W7s News ষ্টাফৰিপোর্টাৰ : সদৌ অসম সুভাষ চন্দ্ৰ বসু উদযাপন সমিতিৰ উদ্যোগত নেতাজী চ'ক পল্টন বজাৰত দেওবাৰ নেতাজী সুভাষ চন্দ্ৰ বসুৰ বৰ্ণাঢ্য কাৰ্যসূচীৰে ১২৬ সংখ্যক জন্মজয়ন্তীৰ অনুষ্ঠান অনুষ্ঠিত কৰা হয়৷ অনুষ্ঠানৰ আৰম্ভণিতে পদ্মশ্ৰী বঁটা প্ৰাপক তথা প্ৰাক্তন বিধায়ক অজয় দত্তই পল্টন বজাৰৰ নেতাজী চ'কত থকা নেতাজীৰ প্ৰতিমূৰ্ত্তিত বন্তি প্ৰজ্বালন তথা মাল্যাৰ্পণ কৰাৰ লগতে ভাৰতীয় জাতীয় পাতাকা উত্তোলন কৰে৷ ইয়াৰ পাছতে দেশপ্ৰেমমূলক বিভিন্ন সাংস্কৃতিক কৰ্যসূচী অনুষ্ঠিত কৰাৰ লগতে বিভিন্ন বিদ্যালয়ৰ মাজত দেশপ্ৰেমমূলক দলীয় নৃত্য তথা গীতৰ প্ৰতিযোগিতাও অনুষ্ঠিত কৰা হয়৷ এই প্ৰতিযোগিতাত দলীয় নৃত্যৰ প্ৰতিযোগিতাত নীলাচল জাতীয় বিদ্যালয়ৰ দলে দ্বিতীয় স্থান আৰু দলীয় গীতৰ প্ৰতিযোগিতাত তৃতীয় স্থান লাভ কৰিবলৈ সক্ষম হয়৷ এই অনুষ্ঠানৰ লগত সংগীত ৰাখি অনুষ্ঠিত মুকলি সভাত অসম চৰকাৰৰ কৃষিমন্ত্ৰী অতুল বৰা আৰু মীন আৰু গড়কাপ্তানি বিভাগৰ মন্ত্ৰী পৰিমল শুক্লবৈদ উপস্থিত থাকে৷ অনুষ্ঠানত সমাজৰ বিভিন্ন ক্ষেত্ৰত বৰঙনি আগবঢ়োৱা কেইবাগৰাকীও ব্যক্তিক মানপত্ৰ প্ৰদানেৰে বিশেষ ভাৱে সম্বৰ্ধনা জনোৱা হয়৷
No comments:
Post a Comment