পূৱ গুৱাহাটী শাখা লেখিকা সংস্থাৰ অষ্টম দ্বিবাৰ্ষিক অধিবেশন - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Sunday 12 December 2021

পূৱ গুৱাহাটী শাখা লেখিকা সংস্থাৰ অষ্টম দ্বিবাৰ্ষিক অধিবেশন

 




W7s News ষ্টাফৰিপোর্টাৰ: অসম লেখিকা সংস্থাৰ অন্তৰ্গত পূৱ গুৱাহাটী শাখা লেখিকা সংস্থাৰ অষ্টম দ্বি-বাৰ্ষিক অধিবেশনখন দেওবাৰে গুৱাহাটীৰ চানমাৰিস্থিত আৰ্টিষ্টছ গীল্ডৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হ'য়। এই অনুষ্ঠানত পুৱা ৯ বজাত পতাকা উত্তোলন কৰে পূৱ গুৱাহাটী শাখা লেখিকা সংস্থাৰ সভাপতি নমিতা দাসে।তাৰপাছত পুৱা  ৯.৩০ বজাত শ্বহীদ বেদীত স্মৃতি তৰ্পণ কৰে সংস্থাৰ উপদেষ্টা মনোৰমা দেৱীয়ে। শাখাৰ সদস্যসকলৰ দ্বাৰা পৰিবেশিত সমৱেত সংগীতেৰে সভাখন আৰম্ভ হয়। পূৱ গুৱাহাটী শাখা লেখিকা সংস্থাৰ সভাপতি নমিতা দাসৰ পৌৰোহিত্যত অনুষ্ঠিত হোৱা সভাখনৰ উদ্দেশ্য ব্যখ্যা কৰে পূৱ গুৱাহাটী শাখা লেখিকা সংস্থাৰ সম্পাদক গীতাঞ্জলি বৈশ্য নাথে। সভাখন উদ্বোধন কৰে অসম লেখিকা সংস্থাৰ কাৰ্যকৰী সভাপতি মৃদুলা শৰ্মাই। সভাত মুখ্য অতিথি হিচাপে অসম লেখিকা সংস্থাৰ সভাপতি মঞ্জুলা শৰ্মা 

ভট্টাচাৰ্য উপস্থিত থাকে। তেওঁ কয় ' নাৰী সকলে মানুহ গঢ়া সম্পদৰ খনিকৰ। ঘৰ খনৰ পৰাই সন্তানে প্ৰথম শিক্ষা লাভ কৰে। মাতৃ সকলে শিশুৰ পৰা বৃদ্ধলৈকে সকলোৰে যতন লয়। একবিংশ শতিকাত নাৰীয়ে অধিকাৰৰ বাবে আন্দোলন কৰিব লগীয়া হৈছে। তদুপৰি  ভাষাৰ মৃত্যুৰ সময় আহি পৰিছে। সেয়ে আমি অসমীয়া ভাষা ৰক্ষাৰ বাবে অভিযান আৰম্ভ কৰিব লাগিব।' সভাত মুখপত্ৰ 'পূৰ্বাঙ্গনা' উন্মোচন কৰে বিশিষ্ট লেখিকা, দিছপুৰ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ড০ নমিতা ডেকাই। সভাত ড০ জয়দেৱ শৰ্মাই 'অন্ধবিশ্বাস, কুসংস্কাৰ আৰু নাৰী সমাজ' বিষয়ক বক্তব্য আগবঢ়ায়। সভাত স্বপ্না বৰুৱাৰ কবিতা পুথি, হিৰণ্যময়ী বৰুৱাৰ উপন্যাস, দিপান্বিতা শৰ্মাৰ গল্প পুথি উন্মোচন কৰাৰ লগতে গীত  পৰিবেশন কৰা হ'য়। সভাখনত অসম লেখিকা সংস্থাৰ সম্পাদক নিৰু শৰ্মা পৰাজুলিৰ লগতে  সংস্থাৰ বহু সংখ্যক  বহু সংখ্যক সদস্য উপস্থিত থাকে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here