W7s News ষ্টাফৰিপোর্টাৰ : অসমীয়া বাটৰ নাটৰ স্বৰ্ণ জয়ন্তীৰ শুভ-ক্ষণত অসমীয়া বাটৰ নাটৰ বাটকটীয়া ৰত্ন ওজাৰ পৱিত্ৰ স্মৃতিত ৰত্ন ওজা বাটৰ নাট সমাৰোহৰ আয়োজন কৰা হৈছে।গুৱাহাটীৰ অন্যতম সাংস্কৃতিক অনুষ্ঠান কলাতীৰ্থৰ উদ্যোগত আৰু ৰত্ন ওজা ফাউণ্ডেচনৰ সহযোগত বাটৰ নাট সমাৰোহ কেন্দ্ৰীয়ভাৱে ৩০ ডিচেম্বৰত দিনযোৰা কাৰ্য্যসূচীৰে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত এই নাট সমহৰোহৰ আয়োজন কৰা হৈছে। বুধবাৰে কলাতীৰ্থৰ উদ্যোগত আৰু ৰত্ন ওজা ফাউণ্ডেচনৰ সহযোগত দিছপুৰ প্ৰেছ ক্লাৱত অনুষ্ঠিত এখন সংবাদ মেলত এই কথা সদৰী কৰে কলাতীৰ্থৰ প্রধান সম্পাদক
ৰমেশ তালুকদাৰে কয় ' এই উপলক্ষে সিদিনা পুৱা ৮.৩০ বজাত কলাতীৰ্থৰ পতাকা উত্তোলন কৰিব সভাপতি ড° সত্যেন্দ্র নাৰায়ণ গোস্বামীয়ে। ৯.০০ বজাত নাট সমাৰোহৰ শুভাৰম্ভ কৰা হ'ব প্ৰথম অসমীয়া বাটৰ নাট, নাট্যকাৰ অৰুণ শৰ্মা ৰচিত আৰু ৰমেশ তালুকদাৰ পৰিচালিত ককাইদেউ নাটকেৰে। সমাৰোহৰ দ্বিতীয়খন বাটৰ নাট 'ৰত্নকাই' পৰিবেশন কৰিব নুনমাটি ভবানীপুৰৰ অৰুণোদয় নাট্য গোষ্ঠীয়ে। নাটকৰ ৰচনা আৰু পৰিচালনা বিজয় কাকতি। তৃতীয়খন নাটক- নাট্যকাৰ ৰমেশ তালুকদাৰ ৰচিত আৰু পৰিচালিত নাট ‘ধৰ ধৰ ধৰ গৰু চোৰক ধৰ' পৰিবেশন কৰিব কলাতীৰ্থৰ নাট্য শিল্পীসকলে। চতুৰ্থখন নাটক পৰিবেশন কৰিব নাট্যকাৰ জগদীশ পাটগীৰি ৰচিত নাট ‘আতংক'। পৰিচালনা ৰস্মিতা শইকীয়া, পৰিবেশন কৰিব শ্ৰীমন্ত শংকৰদেৱ বিশ্ব বিদ্যালয়ৰ পৰিবেশ্য কলা বিভাগৰ নাট্যশিল্পীয়ে। পঞ্চমখন নাটক নাট্যকাৰ বিনোদ ভাগৱৰ্তী ৰচিত আৰু পৰিচালিত বাটৰ নাট- 'কৰণা কৰিয়ো...'। পৰিবেশন কৰিব গুৱাহাটীৰ নাৰেঙ্গীৰ অগ্রগামী ড্রামা এও চিনে আৰ্টৰ শিল্পী বৃন্দই । সমাৰোহৰ দিনৰ ১২ বজাত স্মৃতি চাৰণ সভা আৰু স্মৃতিগ্ৰন্থ উন্মোচন কৰা হ'ব।
