি খনৰ গীতত কণ্ঠদান কৰিছে জুবিন গাৰ্গ,অৰূপজ্যোতি বৰুৱা,কাইচি, দিপলিনা ডেকা। গীতত কোৰিঅ'গ্ৰাফী কৰিছে শচীন বৰুৱাই।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here