ৰাজ্যত ঘোষণা নতুন এছ অ’ পি - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Friday, 7 January 2022

ৰাজ্যত ঘোষণা নতুন এছ অ’ পি

 


নতুন এছ অ’ পি শনিবাৰে পুৱা ৬ বজাৰ পৰা কাৰ্যকৰী হ’ব

 




W7s news নিউজ ডেস্ক :ৰাজ্যত ঘোষণা কৰা হ'ল নতুন এছ অ’ পি।

নতুন এছ অ’ পি শনিবাৰে পুৱা ৬ বজাৰ পৰা কাৰ্যকৰী হ’ব। নিশা ১০ বজাৰ পৰা সন্ধ্য আইন।নিশা ১০ বজাৰ পৰা পুৱা ৬ বজালৈ বাহাল থাকিব কাৰ্ফিউ।

নিশা ৯-৩০ বজাৰ লগে লগে সম্পূৰ্ণ ৰূপে বন্ধ কৰিব লাগিব ব্যৱসায়িক প্ৰতিষ্ঠান।

ৰেষ্টুৰেণ্ট আৰু হোটেলসমূহ ৫০ শতাংশ গ্ৰাহকৰ উপস্থিতিৰে মুকলি কৰিব পাৰিব।

ৰেষ্টুৰেণ্ট, ধাবা আদিৰ পৰা খাদ্য সামগ্ৰী ১০ বজা পৰ্যন্ত লৈ যাব পাৰিব।

শ্ব’ৰুম সমূহ ৯ বজালৈকে খুলিব পাৰিব।


শিক্ষানুষ্ঠান


কামৰূপ মহানগৰ জিলাত অষ্টম শ্ৰেণীলৈকে সকলো শিক্ষানুষ্ঠান বন্ধ থাকিব।

অন্যান্য জিলাত পঞ্চম শ্ৰেণীলৈকে সকলো শ্ৰেণীৰে পাঠদান বন্ধ থাকিব।

অফলাইন পাঠদান বন্ধ থাকিব।

বিদ্যালয়, কলেজ, বিশ্ববিদ্যালয় আদিৰ পাঠদান অনলাইন মাধ্যমেৰে সম্পন্ন কৰাৰ নিৰ্দেশ।


যান-বাহনৰ ক্ষেত্ৰত


যান-বাহনৰ ক্ষেত্ৰত সকলোৱে কোভিড প্ৰ’টকল মানি চলিব লাগিব।

সকলো বাহনতে ১০০ শতাংশ যাত্ৰীয়ে ভ্ৰমণ কৰিব পাৰিব।অৱশ্যে সকলোৱে অতি কমেও এটা ভেকচিন গ্ৰহণ কৰিব লাগিব।

বাইক, স্কুটি আদিত দুজন লোক উঠিব পাৰিব।অৱশ্যে দুয়োৱে ভেকচিন গ্ৰহণ কৰিব লাগিব।

কোনো বাহনতে থিয় কৰি যাত্ৰী কঢ়িয়াব নোৱাৰিব।

কোনো বাহনতে যাত্ৰী থিয় হৈ গ’লে চালকৰ অনুজ্ঞাপত্ৰ বাতিল কৰাৰ লগতে বাহনৰ পঞ্জীয়ন বাতিল কৰা হ’ব।


বজাৰ,চিনেমা হল,ৰাজহুৱা স্থান


সপ্তাহিক বজাৰ ৬ ঘণ্টাতকৈ অধিক সময় খুলিব নোৱাৰিব।

চিনেমা হল আদি ৫০ শতাংশ দৰ্শকৰ উপস্থিতিৰে খুলিব পাৰিব।

ৰাজহুৱা স্থানত মাস্ক পৰিধান কৰাটো বাধ্যতামূলক।

ৰাজহুৱা স্থানত ভেকচিন গ্ৰহণ নকৰা লোকক ১০০০ টকাৰ জৰিমনা বিহা হ’ব।

ভেকচিন গ্ৰহণ নকৰা লোক ১৫ জানুৱাৰীৰ পাছত ৰাজহুৱা স্থানত উপস্থিত থাকিব নোৱাৰিব।

সকলোৱে সম্পূৰ্ণৰূপে ভেকচিন গ্ৰহণ কৰাৰ প্ৰমাণ লগত ৰাখিব লাগিব।


চৰকাৰী আৰু বেচৰকাৰী কাৰ্যালয়


চৰকাৰী আৰু বেচৰকাৰী কাৰ্যালয়সমূহ পূৰ্বৰ দৰেই সময়মতেই খুলি থাকিব।

সকলো চৰকাৰী কৰ্মচাৰীয়ে সম্পূৰ্ণৰূপে ভেকচিন গ্ৰহণ কৰিব লাগিব আৰু সময়মতেই কাৰ্যালয়ত উপস্থিত থাকিব লাগিব।

