আন্ত:ৰাষ্ট্ৰীয় নৰ্থ ইষ্ট ফেশ্বন উইক ষষ্ঠ সংস্কৰণ - W7S News

Breaking News

demo-image

Home Top Ad

Responsive Ads Here

Post Top Ad

Thursday, 30 December 2021

demo-image

আন্ত:ৰাষ্ট্ৰীয় নৰ্থ ইষ্ট ফেশ্বন উইক ষষ্ঠ সংস্কৰণ

Responsive Ads Here

 



W7s News ষ্টাফৰিপোর্টাৰ : আন্ত:ৰাষ্ট্ৰীয় নৰ্থ ইষ্ট ফেশ্বন উইক ষষ্ঠ সংস্কৰণ বৃহস্পতিবাৰে সামৰণি পৰে। গুৱাহাটীৰ ভি আই পি ৰ'ডত বুধবাৰৰ পৰা অনুষ্ঠিত এই ফেশ্বন উইকৰ ষষ্ঠ সংস্কৰণ মুকলি কৰে বিশিষ্ট ফেশ্বন ডিজাইনাৰ প্ৰশান্ত ঘোষে। এই ফেশ্বন উইকত প্ৰায় ২৫ গৰাকী ফেশ্বন ডিজাইনাৰে নিজৰ ডিজাইন প্ৰদৰ্শন কৰে। এই ফেশ্বন শ্ব'ত বিশেষ ভাৱে সমাদৃত হয় উদীয়মান ফেশ্বন ডিজাইনাৰ ৰিছা ৰাভাৰ বিভিন্ন জনগোষ্ঠীয় ডিজাইন সমূহ। এই সম্পৰ্কে উদীয়মানফেশ্বন ডিজাইনাৰ ৰিছা ৰাভাই কয় 'উত্তৰ পূৰ্বাঞ্চল প্ৰাকৃতিক সম্পদেৰে চহকী। নানা জাতি জনগোষ্ঠীৰে ভৰা অসমত জাতি জনগোষ্ঠীকৰ সাজ পোছাকলৈ মই ডিজাইনৰ কাম কৰোঁ। নানা ফুল,পাহি, ডাল আদি প্ৰাকৃতিক সম্পদেৰে উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰাচীন সভ্যতাক ফেশ্বনৰ জৰিয়তে উজ্বলাই তুলিবলৈ প্ৰায়স কৰিছোঁ । তাৰবাবে কিছু আধুনিক সংযোজন কৰা হৈছে। উত্তৰ পূৰ্বাঞ্চলৰ ১২ টা জনগোষ্ঠীৰ ক্ৰমে  বড়ো, ৰাভা, হাজং, গাৰো, খাচী, অসমীয়া, কাৰ্বি, নাগা, মণিপুৰী, মিজো, মিচিং আৰু ৰাজবংশীৰ সাজ পাৰকলৈ মই কাম কৰোঁ। এই সাংস্কৃতিক মিলনৰ মূল উদ্দেশ্যে হৈছে প্ৰেম, আনন্দ, উলাহ নাৰীৰ অন্যৰূপ জনগোষ্ঠীয় বস্ত্ৰ সম্ভাৰৰ মাজেৰে তুলি ধৰা।' উল্লেখ্য, উত্তৰ- পূৰ্বাঞ্চলৰ ঐতিহ্যক ফেশ্বনৰ জৰিয়তে তুলি ধৰাৰ মূল উদ্দেশ্যে লৈ উদীয়মান ফেশ্বন ডিজাইনাৰ ৰিছা ৰাভাই নিজৰ  নতুন ডিজাইন সমূহে। এই ফেশ্বন শ্ব'ত সমাদৃত হয়।

No comments:

Post a Comment

Post Bottom Ad

Contact Form

Name

Email *

Message *