W7s News ষ্টাফৰিপোর্টাৰ : গুৱাহাটীৰ আটাইতকৈ পুৰণি আৰু প্ৰতিষ্ঠিত আগশাৰীৰ ইলেক্ট্ৰনিক্স ব্যৱসায় প্ৰতিষ্ঠান গৌৰৱ ইলেক্ট্ৰনিক্সে গুৱাহাটীৰ কালাপাহাৰ পাহাৰতোলী অঞ্চলত অৱস্থিত এছ বি আইৰ ওচৰৰ প্ৰতিমা ভিলাত এটা নতুন মাল্টিব্ৰেণ্ড মোবাইল শ্ব'ৰুম মুকলি কৰে। গৌৰৱ ইলেক্ট্ৰনিকছৰ নতুন শ্ব'ৰুমটো প্ৰবীণ সমাজকৰ্মী বিদ্যা দেৱী শ্বাহ আৰু বিমলা দেৱী চিকাৰিয়াই যুটীয়াভাৱে বন্তি প্ৰজ্বলন কৰি উদ্বোধন কৰে। এই উপলক্ষে শ্ব'ৰুমৰ মুৰব্বী প্ৰেম প্ৰকাশ শ্বাহ আৰু কুমাৰ গৌৰৱ অন্যান্য বিশিষ্ট ব্যক্তিসকলৰ সৈতে উপস্থিত আছিল। উদ্বোধনী অনুষ্ঠানত শ্বাহে কয় 'গৌৰৱ ইলেক্ট্ৰনিকছৰ এই নতুন শ্ব'ৰুমত সকলো কোম্পানীৰ মোবাইল ফোন আৰু সম্পৰ্কিত আনুষঙ্গিক সামগ্ৰী গ্ৰাহকসকলৰ বাবে উপলব্ধ হ'ব। ইয়াৰ ভিতৰত আছে ৰিয়েলমি, জিয়াওমি, ভিভ', চেমচাং, অপ্পো, ৱান প্লাছ, টেকনো, নকিয়া, প'ক', আই টেল, লাভা ইত্যাদি। একে সময়তে, ম'বাইলৰ সৈতে সম্পৰ্কিত ৰিয়েলমি, জিয়াওমি, ভিভ', চেমচাং, বোট আদি কোম্পানীৰ আনুষঙ্গিক সামগ্ৰীও উপলব্ধ হ'ব। এই উপলক্ষে কুমাৰ গৌৰৱে কয় যে উদ্বোধন উপলক্ষে গ্ৰাহকসকলক তেওঁলোকৰ শ্ব'ৰুমত ৩১ জানুৱাৰীলৈকে বিশেষ অফাৰ প্ৰদান কৰা হৈছে। তেওঁ কয় '১০,০০০ টকালৈকে মোবাইল ফোন ক্ৰয় কৰাৰ ক্ষেত্ৰত গ্ৰাহকসকলে বিনামূলীয়াকৈ এটা ইয়াৰফোন লাভ কৰিব। আনহাতে, ১০,০০০ টকাৰ অধিক মোবাইল ফোন ক্ৰয়ৰ সৈতে গ্ৰাহকে ব্লুটুথ ইয়াৰফোন সম্পূৰ্ণ বিনামূলীয়াকৈ পাব।* তেওঁ লগতে কয় যে গৌৰৱ ইলেক্ট্ৰনিকছৰ এই নতুন শ্ব'ৰুমটো মুকলি হোৱাৰ লগে লগে মোবাইল সম্পৰ্কীয় প্ৰতিটো সামগ্ৰী গ্ৰাহকসকলৰ বাবে যুক্তিসঙ্গত হাৰত ইয়াত উপলব্ধ হ'ব।'
No comments:
Post a Comment