গুৱাহাটীত 'উইনি কেকচ এণ্ড ম’ৰ’ এক্সক্লুছিভ আউটলেট মুকলি - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Thursday, 23 December 2021

গুৱাহাটীত 'উইনি কেকচ এণ্ড ম’ৰ’ এক্সক্লুছিভ আউটলেট মুকলি

 


W7s News গুৱাহাটী :  উত্তৰ-পূৰ্বাঞ্চলৰ দুৱাৰমুখ স্বৰূপ গুৱাহাটীত বৃহস্পতিবাৰে মুকলি হয় ভাৰতৰ বিশ্বাসযোগ্য আৰু নিৰ্ভৰযোগ্য ডেজার্ট ব্ৰেণ্ড ‘উইনি কেকচ এণ্ড ম’ৰ’। এই এক্সক্লুছিভ আউটলেটখন মহানগৰীৰ ৰিহাবাৰীৰ ফৰেষ্ট ক’লনীৰ সমীপত মুকলি কৰা হয়। এই ব্ৰেণ্ডটোৰ সমগ্ৰ ভাৰতত ৫০০ তকৈও অধিক বিপনী আছে। ইয়াৰ মাজতেই মহানগৰীতো ইয়াৰ আউটলেট মুকলি কৰা হৈছে। এই এক্সক্লুছিভ যুটীয়াভাৱে আউটলেটটোখন মুকলি কৰে সমাজকর্মী সুশীলা দেৱী চান্দগোথিয়া আৰু বিজয় কুমাৰ মোদীয়ে। উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে বিপনীখনৰ স্বত্তাধিকাৰী তথা যুৱ ব্যৱসায়ী ক্রিতেশ মোদী, বসন্ত কুমাৰ মোদী আৰু অন্যান্য গণ্যমান্য ব্যক্তি। এই বিপনীখনত এশ শতাংশ কণীবিহীন কেক, ডিজাইনাৰ কেক, মুফিন্স, কুকিছ, সতেজ ময়দা পিজ্জাকে ধৰি অন্যান্য সামগ্রী অতি কম মূল্যতে গ্ৰাহকে ক্ৰয় কৰিব পাৰিব। ২০০০ বৰ্গফুটৰ বিপনীখন ৰিহাবাৰীৰ ফৰেষ্ট ক’লনীৰ সমীপত মুকলি কৰা হৈছে। এই বিপনীখনত বহি সৰু-সুৰা উৎসৱ-পাৰ্বন উদ্যাপন কৰিব পাৰিব। বিপনীখনত সম্পূৰ্ণৰূপে পৰিষ্কাৰ-পৰিচ্ছন্নাতাৰ ওপৰত গুৰুত্ব দিয়া হৈছে। গ্ৰাহকে ছুইগী আৰু জমাটো দ্বাৰাও অৰ্ডাৰ কৰিব পাৰিব। খ্ৰীষ্টমাছ পাৰ্টীৰ আৰু নতুন বৰ্ষ উদ্যাপনকে ধৰি অন্যান্য উৎসৱ পাৰ্বনৰ বাবেও অৰ্ডাৰ দিব পাৰিব।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here