কিতাপ পঢ়া সংস্কৃতি গঢ়িব লাগিবঃ ডাঃ ৰণোজ পেণ্ড
পুহৰ শীতক নেওচি চানমাৰি বাকৰিত গ্ৰন্থপ্রেমীৰ সমাৱেশ ‘প্ৰকাশন পৰিষদ সাহিত্য বঁটা প্ৰদান
W7s News ষ্টাফৰিপোর্টাৰ: লেখক, সাহিত্যিক, গ্রন্থপ্ৰেমীৰ মাজত বিপুল উছাহ-উদ্দীপনাৰ সৃষ্টি কৰি গুৱাহাটীৰ চানমাৰিস্থিত অসম অভিযান্ত্রিক প্রতিষ্ঠান খেলপথাৰত বুধবাৰ পৰা আৰম্ভ হ'ল অসম প্রকাশন পরিষদ আৰু সদৌ অসম পুথি প্রকাশক আৰু বিক্রেতা সংস্থাই যৌথভাবে আয়োজন কৰা অসম গ্রন্থমেলা। আগন্তক ৯ জানুৱাৰীলৈ ১২ দিনীয়াকৈ অনুষ্ঠিত হ'বলগীয়া এই গ্রন্থমেলা আজি বিয়লি উদ্বোধন কৰে অসম চৰকাৰৰ শিক্ষামন্ত্রী তথা অসম প্ৰকাশন পৰিষদৰ অধ্যক্ষ ডাঃ ৰণোজ পেগুৱে। ভাষশ প্ৰসংগত ডাঃ পেগুৱে কয়— 'কিতাপ পঢ়া মানে মনৰ প্ৰশান্তি। গ্ৰন্থৰ মাজত নিজকে বিলীন কৰিব পাৰিলে বৈষয়িক, জাগতিক দ্বন্দ্ব, অশাস্তি প্রশমিত কৰি অন্তৰাত্মাক পুনৰাৱিষ্কাৰ কৰিব পৰা যায়। সম্প্রতি মানুহে কিতাপ পঢ়িবলৈ লৈছে। আমি ইয়াক সংস্কৃতিলৈ উত্তৰিত কৰিব লাগে।" তেওঁ লগতে অসমীয়াৰ পৰা আন আন বিশ্ব ভাষালৈ আৰু জনগোষ্ঠীয় ভাষাৰ পৰা অসমীয়া ভাষালৈ গ্রন্থ অনুবাদৰ প্রয়োজনৰ বিষয়ে উল্লেখ কৰে।' উদ্বোধনী অনুষ্ঠাঢ়াত সম্মানীয় অতিথি ৰূপে অংশগ্রহণ কৰে অসম চৰকাৰৰ শিক্ষা বিভাগৰ উপদেষ্টা ড° ননীগোপাল মহন্তই। ড° মহস্তই ইণ্টাৰনেট, ছ'চিয়েল মিডিয়াৰ আগ্রাসন ঘটিলেও সমাজত গ্ৰন্থৰ সমাদৰ স্নান পৰা নাই বুলি উল্লেখ কৰে। কেৱল সাহিত্যৰে নহয়, জ্ঞানকেন্দ্রিক গ্ৰন্থৰ প্রয়োজনীয়তান বিষয়ে তাৎপর্যপূর্ণ মন্তব্য কৰি ড" মহন্তই কয়– উপন্যাস, গল্প, কবিতাৰ আধাৰতে সমাজ-জীৱনৰ আকাংক্ষিত উত্তৰণ নঘটে। এই ক্ষেত্ৰত সৃষ্টিশীল সাহিত্যৰ লগতে গবেষণামূলক জ্ঞানকেন্দ্রিক গ্ৰন্থৰ ভূমিকা আছে। তেওঁ লগতে ভক্তি আন্দোলনৰ সৈতে সাহিত্যৰ সংযোগ ঘটাই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে অসমীয়া সমাজ নির্মাণ কৰিছিল বুলি কয়। উদ্বোধনী অনুষ্ঠানত