ফিছফেডৰ নৱনিযুক্ত অধ্যক্ষৰ অভিষেক আৰু কাৰ্যালয় গ্রহণ অনুষ্ঠান - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Wednesday 1 December 2021

ফিছফেডৰ নৱনিযুক্ত অধ্যক্ষৰ অভিষেক আৰু কাৰ্যালয় গ্রহণ অনুষ্ঠান

 




W7s News, গুৱাহাটী :মীন সঞ্চালকালয়ৰ সন্মিলনী কক্ষত মঙলবাৰে ফিছফেডৰ নৱনিযুক্ত অধ্যক্ষ সুশীলা হাজৰিকাৰ অভিষেক আৰু কাৰ্যালয় কক্ষৰ দ্বাৰ উদ্ধোধন কৰা হয়। মীন বিভাগৰ উচ্চপদস্ত বিষয়াবর্গ, ভালে কেইজন বিশিষ্ট ব্যক্তি অভ্যাগত আৰু অন্যান্য সকলৰ উপস্থিতিত এই কাৰ্যসূচী সম্পন্ন হয়। ফিছফেডৰ পৰিচালন সঞ্চালক ড° ধ্ৰুৱজ্যোতি শৰ্মাই  স্বাগত সম্ভাষণ জনোৱাৰ পাছতেই মীল বিভাগৰ তৰফৰ পৰা উপ মীন সঞ্চালক তপন কুমাৰ দাসে আদৰণি ভাষণ প্ৰদান কৰি সামগ্রিক ভাবে মীন খণ্ডৰ শেহতীয়া স্থিতি অৱগত কৰে। মন্ত্ৰধ্বণিৰ মাজেৰে পুৰোহিতে অভিষেক তিলক বুৰাই দিয়াৰ অন্তত মহোদয়াই উপস্থিত সকলৰ লগত চা-চিনাকী হয়।  মীন মন্ত্রীৰ বিশেষ দায়িত্বহেতু মহানগৰীৰ বাহিৰলৈ যাবলগীয়া হোৱাত তেওঁৰ লিখিত ভাষণ পাঠ কৰা হয়।

মীন বিভাগৰ আয়ুক্ত আৰু সচিব ৰাকেশ কুমাৰে ভাৰপ্ৰাপ্ত সেৱাৰ বিশেষ জৰুৰী কামত ব্যস্ত থকা বাবে অনুষ্ঠানত উপস্থিত থাকিব নোৱাৰি প্ৰেৰণ কৰে অলেখ শুভেচ্ছা আৰু অযুত শুভ কামনা। অনুষ্ঠানত ৰাষ্ট্ৰীয় পৰ্যায়ত শ্রেষ্ঠ সমবায়ৰ বঁটাপ্রাপক "কলং-কপিলী"; ক'ভিডকালীন সময়ত ক'ভিড নীতি-নির্দেশনা অনুযায়ী মৎস্য উপলভ্যতা নিশ্চিত কৰা ক্ৰমে "বৰাজোল নোনাপাৰ সমবায় সমিতি" আৰু "সৃজনী সমবায় সমিতি ; মীন পৰিৱেশানুকুল পর্যটন সূচনা কৰা "অঙ্কুৰ মীন সমবায় সমিতি"; ফিছফেডৰ কাৰিকৰী

সহযোগিতাত ক্রমে স্বাস্থ্যসম্মত শুকান মাছ প্রস্তুত, মাছৰ আচাৰ প্ৰস্তুত আৰু মাছৰ চাটনি প্রস্তুত কৰি ফিছফেডৰ জৰিয়তে বিপণন কৰা সৰ্বশ্রী গুণজিৎ বর্মন, বিজিত বণিয়া আৰু ৰঞ্জন শর্মাক সম্বৰ্ধনা জ্ঞাপন কৰা হয়। অনুষ্ঠানত যুটীয়া মীন সঞ্চালক জয় প্রকাশ মেধীয়ে শলাগৰ শৰাই আগবঢ়ায়। পৰবৰ্তী সময়ত অধ্যক্ষই ফিছফেডৰ বাতানুকুল বিপণন কেন্দ্ৰ আৰু কাৰ্যালয় পৰিদৰ্শন কৰি বিষয়া- কৰ্মচাৰীবৃন্দক উৎসাহিত কৰে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here