জননেতা শৰৎ চন্দ্ৰ সিংহদেৱৰ ১৬ সংখ্যক মহাপ্রয়াণ দিন উলহ-মালেহেৰ উদযাপন - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Saturday, 25 December 2021

জননেতা শৰৎ চন্দ্ৰ সিংহদেৱৰ ১৬ সংখ্যক মহাপ্রয়াণ দিন উলহ-মালেহেৰ উদযাপন

 



W7s News ষ্টাফৰিপোর্টাৰ: জননেতা শৰৎ চন্দ্ৰ সিংহদেৱৰ ১৬ সংখ্যক মহাপ্রয়াণ দিন শনিবাৰে মহানগৰীৰ ৰেলৱে ক'লনী বামুনীমৈদামস্থিত ওজা হেমচন্দ্ৰ বৰুৱা বিদ্যামন্দিৰত উলহ-মালহেৰে উদযাপন কৰা হয়। পুৱা এই মহান কাৰ্যসূচীত জননেতাগৰাকীৰ প্ৰতিচ্ছবিত শ্রদ্ধাঞ্জলি তৰ্পন আৰু বন্তি প্ৰজ্বলন কৰা হয়। বস্তি প্ৰজ্বলন কৰে বিশিষ্ট সমাজকর্মী দ্বিজেন ভট্টাচার্যই। ইয়াৰ পিছতে বৃক্ষৰোপণ কাৰ্যসূচী অনুষ্ঠিত হয়। বিদ্যামন্দিৰ প্ৰাংগনত চাৰিজোপাকৈ বৃক্ষ ৰোপন কৰে ক্ৰমে বলোৰাম কলিতা, পৰেশ বৰুৱা, দীপক দাস আৰু আয়ুব খানে। পুৱা ১০ বজাত অনুষ্ঠিত হয় চিত্রাংকণ প্রতিযোগিতা। চিত্রাংকণ প্ৰতিযোগিতা উদ্বোধন কৰে প্ৰাক্তন সাংসদ তথা বিশিষ্ট সমাজসেৱক বলিন কুলিয়ে। এই চিত্রাংকণ প্রতিযোগিতাৰ ‘ক’ শাখাত প্ৰথম শ্ৰেণীৰ পৰা চতুর্থ শ্ৰেণীলৈ, ‘খ’ শাখাত পঞ্চম শ্রেণীৰ পৰা অষ্টম শ্রেণীলৈ, ‘গ’শাখাত নৱম শ্রেণীৰ পৰা দ্বাদশ শ্রেণীলৈ তিনিটা শাখাত প্রতিযোগিতা অনুষ্ঠিত হয়। দুই শতাধিক শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰা এই প্রতিযোগিতাত 'ক' শাখাত প্রথম স্থান অধিকাৰ কৰে বাস্তৱ দাস, চতুর্থ শ্রেণী.. দ্বিতীয় স্থান লাভ কৰে ধৃতিশিথা শৰ্মা, তৃতীয় শ্রেণী তৃতীয় স্থান অধিকাৰ কৰে নাছিউদ্দিন সেখ, চতুর্থ শ্রেণী। খ শাখাত প্রথম স্থান অধিকাৰ কৰে শ্ৰেয়াশ্ৰী চৌধুৰী, ষষ্ঠ শ্রেণী,, দ্বিতীয় স্থান অধিকাৰ কৰে দীক্ষিতা কাশ্যপ, অষ্টম শ্রেণী,, তৃতীয় স্থান লাভ কৰে শুভাংকৰ দত্ত, সপ্তম শ্রেণী। গ শাখাত প্রথম স্থান অধিকাৰ কৰে চিন্ময় কলিতা, একাদশ শ্ৰেণী.. দ্বিতীয় স্থান অধিকাৰ কৰে পাহী ৰাজবংশী, একাদশ শ্রেণী, তৃতীয় স্থান লাভ কৰে দীপাংকৰ সৰকাৰ, একাদশ শ্রেণী। চিত্রাংকণ প্রতিযোগিতাখন পৰিচালনা কৰে মজনুল হুছেইন, দীপক দাসে। মুকলি সভা তথা বতা বিতৰণী সভাত সভাপতিত্ব কৰে জ্যেষ্ঠ অধিবক্তা তথা এন চি পি, অসম ৰাজ্যিক সমিতিৰ কাৰ্যকৰী সভাপতি শ কৃষ্ণকান্ত মহন্তই। নির্দিষ্ট বক্তাৰূপে উপস্থিত থাকি সাৰগর্ভ ভাষণ আগবঢ়াই অদীপ কুমাৰ ফুকনে। এন চি পিৰ ৰাজ্যিক সাধাৰণ সম্পাদক তথা বিশিষ্ট লেখক হৃদয়ানন্দ গগৈ আৰু অৱসৰপ্ৰাপ্ত শিক্ষক খগেন দাসে শৰৎ সিংহৰ জীৱন দৰ্শনৰ ওপৰত সাৰুৱা ভাষণেৰে উদ্বুদ্ধ কৰে। সভাৰ আঁত ধৰে শৰৎ চন্দ্ৰ সিংহ ন্যাস তথা এন চি পিৰ সাধাৰণ সম্পাদক সম্পাদক পৰেশ বৰুৱাই জনায়।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here