অসমৰ দুগৰাকী বিশিষ্ট ব্যক্তিলৈ পদ্মশ্ৰী সন্মান - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Tuesday 25 January 2022

অসমৰ দুগৰাকী বিশিষ্ট ব্যক্তিলৈ পদ্মশ্ৰী সন্মান

 




W7s News নিউজ ডেস্ক: কেন্দ্ৰীয় চৰকাৰে মঙলবাৰে ২০২২ বৰ্ষৰ পদ্ম বঁটা বিজয়ী সকলৰ নাম ঘোষণা কৰে।  অসমৰ প্ৰবীণ গান্ধীবাদী নেত্ৰী শকুন্তলা চৌধুৰী আৰু বিশিষ্ট সাহিত্যিক ধনেশ্বৰ ইংতিলৈ পদ্মশ্ৰী সন্মান আগবঢ়োৱা হৈছে।সামাজিক ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে ১০২ বছৰীয়া শকুন্তলা চৌধুৰীক পদ্মশ্ৰী সন্মানৰ বাবে বাছনি কৰা হৈছে।আনহাতে, সাহিত্যলৈ আগবঢ়োৱা অৱদানৰ বাবে ধনেশ্বৰ ইংতিয়ে এই সন্মান আগবঢ়োৱা হৈছে। দেশৰ ৭৩ সংখ্যক গণৰাজ্য দিবসৰ প্ৰাক ক্ষণতপ্ৰকাশিত তালিকা অনুসৰি উত্তৰ পূৰ্বাঞ্চলৰ ৬ গৰাকী ব্যক্তিলৈ পদ্মশ্ৰী সন্মান আগবঢ়োৱা হৈছে। তদুপৰি ৪ গৰাকী ব্যক্তিক পদ্ম বিভূষণ, ১৭ গৰাকীক পদ্ম ভূষণ আৰু ১০৭ গৰাকী ব্যক্তিক পদ্মশ্ৰী সন্মান প্ৰদান কৰা হ’ব। তদুপৰি বিগত বৰ্ষৰ শেষৰ ফালে হেলিকপ্টাৰ দুৰ্ঘটনাত নিহত হোৱা ভাৰতৰ চীফ অৱ ডিফেঞ্চ ষ্টাফ বিপিন ৰাৱটক মৰণোত্তৰভাৱে পদ্ম বিভূষণ সন্মানেৰে সন্মানিত কৰা হ’ব। এই খবৰে দেশবাসীক উৎফুল্লিত কৰি তুলিছে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here