ভাৰতৰত্ন অটল বিহাৰী বাজপেয়ীৰ বলিষ্ঠ নেতৃত্ব আৰু আপুৰুগীয়া অৱদানৰ বাবেই ভাৰতীয় জনতা পার্টি আজি এক বটবৃক্ষত পৰিণত হৈছে: ভবেশ কলিতা
W7s News ষ্টাফৰিপোর্টাৰ: ভাৰতীয় জনতা পার্টিৰ প্রতিষ্ঠাপক সভাপতি তথ্য প্রাক্তন প্রধানমন্ত্রী ভাৰতৰত্ন অটল বিহাৰী বাজপেয়ীৰ জন্মদিনৰ লগত সংগতি ৰাখি শণিবাৰে সমগ্ৰ দেশৰ লগতে অসমতো “সু-শাসন" দিৱস উদযাপন কৰা হয়। ৰাজ্যিক বিজেপিৰ উদ্যোগত গুৱাহাটীৰ দীঘলীপুখুৰী পাৰত বিজেপি অসম প্ৰদেশৰ সভাপতি ভৱেশ কলিতা, মুখ্যমন্ত্রী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ লগতে ৰাজ্যিক বিষয়ববীয়াৰ উপস্থিতিত দিনজেৰা কাৰ্যসূচীৰে সু-শাসন দিৱসব আয়োজন কৰা হয়। অনুষ্ঠানত ভাষণ প্রদান কৰি ৰাজ্যিক সভাপতি ভৱেশ কলিতাই কয় 'অটল বিহাৰী বাজপেয়ীৰ বলিষ্ঠ নেতৃত্ব আৰু আপুৰুগীয়া অৱদানৰ বাবেই ভাৰতীয় জনতা পার্টি আজি এক বটবৃক্ষলৈ পৰিণত হৈছে তথা সমগ্ৰ বিশ্বৰ সৰ্ববৃহৎ ৰাজনৈতিক দল হিচাপে স্বীকৃতি পাবলৈ সক্ষম হৈছে। প্রাক্তন প্রধানমন্ত্রী, স্বপ্নদ্রষ্টা বাজপেয়ীৰ ভাৰতবাসীলৈ যি মহান অৱদান আগবঢ়াই থৈ গৈছে তাক প্ৰতিজন ভাৰতীয়ই চিৰদিন সজীৱ কৰি ৰাখিব। বাজপেয়ীৰ দৰে হিমালয় সদৃঢ় উচ্চ চিন্তা, সাগৰ সদৃঢ় বহুল মনৰ নেতা বিশ্ববৰেণ্য নেতা হয়তু পুনৰাই সৃষ্টি নহ'ব। এই মহান নেতা জনৰ আকৰ্ষণীয় ব্যক্তিত্বই সংসদৰ ভিতৰে বাহিৰে সকলো বিৰোধীকে সম্মোহিত কৰি ৰাখিছিল। এনে এজন বৰেণ্যে ব্যক্তিৰ আদৰ্শৰে অনুপ্রাণিত হৈ সমাজৰ বাবে কাম কৰিবলৈ পোৱাটো পৰম সৌভাগ্য। ভাৰতবৰ্ষৰ ইতিহাসত প্রধানমন্ত্রী হিচাপে অটল বিহাৰী বাজপেয়ী আন সকলতকৈ পৃথক আৰু সফল আছিল। বাজপেয়ী প্রধানমন্ত্রী হিচাপে কার্যকাল গ্রহণ কৰি থকা অৱস্থাত “সর্বশিক্ষা", "প্রধানমন্ত্রী গ্রাম্য চড়ক যোজনা” আদিৰ দৰে জনহিতৈষী আঁচনিৰ সৃষ্টি কৰি সমাজৰ নিম্ন শ্রেণীৰ জনসাধাৰণৰ প্ৰকৃত উন্নয়নৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰিছিল।অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি মুখ্যমন্ত্রী ডঃ হিমন্ত বিশ্ব শমাই বাজপেয়ীৰ জীৱন আৰু মহান কর্মপদ্ধতিৰ ওপৰত বিস্তৃতভাবে আলোকপাত কৰাৰ লগতে দলৰ কাৰ্যকতা সকলক তেওঁৰ আদৰ্শৰে বাট বুটলিবলৈ আহ্বান জনায়। ভাষণ প্রসংগত শমহি কয় 'প্রয়াত অটল বিহাৰী বাজপেয়ীয়ে অসমক সদায় এক বিশেষ দৃষ্টিৰে চাইছিল।