W7s News ষ্টাফৰিপোর্টাৰ: এন এফ ৰে'লৱে মজদুৰ ইউনিয়নৰ প্ৰাক্তন সাধাৰণ সম্পাদক তথা অল ইণ্ডিয়া ৰে'লৱে মেনচ ফেডাৰেচনৰ প্ৰাক্তণ সভাপতি ৰাখাল দাসগুপ্তৰ প্ৰথম মৃত্যু বাৰ্ষিকী বুধবাৰে উত্তৰ - পূৱ সীমান্ত ৰে'লৰ সদৰ কাৰ্যালয়ৰ সন্মুখত কেন্দ্ৰীয়ভাবে উদযাপন কৰা হয় । এন এফ ৰে'লৱে মজদুৰ ইউনিয়নৰ উদ্যোগত অনুষ্ঠিত স্মৃতিচাৰণ সভাত মজদুৰ ইউনিয়নৰ সভাপতি প্ৰাক্তণ শিক্ষামন্ত্ৰী ৰমণী বৰ্মন, সাধাৰণ সম্পাদক আশীষ বিশ্বাস, উত্তৰ-পূৱ সীমান্ত ৰে'লৰ অতিৰিক্ত মহাপ্ৰৱন্ধক ৰাহুল গৌতম, মুখ্য কাৰ্মিক বিষয়া চন্দ্ৰজিৎ শইকীয়া, মুখ্য কাৰ্মিক বিষয়া (এডমিনিষ্ট্ৰেচন) পি কিশোৰ বাবু, চিটুৰ উপসভাপতি বীৰেণ শৰ্মা, ৰিজিঅ'নেল কো-অৰ্ডিনেচন কমিটিৰ ৰাজ্যিক আহ্বায়ক গৰ্গ তালুকদাৰ আদি উপস্থিত থাকে । শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত বিশিষ্ট অৰ্থনীতিবিদ, সুলেখক, ট্ৰেড ইউনিয়ন নেতা অনন্ত কলিতাক গামোচা, চেলেং চাদৰ, শৰাই, মানপত্ৰ আদিৰ লগতে "ৰাখাল দাসগুপ্ত সোৱঁৰণী শ্ৰমিক বঁটা" প্ৰদান কৰা হয় । সম্বৰ্ধনা অনুষ্ঠানৰ আঁতধৰে মজদুৰ ইউনিয়নৰ যুটীয়া সাধাৰণ সম্পাদক দিলীপ কুমাৰ চক্ৰৱৰ্তীয়ে।সভাপতি ৰমনী বৰ্মনে কয় 'ৰাখাল দাসগুপ্ত অফুৰন্ত শক্তিৰ অধিকাৰী আছিল । তেওঁৰ প্ৰখৰ স্মৃতিশক্তিৰ বাবেই সকলোৱে তেওঁক কম্পিউটাৰ ব্ৰেইন বুলি অভিহিত কৰিছিল ।' উত্তৰ-পূৱ সীমান্ত
ৰে'লৰ মুখ্য কাৰ্মিক বিষয়া চন্দ্ৰজিৎ শইকীয়াই ৰাখাল দাসগুপ্তলৈ শ্ৰদ্ধাঞ্জলি জনায়।। মালিগাওঁ মহিলা শাখাৰ মৌচুমী ভৰালীয়ে পৰিচালনা কৰা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আৰম্ভণিতে মজদুৰ ইউনিয়নৰ ষ্টেণ্ডিং কমিটিৰ সদস্য জগদীশ চন্দ্ৰ শৰ্মা আৰু গুৱাহাটীৰ বেদ বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ সকলে বৈদিক মংগলাচৰণ পাঠ কৰে আৰু কণমানি শিল্পী কাংখান মিলিয়ে বৰগীত পৰিবেশন কৰে । অনুষ্ঠানৰ সামৰণিত উপস্থিত আটাইলৈ শলাগৰ শৰাই যুটীয়া সাধাৰণ সম্পাদক দিলীপ কুমাৰ চক্ৰৱৰ্তীয়ে আগবঢ়ায়।
No comments:
Post a Comment