W7s News, ষ্টাফৰিপোর্টাৰ : আকুলতা... দ্যা ডিজায়াৰ শীর্ষক গীতৰ সঁফুৰাত
সন্নিবিষ্ট “বহু দিন হল তোমাক নেদেখা, দেখিছোঁ মাথোঁ হতাশা নিৰাশা" শীর্ষক গীতৰ ভিডিঅ' মুকলি কৰা হয়। গীতটো মুকলি কৰে তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ গুৱাহাটী আঞ্চলিক কেন্দ্ৰৰ
অৱসৰপ্ৰাপ্ত সঞ্চালক এল আৰ বিশ্বনাথনে। তেওঁ শুভেচ্ছা মূলক বক্তব্য আগবঢ়ায়। মুকলি অনুষ্ঠানত বিশিষ্ট অভিনেতা প্ৰাঞ্জল শইকীয়া, অভিনেত্ৰী পূৰ্ণিমা পাঠক শইকীয়া,
সংগীতজ্ঞ ৰাতুল কাকতি
আদি বিশিষ্ট ব্যক্তি উপস্থিত থাকে। এই গীতটোৰ সুৰাৰোপিত আৰু কণ্ঠদান কৰিছে সংগীত পৰিচালক, অডিঅ'গ্ৰাফাৰ ৰঞ্জীৱ দাসে। গীতটো লিখিছে প্রখ্যাত সংগীজ্ঞ, সৰোদ বাদক, সাংস্কৃতিক কর্মী আৰু সাংস্কৃতিক সংগঠক ৰাজু দাসে| গীতটোৰ সংগীত ব্যৱস্থাপনা, প্রগ্রামিং আৰু মিক্সিং কৰিছে প্ৰতিভাৱান যুৱ সংগীত ব্যৱস্থাপক, প্ৰগ্ৰামাৰ বৰ্তমান দিল্লীৰ বাসিন্দা, অসমৰ এজন সংগীতজ্ঞ মৃদুল নাথে,নিৰ্দেশনা মাধুৰ্য্য গগৈৰ, ফটোগ্রাফী সঞ্চালক আৰু সম্পাদনা প্ৰতিভাৱান ভিডিঅ' সম্পাদক উপকুল দাসৰ। অভিনয় কৰিছে নৱাগতা ৰ’জীয়ে, ৰূপসজ্জা গায়ত্ৰী বৰাৰ। বিপুল বৰাই আঁতধৰা গীতটোৰ মুকলি অনুষ্ঠানত কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে।
No comments:
Post a Comment