প্রধানমন্ত্রী হিচাপে থকা সময়ছোৱাত তেওঁ অসম তথা সমগ্র উত্তৰ-পূর্বাঞ্চলৰ হকে দায়বদ্ধ সহকাৰে কাম কৰি যোৱা পৰিলক্ষিত হৈছিল। তেওঁৰ প্ৰধানমন্ত্রীত্বৰ কালছোৱাতেই অসমৰ প্ৰথমগৰাকী মুখ্যমন্ত্রী গোপীনাথ বৰদলৈক মৰোনোত্তৰভাৱে দেশৰ সর্ববৃহৎ অসামৰিক সম্মান 'ভাৰতৰা' প্ৰদান কৰা হৈছিল। প্রয়াত প্রধানমন্ত্ৰী গৰাকীয়ে মূল্যবোধৰ ৰাজনীতিৰ যোগেদি সমাজৰ শেষৰ গৰাকী ব্যক্তিলৈকে সেৱা আগবঢ়োৱাৰ যি পন লৈছিল তাক ভাৰতীয় জনতা পার্টিৰ প্রতিজন কার্যকর্তাই আগুৱাই নিব লাগিব বুলি ডঃ শমহি বক্তব্যত উল্লেখ কৰে। অটল বিহাৰী বাজপেয়ীদেরক শ্রদ্ধাগুলি জন্যেৱাৰ উদ্দেশ্য ওৱাহাটীৰ মাজমজিয়াত তেওঁৰ এটা সুবিশাল প্রতিমূর্তি নির্মাণ কৰা হ'ব বুলিও আজিৰ সভাত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সদৰী কৰে। উক্ত অনুষ্ঠানত লোকসভা সমষ্টিৰ সাংসদ কইন ওজা, পূর্ব গুৱাহাটীৰ বিধায়ক সিদ্ধার্থ ভট্টাচার্য, মুখ্যমন্ত্ৰী ৰাজনৈতিক সচিব জয়ন্ত মল্ল বৰুৱা, গুৱাহাটীৰ মহানগৰ জিলা সমিতির সভাপতি মৃগেল শৰণীয়াই প্রয়াত বাজপেয়ীদেৱৰ জীৱনৰ ওপৰত আলোকপাত কৰি বক্তব্য প্ৰদান কৰে। উক্ত অনুষ্ঠানৰ লগত সংগতি ৰাখি ভাৰতীয় জনতা যুব মৰ্চাৰ সভাপতি সিদ্ধাংকু অংকুৰ বৰুৱাৰ নেতৃত্বত মহানগৰীত সহস্রাধিক যুব কার্যকর্তাই মটৰ চাইকেল ৰেলী কার্যমুচী গ্রহণ কৰে। দিনজোৰা কাৰ্যসূচীৰে আয়োজন হোৱা উক্ত অনুষ্ঠানত প্রয়াত প্রধানমন্ত্রী গৰাকীৰ সোঁৱৰণত চিত্রাংকন; কবিতা পাঠ আদি প্ৰতিযোগিতা অনুষ্ঠিত হোৱাৰ লগতে সন্ধিয়া ৩০০০ ৰো অধিক বন্তি প্ৰজ্বলন করা হয়। আনহাতে ৰাজ্যিক বিজেপিৰ হেঙেৰাবাৰীস্থিত মুখ্য কাৰ্যালয়ত দলৰ উপ সভাপতি অজয় কোঁৱৰ, জোষ্ঠ নেতা ডঃ প্রদীপ ঠাকুৰীয়া, ৰাজ্যিক কার্যালয় সম্পাদক সুশান্ত বিশ্বাসৰ লগতে দলৰ কাৰ্যকৰ্তাৰ উপস্থিতিত বাপেয়ীৰ প্ৰতিচ্ছবিত মালাপণ কৰা হয়। একেদৰে ৰাজ্যিক বিজেপিৰ সহযোগ আৰু জিলা বিজেপিৰ উদ্যোগত আজিৰ সমগ্ৰ ৰাজাৰ ৪০০ টা মণ্ডলতে বাজ্যিক বিজেপিৰ বিষয়ববীয়া, দলৰ সাংসদ, মন্ত্রী, বিধায়ক, জিলা সভাপতি, প্রভাৰীসকলৰ উপস্থিতিত সুশাসন' দিবস উপলক্ষে বিভিন্ন কার্যসূচী আয়োজিত হৈ যায় বুলি দলৰ মুখপাত্র লক্ষ্য কোঁৱৰে এক প্ৰেছ বিবৃতিৰ যোগে সংবাদ মাধ্যমকে জানিবলৈ দিছে।
No comments:
Post a Comment