W7s News ষ্টাফৰিপোর্টাৰ : চুতীয়া যুৱ সন্মিলন, অসমৰ কেন্দ্ৰীয় অধিবেশনখন গুৱাহাটীৰ ঐতিহ্য ক্ষেত্ৰ সাংস্কৃতিক বিকাশ কেন্দ্ৰ (সাধনী ভৱনত) ২৩ জানুৱাৰীত অনুষ্ঠিত কৰা হ'ব। শনিবাৰে দিছপুৰ প্ৰেছ ক্লাৱত চুতীয়া যুৱ সন্মিলন, অসমৰ উদ্যোগত অনুষ্ঠিত এখন সংবাদ মেলত এই কথা সদৰী কৰে সন্মিলনৰ সাধাৰণ সম্পাদক নৃপেন খনিকৰে। তেওঁ লগতে কয় ' এই অধিবেশনত প্ৰতিনিধি সভা, মুকলি অধিবেশন আৰু বঁটা প্ৰদান অনুষ্ঠান অনুষ্ঠিত হ'ব। এই অধিবেশনত চুতীয়া জনগোষ্ঠীৰ চাৰিজন বৰেণ্য ব্যক্তি আৰু ৰাজ্যৰ সমাজ জীৱনলৈ বিশেষ বৰঙণি আগবঢ়োৱা দুজন বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা জনোৱা হ'ব। তেওঁ লগতে কয় 'চুতীয়া যুৱ সন্মিলন, অসমৰ কেন্দ্ৰীয় সমিতিত থাকি সংবিধান বিৰোধী কাম-কাজত জড়িত থকাৰ অভিযোগত সংগঠনটোৰ পৰা বহিস্কাৰ কৰা সীমান্ত শইকীয়া, শ্যামলজ্যোতি বৰা, অপূৰ্ব শইকীয়াই আমাৰ সংগঠনৰ নামৰ সংগঠন খুলিছে।সীমান্ত শইকীয়াই সভাপতি আৰু শ্যামলজ্যোতি বৰাই সম্পাদক দায়িত্ব নিজা ববীয়াকৈ লৈছে। সেইটো ভুৱা সংগঠন । তেওঁলোকক এই কাৰ্যকলাপৰ পৰা বিৰত থাকিবলৈ আমি সংবাদ মেল যোগে আহ্বান জনালোঁ। তেওঁলোকে সংবিধান বিৰুদ্ধ কাম কৰিছে যাৰ বাবে তেওঁলোকক বহিস্কাৰ কৰা হৈছে। আমাৰ সংগঠনক হেয় প্ৰতিপন্ন কৰাৰ প্ৰয়াস কৰিছে। ১৯৪৬ চনতে গঠন হোৱা চুতীয়া যুৱ সন্মিলন, অসমৰ দায়িত্বত বৰ্তমান আমি কাৰ্যনিৰ্বাহ কৰি আছোঁ। তেওঁলোকৰ ভুৱা অপপ্ৰচাৰৰ পৰা বিৰত থাকিবলৈ ৰাইজক আহ্বান জনালোঁ।' সংবাদ মেলত চুতীয়া যুৱ সন্মিলন, অসমৰ সভাপতি বিতোপন শইকীয়াৰ লগতে অন্যান্য বিষয় ববীয়া উপস্থিত থাকে।
No comments:
Post a Comment