'কা' আন্দোলনৰ পঞ্চ শ্বহীদক শ্ৰদ্ধাঞ্জলি বিভিন্ন দল সংগঠনৰ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Sunday 12 December 2021

'কা' আন্দোলনৰ পঞ্চ শ্বহীদক শ্ৰদ্ধাঞ্জলি বিভিন্ন দল সংগঠনৰ

 







W7s News  ষ্টাফৰিপোর্টাৰ:'কা' আন্দোলনৰ পঞ্চ শ্বহীদক শ্ৰদ্ধাঞ্জলি বিভিন্ন দল সংগঠনে সোমবাৰে শ্ৰদ্ধাঞ্জলি জনায়।'কা' বিৰোধী সম্বন্ধয় সমিতি, অসমৰ উদ্যোগত দেওবাৰে গুৱাহাটীৰ লক্ষীধৰ বৰাক্ষেত্ৰত 'ছহিদ স্মৰণ আৰু সংকল্প দিৱস'ৰ আয়োজন কৰা হয়। অনুষ্ঠানৰ আৰম্ভণিতে গণশিল্পী হুমায়ুন চৌধুৰীয়ে গীত পৰিবেশন কৰে। তাৰপাছত শ্বহীদ বেদীত উপস্থিত বিশিষ্ট ব্যক্তি সকলে স্মৃতি তৰ্পন কৰে।' কা' কা' বিৰোধী সম্বন্ধয় সমিতি, অসমৰ মুখ্য সম্বন্বয়ক দেবেন তামুলিয়ে আঁতধৰা সভাখনত 'কা' বিৰোধী সম্বন্বয় সমিতি, অসমৰ সভাপতি ড০ হীৰেণ গোহাঁই, অধ্যাপক আব্দুল মান্নান, কংগ্ৰেছ নেতা মনজিত মহন্ত, চি পি আই নেতা মুনিন মহন্ত, চি পি আই এমৰ নেতা উদ্ধৱ ভৰালী, এন চি পিৰ নেতা হৃদয়ানন্দ গগৈ, 'কা' আন্দোলনত নিহত হোৱা দীপাঞ্জল দাসৰ পিতৃ খনেন দাস,চেম ষ্টেফোৰ্ডৰ ভিনদেউৱেক চাদেক আলি, আব্দুল আলিমৰ পৰিয়ালৰ লোক আদি উপস্থিত থাকি 'কা' আন্দোলনৰ পঞ্চ শ্বহীদক স্মৰণ কৰে আৰু 'কা' আইন বাতিলৰ বাবে আন্দোলন অব্যাহত থাকিব বুলি কয়। ইফালে