বিশিষ্ট অতিথি ৰূপে উপস্থিত থাকে অসম সাহিত্য সভাৰ সভাপতি ড° কুলধৰ শইকীয়া৷ তেওঁ নতুন প্ৰজন্মক গ্রন্থ অধ্যয়নৰ প্ৰতি আকৃষ্ট কৰিবলৈ অভিভাবকালক আহ্বান জনায়। কিতাপ পঢ়াৰ প্রতি নতুন প্ৰজন্মৰ মাজত উতি জগাই তুলিব পাৰিলেহে গ্ৰন্থৰ ভৱিষ্যৎ সুৰক্ষিত হ'ব। তদুপৰি পাঠকৰ উপযোগী বা মনৰ চাহিদা পূৰ্ণ কৰিব পৰা গ্ৰন্থ লেখকে সৃষ্টি কৰিব পাৰিব লাগিব। বিশ্বজুৰি চলি থকা নতুন নতুন বিষয়ৰ কিতাপ অসমীয়া ভাষাত প্ৰকাশৰ ক্ষেত্ৰত গুৰুত্ব নিব লাগিব। আজিৰ প্রয়োজনীয়তালৈ লক্ষ্য কৰি আমি একেখন কিতাপৰ সুৰভিও দিব পাৰিব লাগিব আৰু ই-বুকৰ সুবিধাও দিব পাৰিব লাগিব।'
উল্লেখ্য, আজিৰ উদ্বোধনী অনুষ্ঠানৰে সংগতি ৰাখি অসম প্ৰকাশন পৰিষদে নতুনকৈ প্ৰকাশ কৰা আঠখন গ্রন্থ উন্মোচন কৰা হয়। এই গ্রন্থকেইখন হৈছে ৰক্তিম পাটৰৰ 'মহাৰাজা পৃথ', ড°প্ৰাঞ্জল শৰ্মা বশিষ্ঠ সম্পাদিত 'আসাম বিলাসিনী', ড"প্রাণজিৎ বৰা সম্পাদিত 'নবকান্ত বৰুৱা ৰচনাবলী', ড° অঞ্জলি শর্মা সম্পাদিত 'নলিনীবালা দেবীৰ ৰচনাবলী’, ড° দীপক কুমাৰ শৰ্মা অনূদিত শংকৰাচাৰ্যাৰ বিবেক চূড়ামণি', ড° অমিয়া ৰাজবংশী অনূদিত 'ডাৰউইনৰ দা অৰিজিন অব স্পেচিছ'ৰ অসমীয়া অনুবাদ 'প্রজাতিৰ উৎপত্তি, ড০ দীপ্তি ফুকন পাটগিৰি অনূদিত শৰবিন্দু বন্দ্যোপাধ্যায়ৰ 'তুঙ্গভদ্ৰাৰ পাৰত' আৰু ড° ভূপেন ৰায় চৌধুৰী অনুদিত "ভাৰতীয় সংস্কৃতিৰ বিশ্ব জিলিঙনি। প্রকাশন পৰিষদ সচিব প্ৰমোদ কলিতাই সদৰি কৰে যে এইবাৰ চৌবিছখন পুৰণি গ্ৰন্থ পুনৰ প্ৰকাশৰ লগতে এখন 'ভইচ ডিক্সনাৰী'ৰ কাম চলি আছে।
ইপিনে আজি অসম গ্ৰন্থমেলাৰ উদ্বোধনী অনুষ্ঠানত বহুল বহু দূৰা শীর্ষক উপন্যাসৰ বাবে ডাঃ নৰ্ণিতা দেৱীক ২০২১ বৰ্ষৰ বাবে প্রকাশন পৰিষদ সাহিত্য বঁটা' আৰু এই গ্রন্থ প্ৰকাশৰ বাবে জ্যোতি প্ৰকাশনৰ স্বত্বাধিকারী নগেন শর্মাক প্রকাশকৰ বাবে ‘প্ৰকাশন পৰিষদ সাহিত্য বঁটা প্ৰদান কৰা হয়। শিক্ষামন্ত্রী ডাঃ বলোজ পেণ্ডৱে প্রদান কৰা এই দুয়োটা বঁটাত