ৰাজ্য সভাত 'কা' অনুমোদনৰ দিনটোৰ নেছ' ৰ আহ্বানত ১১ ডিচেম্বৰত উত্তৰ পূৰ্বাঞ্চলজুৰি ক'লা দিন - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Friday 10 December 2021

ৰাজ্য সভাত 'কা' অনুমোদনৰ দিনটোৰ নেছ' ৰ আহ্বানত ১১ ডিচেম্বৰত উত্তৰ পূৰ্বাঞ্চলজুৰি ক'লা দিন

 

অসমতো নেছ' ৰ আহ্বানত আছুৱে পালন কৰিব ক'লা দিন



W7s News নিউজ ডেস্ক : ২০১৯ চনৰ  ১১ ডিচেম্বৰত অবৈধ বাংলাদেশীৰ ৰক্ষক, খিলঞ্জীয়া বিৰোধী, উত্তৰ-পূৰ্বাঞ্চল বিৰোধী, সাম্প্ৰদায়িক, অসাংবিধানিক 'কা' ৰাজ্যসভাত অনুমোদন কৰিছিল। সেয়ে উত্তৰ পূৰ্বাঞ্চল ছাত্র সংগঠনে (নেছ') এই দিনটো ক'লা দিন হিচাপে গণ্য কৰি আহিছে। কাইলৈ উত্তৰ পূৰ্বাঞ্চলৰ সাতোখন ৰাজ্যত ক'লা পতাকা, কলা বেনাৰ উৰুৱাই, ওলমাই নেছ'ই ক'লা দিন হিচাপে পালন কৰিবলৈ আহ্বান জনাইছে। উত্তৰ পূৰ্বাঞ্চল ছাত্ৰ সংগঠন (নেছ') ৰ অধ্যক্ষ চেমু্ৱেল জেৰৱা,সম্পাদক প্ৰধান চিনাম  প্রকাশ, উপদেষ্টা ড০ সমুজ্জল কুমাৰ ভট্টাচাৰ্য কয় '  কেন্দ্ৰীয় চৰকাৰে 'কা' সংসদত অনুমোদন কৰিলেও উত্তৰ পূৰ্বাঞ্চলৰ সাতখন ৰাজ্যৰ খিলঞ্জীয়া জনসাধাৰণে 'কা' অগ্ৰাজ‍্য কৰিছে। উত্তৰ পূৰ্বাঞ্চলৰ অবৈধ বাংলাদেশীৰ ডাষ্টবিন নহয়। 'কা' বাতিল হ'বই লাগিব। 'কা' বাতিল নোহোৱা লৈকে উত্তৰ-পূৰ্বাঞ্চলজুৰি শান্তিপূৰ্ণ আন্দোলন অব্যাহত থাকিব। অসমতো নেছ' ৰ আহ্বানত সদৌ অসম ছাত্ৰ সন্থাই পালন কৰিব ক'লা দিন। সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি দীপাংক কুমাৰ নাথ আৰু সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই কয় ' নেছ' ৰ আহ্বানত সদৌ অসম ছাত্ৰ সন্থাই  কাইলৈ ৰাজ্যজুৰি ক'লা দিন পালন কৰিব।সকলো জিলাৰ সদৰৰ ৰাজহুৱা স্থানত ক'লা পতাকা উত্তোলন কৰি এই ক'লা দিন পালন কৰিব।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here