অসম জাতীয় পৰিষদৰ 'জাতীয় স্বাভিমান যাত্ৰা'ৰ তৃতীয় দিনা 'আত্মবলিদান দিৱস'ত কা আন্দোলনৰ শ্বহীদ ঈশ্বৰ নায়কৰ গৃহস্থান ওদালগুৰি জিলাৰ মাজুলী চাহ বাগিছাত দলে শ্বহীদ ঈশ্বৰ নায়কসহ পঞ্চশ্বহীদৰ প্ৰতি শ্ৰদ্ধা নিৱেদন কৰে৷ এই উপলক্ষে আয়োজিত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈ, সাধাৰণ সম্পাদক জগদীশ ভূঞা, উপসভাপতি অঞ্জন উপাধ্যায়, সম্পাদকত্ৰয় ৰাজীব ভট্টাচাৰ্য, প্ৰিন্স ফাইজুল হক আৰু জান বৰা, কাৰ্যালয় সম্পাদক নিখিল ভট্টাচাৰ্য, কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য অজয় তাঁতী আৰু অৰূপ কলিতা প্ৰমুখ্যে নেতাসকলে শ্বহীদকেইগৰাকীৰ প্ৰতিচ্ছবিত মাল্যাৰ্পন আৰু পুষ্পাঞ্জলি অৰ্পন কৰে৷ দলৰ সভাপতি গগৈ আৰু সাধাৰণ সম্পাদক ভূঞাই শ্বহীদ ঈশ্বৰ নায়কৰ পিতৃ নিৰাকাৰ নায়কক ফুলাম গামোছা আৰু জাপিৰে সম্বৰ্ধনা জনোৱা হয়৷ অনুষ্ঠানত সভাপতি গগৈ, সাধাৰণ সম্পাদক ভূঞা, যুটীয়া সম্পাদক দুলদুল বৰকটকী আৰু কাৰ্যনিৰ্বাহক সদস্য অজয় তাঁতীসহ নেতাসকলে ভাষণ দিয়ে৷ আনহাতে "কা" আন্দোলনৰ পঞ্চ শ্বহীদ লৈ অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ তৰফৰ পৰা দেওবাৰে দলৰ মুখ্য কাৰ্যালয় ৰাজীৱ ভৱনত শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰা হয়। ‘কা’ আন্দোলনৰ পঞ্চ ছহিদক স্মৰণ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ছহিদ ছেম ষ্টেফ'ৰ্ডৰ পদূলিৰ পৰাই অসমবাসীক পুনৰ জাতীয় সংগ্ৰামৰ বাবে সাজু হোৱাৰ আহ্বান জনায় কৃষক মুক্তিয়ে। দেওবাৰে কৃষক মুক্তি সংগ্রাম সমিতিয়ে 'কা' আন্দোলনৰ পঞ্চ ছহিদৰ সোঁৱৰণত ছহিদ ছেম ষ্টেফ'ৰ্ডৰ বাসগৃহত শ্রদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰে। ২০১৯ চনৰ আজিৰ দিনটোতে নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৯ ৰাষ্ট্ৰপতিৰ দ্বাৰা স্বাক্ষৰিত হৈছিল। এই কলা আইন গৃহীত হোৱাৰ দুটা বছৰ অতিক্রম কৰাৰ ক্ষণত দেওবাৰে কৃষক মুক্তি সংগ্রাম সমিতিয়ে পঞ্চ ছহিদ ছেম ষ্টেক ড. দিপাঞ্জল দাস, বিজেন্দ্র পাংগিং, আব্দুল আলিম আৰু ঈশ্বৰ নায়কৰ স্মৃতি তৰ্পৰ্ণৰ উদ্দেশ্যে পুৱা ৮.৩০ বজাত ছেম ষ্টেফ উৰ বাসগৃহত পাঁচগছি বন্তি প্রজ্বলনেৰে ছহিদ তৰ্পৰ্ণৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। লগতে পঞ্চ ছহিদক সোঁৱৰি এখন স্মৃতি চাৰণ সভাৰ আয়োজন কৰে। কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়াই আঁত ধৰা সভাখনত উপস্থিত থাকে ‘কা' আন্দোলনৰ নেতৃত্ব দি এক বছৰ সাত মাহ কাৰাবন্দী হোৱা কৃষক নেতা তথা বৰ্তমানৰ শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈ, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ বিশিষ্ট অধিবক্ত৷ নেকিবুব জামান, সক্রিয় সমাজকর্মী সুমিত্রা হাজৰিকা, বিশিষ্ট চিকিৎসক ডা° নৱনীল বৰুৱা, গুৱাহাটী বিশ্ববিদ্যালয় আৰু কটন বিশ্ববিদ্যালয়ৰ ছাত্র প্রতিনিধি লগতে স্থানীয় ৰাইজ। বিশিষ্ট চিকিৎসক ডা° নৱনীল বৰুৱাই সভাত বক্তব্য প্রদান কৰি পঞ্চ ছহি ত্যাগক স্মৰণ কৰাৰ লগতে পৰিয়ালৰ অর্থনৈতিক দুর্দশাৰ সময়ত আন্দোলনকাৰী দল-সংগঠনসমূহক পৰিয়ালকেইটাৰ সহায়ৰ বাবে আগবাঢ়ি আহিবলৈ আহ্বান জনায়। সক্রিয় সমাজকর্মী সুমিত্রা হাজৰিকাই সভাত বক্তব্য প্রদান কৰি কয় যে সকলো অসমপ্রেমী ৰাইজে পুনৰ একত্ৰিত হৈ 'কা' বাতিলৰ বাবে সংকল্পবদ্ধ হ'ব লাগে। সভাত বক্তব্য প্ৰদান কৰি ভাষণ প্ৰসংগত অখিল গগৈয়ে কয় ' ছহিদ পৰিয়ালসমূহৰ অর্থনৈতিক সহায়ৰ বাবে কৰ্পাছ ফাণ্ড গঠনৰ জৰিয়তে ৰাইজৰ পৰা দান বৰঙণি সংগ্ৰহ কৰি ছহিদ পৰিয়াল কেইটাৰ বাবে জাতীয় পুঁজি সংগ্ৰহৰ বাবে তেওঁ নিজেও এই ক্ষেত্ৰত উদ্যোগ ল'ব বুলি ঘোষণা কৰে।।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here