আছে মানপত্র, গ্ৰন্থৰ টোপোলা আৰু ২ লাখকৈ টকাৰ চেক। বঁটা প্ৰসংগত শিক্ষামন্ত্রী ডাঃ পেওৱে কয় যে অহা বছৰ শ্রেষ্ঠ সাহিত্য বঁটাৰ বাবে ৫ লাখ টকা দিবলৈ চেষ্টা কৰা হ'ব। এই প্ৰক্ৰিয়াত পাঠকৰ পৰা ভোট গ্ৰহণৰ ব্যৱস্থা কৰাৰ লগতে নির্বাচিত জুৰিয়ে লোৱা সিদ্ধান্তৰ ভিত্তিত এই বঁটা প্রদান কৰা হ'ব। উল্লেখ্য, অসম প্ৰকাশন পৰিষদৰ উপাধ্যক্ষ সুমন্ত চলিহা, ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগৰ বিশেষ আয়ুক্ত সচিব প্রীতম শইকীয়া আদিকে ধৰি ভালেকেইগৰাকী বিশিষ্ট ব্যক্তিয়ে অংশগ্রহণ কৰা 'অসম গ্রন্থমেলা'ৰ উদ্বোধনী অনুষ্ঠানত আদৰণী ভাষণ আৰু উদ্দেশ্য ব্যাখ্যা কৰে অসম প্রকাশন পৰিষদৰ সচিব প্রমোদ কলিতাই। অনুষ্ঠানত অংশগ্রহণ কৰি শলাগৰ শৰাই আগ বঢ়ায় সদৌ অসম পুথি প্রকাশক আৰু বিক্রেতা সংস্থাৰ সভাপতি ইমৰাণ আহমদে
আজি 'অসম গ্ৰন্থমেলা’ৰ প্ৰথম দিনাই চানমাৰি বাকৰিত পৰিলক্ষিত হয় পুধিপ্ৰেমী ৰাইজৰ আশাব্যঞ্জক সমাবেশ। পুহমহীয়া শীতে সেমেকাই তোলা গ্রন্থমেলাত উৎসাহী লেখক-পাঠকে কিতাপৰ উন লৈ সময় অতিবাহিত কৰা দেখা যায়। এই দিশলৈ লক্ষ্য ৰাখি পরবর্তী দিনকেইটাত গ্রন্থমেলাত ভিৰ আৰু গ্ৰন্থৰ বিক্ৰী সন্তোষজনক হ'ব বুলি আশা প্রকাশ কৰিছে প্রকাশন গোষ্ঠীসমূহেও। উল্লেখ্য, অসম গ্রন্থমেলাত যোগদান কৰিছে গুৱাহাটীৰ লগতে বিভিন্ন প্রাপ্তব ১৫০ টা প্রকাশন গোষ্ঠীয়ে। ইয়াৰ ভিতৰত আছে বাংলাদেশ ১০ টা, দিল্লীৰ ১০ টা আৰু কলকতাৰ ৫ টা প্রকাশন গোষ্ঠী। ইপিনে আজি সাংস্কৃতিক সন্ধিয়া অনুষ্ঠানিকভাবে উদ্বোধন করে বিশিষ্ট সাংস্কৃতিক কর্মী তথা যুব কল্যাণ আৰু ক্রীড়া উন্নয়ন বিভাগৰ সদস্য সচিব পৰিত্ৰ মাৰ্ঘেৰিটাই। সাংস্কৃতিক কাৰ্যসূচীত অনুষ্ঠান পৰিৱেশন কৰে ওদালগুৰিৰ বাৰেৰহণীয়া সাংস্কৃতিক মঞ্চ আৰু গুৱাহাটীৰ পদ্মশ্ৰী চকুপ্রভা শইকীয়ানী কাৰিকৰী প্রশিক্ষণ প্রতিষ্ঠান (পিডিপিএছ গালৰ্ছ পলিটেকনিক)-ৰ শিল্পীবৃন্দই।
No comments:
Post a Comment