যুৱ সাংবাদিক সন্থা,অসমৰ প্ৰতিষ্ঠা দিৱস - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Wednesday 1 December 2021

যুৱ সাংবাদিক সন্থা,অসমৰ প্ৰতিষ্ঠা দিৱস

 



''সংবাদ শিৰোমণি" বঁটাকে ধৰি কেইবাটাও শিতানত বঁটা প্ৰদান কৰিব সন্থাই




W7s News ষ্টাফৰিপোর্টাৰ :  যুৱ সাংবাদিক সন্থা,অসমে বিগত বৰ্ষৰ দৰে এইবাৰো ১০ ফ্ৰেব্ৰুৱাৰীত অনুষ্ঠিত হ’বলগীয়া চতুৰ্থ বাৰ্ষিক প্ৰতিষ্ঠা দিৱসত ৰাজ্যৰ সংবাদক্ষেত্ৰখনত দীৰ্ঘদিনে সেৱা আগবঢ়াই অহা কেইগৰাকীমান সাংবাদিকক উদ্দীপনা প্ৰদান কৰাৰ লগতে তেঁওলোকৰ অৱদানৰ স্বীকৃতি স্বৰূপে" সংবাদ শিৰোমণি" বঁটাকে ধৰি কেইবাটাও শিতানত একোটাকৈ বঁটা আৰু সন্মান আগবঢ়াবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে। এই বঁটাপ্ৰাপক সকল হৈছে -

"সংবাদ শিৰোমণি বঁটা " ছায়ামণি ভূঞা (জ্যোষ্ঠ সাংবাদিক ,নিউজ লাইভ) , বৰ্ষশ্ৰেষ্ঠ সাংবাদিকতা বঁটা -মাধব দাস (ডি ৱাই ৩৬৫) আৰু পাৰ্থ প্ৰতিম বৰুৱা (প্ৰতিদিন টাইম ),শ্ৰেষ্ঠ বাতৰি পৰিৱেশিকা সন্মান -গীতাশ্ৰী তালুকদাৰ (নিউজ ১৮ অসম  নৰ্থ ইষ্ট) , বৰ্ষশ্ৰেষ্ঠ ভিডিঅ’ সম্পাদনা বঁটা -কিশোৰ ডেকা (প্ৰতিদিন টাইম ),বৰ্ষশ্ৰেষ্ঠ মহিলা ভিডিঅ' সাংবাদিকতা সন্মান -অনামিকা ৰাজকোঁৱৰ (দূৰদৰ্শন গুৱাহাটী ),আলোকচিত্ৰ সাংবাদিকতা সাধনা বঁটা -চিন্ময় ৰয় (অসমীয়া প্ৰতিদিন) আৰু বন্যপ্ৰাণী পৰিবেশ সম্পৰ্কীয় শ্ৰেষ্ঠ সাংবাদিকতাৰ সন্মান -হীৰা ফুকন(নিউজ লাইভ)। যুৱ সাংবাদিক সন্থা ,অসমৰ হৈ সভাপতি চন্দন দাস    আৰু সম্পাদক কাঞ্চনজ্যোতি গোহাঁইয়ে সিদিনা গুৱাহাটীত অনুষ্ঠিত হ'ব লগীয়া প্ৰতিষ্ঠা দিৱস আৰু বঁটা প্ৰদান অনুষ্ঠানত সকলোৰে সহযোগিতা কামনা কৰিছে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here