গুৱাহাটী প্ৰেছ ক্লাৱত 'সীমাৰ পৰিধি ভাঙি' শীর্ষক গীতৰ ভিডিঅ' মুকলি - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Tuesday 25 January 2022

গুৱাহাটী প্ৰেছ ক্লাৱত 'সীমাৰ পৰিধি ভাঙি' শীর্ষক গীতৰ ভিডিঅ' মুকলি

 





W7s news ষ্টাফৰিপোর্টাৰ: গুৱাহাটী প্ৰেছ ক্লাবত মঙলবাৰে চেন্ট্ৰেল বৰ্ড অৱ ফিল্ম চাৰ্টিফিকেচনৰ আঞ্চলিক বিষয়া ৰাজীব লোচন বৰঠাকুৰে 

 জাহ্নৱী গোস্বামী ভাগৱতীৰ কণ্ঠত প্ৰাণ পাই উঠা "সপোনৰ পৰিধি ফালি" শীৰ্ষক গীতৰ ভিডিঅ' মুকলি কৰে। পাৰিবাৰিক জীৱন যাত্ৰা অব্যাহত ৰাখিও, হেৰোৱা সপোনবোৰ পূৰোৱাৰ মানসেৰে এইগৰাকী পঞ্চাশোৰ্দ্ধ মহিলাই নিজৰ প্ৰচেষ্টাত এই ভিডিঅ' সংগীতটো শ্ৰোতা ৰাইজৰ মাজলৈ আগবঢ়াই দিয়ে।

গীতটো মুকলি অনুষ্ঠানত বহুকেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে। গীতৰ ভিডিঅ'টো মুকলি কৰি

চেন্ট্ৰেল বৰ্ড অৱ ফিল্ম চাৰ্টিফিকেচনৰ আঞ্চলিক বিষয়া ৰাজীৱ বৰঠাকুৰে কয়, "অনাগত দিনটো জাহ্নৱী ভাগৱতী য়ে এনে ধৰণৰ গীত অসমবাসী ৰাইজলৈ আগবঢ়াই যাব বুলি আশা কৰিছোঁ। তেওঁৰ উৎসাহ, মনৰ দৃঢ়তা দেখি অভিভূত হৈছোঁ।অভিজ্ঞতাই  মানুহক আৰু অধিক বলিষ্ঠ কৰে। তেওঁলৈ অশেষ শুভ কামনা থাকিল। অসমবাসীয়ে গীতটো আঁকোৱালি ল’ব বুলি আশা প্ৰকাশ কৰিলোঁ। গীতটি সুৱলা হৈছে। গীতটিৰ কথা-সুৰ সুন্দৰ।"গীতটো সম্পৰ্কে কিছু বক্তব্য ৰাখে কণ্ঠশিল্পী জাহ্নৱী ভাগৱতীয়ে। জাহ্নৱী গোস্বামী ভাগৱতীৰ কণ্ঠত বানীবদ্ধ হোৱা গীতটোৰ কথা -সুৰ বিকাশ পাটৰৰ, সংগীত ব্যৱস্থাপনা চন্দন মহন্তৰ, তবলা ৰাজা বৰুৱা, বাঁহী প্ৰদীপ বৰা আৰু সম্পূৰ্ণ কাৰিকৰী ব্যৱস্থাপনা কন্যা আকাংক্ষা আৰু পুত্ৰ অৰ্ণৱ ভাগৱতীৰ । কণ্ঠশিল্পী জাহ্নৱী ভাগৱতীৰ কন্যা আকাংক্ষা ভাগৱতীয়ে আঁতধৰা অনুষ্ঠনত গীতটো  কথা -সুৰৰে সজোৱা বিকাশ পাটৰ, সংগীত ব্যৱস্থাপনা কৰা চন্দন মহন্ত উপস্থিত থাকি চমু বক্তব্য আগবঢ়ায়। উল্লেখ্য, জলিউদ নাওৰ দ্বাৰা গীতটোৰ অডিঅ'আৰু ভিডিঅ' অন্যান্য মাধ্যম সমূহলৈ প্ৰেৰণ কৰাৰ ব্যৱস্থা কৰা হ'ব।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here