W7s News দীপাঞ্জলি ডেকা: গুৱাহাটীৰ ৰবীন্দ্ৰ ভৱনত নটসূৰ্যৰ নাট সমাৰোহৰ সামৰণি অনুষ্ঠানত মুম্বাইৰ বিখ্যাত নাট্যদল ' দা ফিল্ম এণ্ড থিয়েটাৰ ছ'চাইটি'ৰ প্ৰযোজিত আৰু অতুল সত্য কৌশিক ৰচিত আৰু পৰিচালিত 'বালিগঞ্জ-১৯৯০'নাটক
মঞ্চস্থ কৰা হয়। বলিউডৰ সৰু পৰ্দাৰ জনপ্ৰিয় অভিনেতা জনে- অসম খন মোৰ খুবেই প্রিয়। প্ৰথমবাৰৰ বাবে অসমলৈ আহিছোঁ যদিও অসম সম্পৰ্কে ২০ বছৰ বয়সৰ পৰা বহু কথাই শুনিছোঁ। বৃহস্পতিবাৰে মঞ্চ অভিনয়তো বিশেষ দখল থকা অভিনেতাজনে কামাখ্যা মন্দিৰ দৰ্শন কৰি মা-কামাখ্যাৰ আশিষ লোৱাৰ লগতে মহাবহু ব্ৰহ্মপুত্ৰৰ সৌন্দৰ্য উপভোগ কৰি অভিভূত হয়।
এই নাটকখন উপভোগ কৰি দৰ্শক সকলে ' দা ফিল্ম এণ্ড থিয়েটাৰ ছ'চাইটি'ক ভুয়সী প্ৰসংশা কৰে। এই নাটকখনত অভিনয় কৰিছে আন এগৰাকী শিল্পী নিষ্ঠা পালিৱালে।উল্লেখ্য,২৭ ডিচেম্বৰৰ পৰা অনুষ্ঠিত 'নটসূৰ্য'ৰ পঞ্চবিংশতি সংখ্যক চাৰিদিনীয়া নাট সমাৰোহৰ বৃহস্পতিবাৰে সামৰণি পৰে।
No comments:
Post a Comment