আদাবাৰীত মেটেল বাইকচ বাজাজৰ বিপনি মুকলি - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Wednesday 15 December 2021

আদাবাৰীত মেটেল বাইকচ বাজাজৰ বিপনি মুকলি

 




W7s News ষ্টাফৰিপোর্টাৰ :  দেশৰ অগ্ৰণী  দুচকীয়া বাহন নিৰ্মাতা প্ৰতিষ্ঠান  মেটেল বাইকচ বাজাজে  গুৱাহাটীৰ আদাবাৰীত  দীনেশ গোস্বামী পথৰ দাঁতিত ( জালুকবাৰী জামে মছজিদৰ বিপৰীত দিশত ) বুধবাৰে এখন বিপনি মুকলি কৰে । বিপনিখন মুকলি কৰে বাজাজ অটোৰ  ( পূব )  উপ সভাপতি কৰণ সিনহাই । এই উপলক্ষে বাজাজ অটোৰ জনসম্পৰ্কৰক্ষী মনোজ গুলোছাই আঁত ধৰা চমু অনুষ্ঠানত কৰণ সিনহাই ভাষণত দেশৰ উঠি অহা নতুন প্ৰজন্মৰ বাবে উপযোগীকৈ বাইক  নিৰ্মাণ কৰা হৈছে বুলি ব্যক্ত কৰি দুটা বিশেষ আকৰ্ষণীয় ৰঙত উপলব্ধ হব বুলি সদৰি কৰে । অনুষ্ঠানত বাজাজ অটোৰ ক্ষেত্ৰীয় প্ৰবন্ধক কনিষ্ক বেনাৰ্জী , মেটেল বাইকচ বাজাজৰ প্ৰিন্সিপাল ডীলাৰ  তথা স্বত্বাধিকাৰী ৰাজেন্দ্ৰ ৰাজপালকে ধৰি কেবাজনো বিশিষ্ট লোক উপস্থিত থাকে । উল্লেখযোগ্য যে এই নতুন পালচাৰ -  এফ ২৫০  আৰু পালচাৰ  এন ২৫০ ৰ ন্যূনতম মূল্য ১,৪১,৪৫৯ টকা আৰু ১,৪৩,৪৬২ টকাৰ পৰা আৰম্ভ হব । তেনেকৈ বাইকৰ বডীটো যুৱ প্ৰজন্মৰ যাতে পছন্দ হয় তেনে ধৰণে ডিজাইন কৰা হৈছে ।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here