যিসকল কৰ্মচাৰীয়ে সম্পূৰ্ণৰূপে ভেকচিন গ্ৰহণ কৰা নাই তেওঁলোকে কাৰ্যালয়ত উপস্থিত থাকিব নোৱাৰিব।

কাৰ্যালয়ত উপস্থিত নথকা কৰ্মচাৰীয়ে ছুটী ল’ব লাগিব।যিসকলে ছুটী ল’ব নোৱাৰে তেওঁলোকৰ দৰমহা কৰ্তন কৰা হ’ব।


সভা, সমিতি,বিবাহ আৰু ধৰ্মীয় অনুষ্ঠান,শেষকৃত্য অনুষ্ঠান


সকলো স্থানতে ৫০ শতাংশ লোকৰ উপস্থিতিত সভা,সমিতি আদি অনুষ্ঠিত কৰিব পাৰিব।

অডিটৰিয়াম, হল আদিত ২০০ সৰ্বাধিক ২০০ লোকহে উপস্থিত থাকিব পাৰিব।

সকলো জিলাৰ দুৰ্যোগ প্ৰশমন বিভাগে মুকলি আৰু বন্ধ স্থানত অনুষ্ঠিত সভাত কিমান লোক উপস্থিত থাকিব সেই সম্পৰ্কে সিদ্ধান্ত ল’ব পাৰিব।

বিবাহ আৰু ধৰ্মীয় অনুষ্ঠানত ২০০ তকৈ অধিক লোক উপস্থিত থাকিব নোৱাৰিব।

সম্পূৰ্ণ ভেকচিন গ্ৰহণ কৰা সৰ্বাধিক ৬০ গৰাকী লোক মুখ্য ধৰ্মীয় অনুষ্ঠানত উপস্থিত থাকিব পাৰিব।

অন্যান্য ধৰ্মীয় অনুষ্ঠানত ৪০ জনতৈ অধিক লোক উপস্থিত থাকিব নোৱাৰিব।

শেষকৃত্য অনুষ্ঠানত ১০০ ত কৈ অধিক লোকে অংশগ্ৰহণ কৰিব নোৱাৰিব।


ক'ভিড চিকিৎসা সন্দৰ্ভত


এতিয়াৰে পৰা ক'ভিড চিকিৎসা বিনামূলীয়া নহ’ব।

বি পি এল সকলৰ বাবে অৱশ্য এই চিকিৎসা বিনামূলীয়া হ’ব।

জৰুৰী অৱস্থাত কোভিড পজিটিভ হৈ চিকিৎসাধীন হ’লেও বিনামূলীয়া হ’ব চিকিৎসা।


কণ্টেইনমেণ্ট জ’নৰ  সন্দৰ্ভত


কোনো এটা অঞ্চলত যদি ৭ দিনত কোভিড আক্ৰান্তৰ সংখ্যা ১০ জনতকৈ বৃদ্ধি পাই তেনেহ’লে সেই অঞ্চলটোক সম্পূৰ্ণ কণ্টেইনমেণ্ট জ’ন ঘোষণা কৰা হ’ব।

কণ্টেইনমেণ্ট জ’নত অৱশ্যে সকলো ধৰণৰ অত্যৱশ্যকীয় সেৱা অব্যাহত থাকিব।কণ্টেইনমেণ্ট জ’নত গেলা মালৰ দোকান, ফল-মূলৰ দোকান, শাক-পাচলিৰ দোকান খুলিব পাৰিব।

অত্যাৱশ্যকীয় সামগ্ৰীৰ লগতে খাদ্য,ঔষধ, চিকিৎসা সামগ্ৰী ই-কমাৰ্চৰ ব্যৱস্থা অব্যাহত থাকিব।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here