মানৱ অধিকাৰ দিৱসত আফস্পা বাতিলৰ দাবী - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Friday 10 December 2021

মানৱ অধিকাৰ দিৱসত আফস্পা বাতিলৰ দাবী

 





W7s News ষ্টাফৰিপোর্টাৰ : বিশ্ব মানৱ অধিকাৰ দিৱস উপলক্ষে শুকুৰবাৰে গুৱাহাটীৰ  ৰাজগড়ত শ্বহীদ পৰাগ কুমাৰ দাসৰ প্ৰতিমুৰ্তিৰ সন্মুখত শ্ৰমিকৰ হত্যাৰ ন্যায়, উত্তৰ-পূৱৰ পৰা "সেনাবাহিনীৰ বিশেষ ক্ষমতা আইন" শীঘ্ৰে প্ৰত্যাহাৰৰ দাবীত কেইবাটাও সংগঠনে দুঘণ্টীয়া প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে। এই কাৰ্যসূচীত গুৱাহাটী ইষ্টাৰ্ণ নগালেণ্ড ষ্টুডেন্ট ইউনিয়নৰ প্ৰতিনিধি, অসম মহিলা সংঘৰ হৈ অসমী গগৈ, জাতীয়তাবাদ পুনৰ নিৰ্মাণ সমিতিৰ সম্পাদক ৰাজকুমাৰ বৈশ্য, মানৱ অধিকাৰ কর্মী প্ৰণৱ চেতিয়া, জয়ন্ত গগৈ, প্ৰণৱ দলে, দীনেশ দাস, জ্যোতিময় ভৰালী আদিয়ে অংশ গ্ৰহণ কৰে। এই কাৰ্যসূচীত গণশিল্পী হুমায়ুন চৌধুৰীয়ে গণসংগীত পৰিবেশন কৰে। এই কাৰ্যসূচীৰ জৰিয়তে নাগালেণ্ডত সাধাৰণ জনতাক ভাৰতীয় সেনাই হত্যা কৰা ঘটনাৰ বিৰুদ্ধে সমগ্ৰ উত্তৰ-পূৱক একত্ৰিত হ'বলৈ আহ্বান জনোৱা হয়।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here