সিদিনা একে সময়তে নাট সমাৰোহৰ প্ৰতি সহাঁৰি জনাই অসমৰ বিভিন্ন জিলাৰ বিভিন্ন ঠাইত বিভিন্ন নাট্য দলে একোখনকৈ বাটৰ নাট পৰিবেশন কৰিব। ধেমাজিত নাট্যকাৰ জগদীশ পাটগিৰী ৰচিত আৰু মৌচুমী বৰপাত্ৰ গোঁহাই পৰিচালিত নাটক 'বিষাক্ত পৃথিৱী', পৰিৱেশন কৰিব ধেমাজিৰ ৰং থিয়েটাৰী ঢং নাট্যদলে । তেজপুৰত- নাট্যকাৰ জগদীশ পাটগিৰী ৰচিত আৰু হিমাংশু শৰ্মা পৰিচালিত নাটক- ‘মৃত্যু দানৱ' পৰিবেশন কৰিব শ্ৰীমন্ত শংকৰদেৱ বিশ্ব বিদ্যালয়ৰ পৰিবেশ্য কলা বিভাগৰ নাট্যদলে। ডিব্ৰুগড়ত- 'ককাইদেউ', নাট্যকাৰ অৰুণ শৰ্মা, পৰিচালনা- ডায়মণ্ড পাটোৱাৰীৰ, পৰিবেশন কৰিব সূৰ্য্যমুখী নাট্য গোষ্ঠীয়ে। তিনিচুকীয়াত- ‘ককাইদেউ', নাট্যকাৰ অৰুণ শৰ্মা, পৰিচালনা- ডায়মণ্ড পাটোৱাৰী, পৰিৱেশন কৰিব সূৰ্য্যমুখী নাট্যগোষ্ঠীয়ে। দুলীয়াজানত- 'ককাইদেউ, পৰিচালক ডায়মণ্ড পাটোৱাৰী, পৰিবেশন কৰিব সূৰ্য্যমুখী নাট্যগোষ্ঠীয়ে। মঙ্গলদৈত-নাট্যকাৰ বিপুল চলিহা ৰচিত আৰু পৰিচালিত নাটক- 'সম্প্রীতি’, পৰিবেশন কৰিব নর্থ-ইষ্ট ড্রামা এগু একাদেমী, মঙ্গলদৈয়ে। বৰপেটাত নাট্যকাৰ হৰেকৃষ্ণ দাস ৰচিত আৰু পৰিচালিত নাট 'নখান্দাপৰীয়া ৰত্ন কাই'। পৰিবেশন কৰিব অসম নাট্য সন্মিলন, বৰপেটা শাখাই। মালিগাঁৱত- নাট্যকাৰ হৰেকৃষ্ণ দাস ৰচিত আৰু হিতেশ শর্মা পৰিচালিত নাট ‘মই ব্রজ শৰ্মাই কৈছো"মালিগাঁৱৰ নৱজ্যোতি কলা পৰিষদে পৰিবেশন কৰিব।' সংবাদ মেলত কলাতীৰ্থ, গুৱাহাটীৰ সভাপতি ড০ সত্যেন্দ্ৰ নাৰায়ণ গোস্বামীয়ে কয় ' ৰত্ন ওজা আৰু কিছুদিন জীয়াই থকা হলে আমাক বিভিন্ন দিশেৰে অধিক সমৃদ্ধ কৰিব পাৰিলেহেঁতেন। তেওঁৰ অৱদান খিনি আমি সঠিক দিশত আগবঢ়াই নিব লাগিব।' সংবাদ মেলত কথাশিল্পী প্ৰয়াত ৰত্ন ওজাৰ কন্যা, ৰত্ন ওজা ফাউণ্ডেচনৰ গুৰি ধৰোঁতা তথা কলাতীৰ্থ, গুৱাহাটীৰ কাৰ্যকৰী সভাপতি ঐনিতম ওজাই কয় ' আমাক এই সমাৰোহ সফল কৰাত সকলোৱে সহায় সহযোগিতা কৰক। ৰত্ন ওজাৰ অমৰ সৃষ্টি বাটৰ নাটক জীয়াই ৰাখক। কলাতীৰ্থই লোৱা এই পদক্ষেপত আমি সকলোৰে সহযোগিতা বিচাৰিছোঁ।'
No comments:
Post a Comment