গুৱাহাটীৰ পৰা নতুন বিমান সংযোজনেৰে আঞ্চলিক নেটৱৰ্ক বৃদ্ধি ইণ্ডিগ’ৰ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Wednesday 15 December 2021

গুৱাহাটীৰ পৰা নতুন বিমান সংযোজনেৰে আঞ্চলিক নেটৱৰ্ক বৃদ্ধি ইণ্ডিগ’ৰ

 

 


       ১৫ ডিচেম্বৰৰ পৰা গুৱাহাটী আৰু পুনেৰ মাজত পোনপটীয়া সেৱা


 


W7s News ষ্টাফৰিপোর্টাৰ :  আঞ্চলিক বিমান সংযোগৰ পৰিসৰ বৃদ্ধিৰ লক্ষ্যৰে ভাৰতৰ আগশাৰীৰ বিমান সেৱা প্ৰদানকাৰী প্ৰতিষ্ঠান ইণ্ডিগ’ৱে ১৫ ডিচেম্বৰত গুৱাহাটী আৰু পুনেৰ মাজত নতুন পোনপটীয়া সেৱা আৰম্ভ কৰে৷ এই উপলক্ষে অনুষ্ঠিত এক অনুষ্ঠানত কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহণ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই ভাৰ্চুৱেলভাৱে মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে৷ অনুষ্ঠানটোত আৰু বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকে৷ গুৱাহাটী বিমান বন্দৰত বন্তি প্ৰজ্বলনেৰে এই নতুন সেৱাৰ শুভাৰম্ভ কৰা হয়৷ এই সন্দৰ্ভত ইণ্ডিগ’ৰ ‘চীফ ষ্ট্ৰেটেজী এণ্ড ৰেভিনিউ অফিচাৰ’ সঞ্জয় কুমাৰে কয়– ‘চিটি অব্‌ ইষ্টাৰ্ন লাইট গুৱাহাটী আৰু কুইন অব্‌ দা ডেক্কান পুনেৰ মাজত পোনপটীয়া বিমান সেৱা আৰম্ভ কৰিবলৈ পাই আমি অতি আনন্দিত৷ এই নতুন ঘৰুৱা বিমান সেৱাই আঞ্চলিক বিমান সেৱাৰ পৰিসৰ বৃদ্ধি কৰাৰ লগতে পূবৰ ৰাজ্যসমূহৰ বাণিজ্য, ব্যৱসায় আৰু পৰ্যটন খণ্ডৰ পৰিসৰ বৃদ্ধি কৰাত সহায় কৰিব৷ এই বিমান সেৱাই প্ৰতিষ্ঠানটোৰ ঘৰুৱা নেটৱৰ্কৰ পৰিসৰ বৃদ্ধি কৰাৰ লগতে দুয়োখন ৰাজ্যৰ মাজত ভ্ৰমণৰ সময় প্ৰায় ৫০ শতাংশপৰ্যন্ত হ্ৰাস কৰিব৷ আমি ব্যয়সাধ্য সময় উপযোগী আৰু সুৰক্ষিত বিমান সেৱা প্ৰদানৰ ক্ষেত্ৰত বদ্ধপৰিকৰ৷’ ইণ্ডিগ’ৱে উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ পৰা আৰু অন্যান্য ৰাজ্যসমূহৰ পৰা এই অঞ্চললৈ বিমান সংযোগ বৃদ্ধি কৰাৰ ক্ষেত্ৰত কাম কৰি আছে৷ সম্প্ৰতি প্ৰতিষ্ঠানটোৱে অসমৰ গুৱাহাটী, শিলচৰ, ডিব্ৰুগড় আৰু যোৰহাটৰ পৰা সপ্তাহত ৫০০ তকৈও অধিক বিমান পৰিচালনা কৰি আছে৷

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here