বৰ্ধিত ঔদ্যোগিক নীতিকলৈ একতা প্ৰদৰ্শন উত্তৰ-পূবৰ কেন্দ্ৰীয় মন্ত্ৰী আৰু সাংসদৰ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Wednesday 15 December 2021

বৰ্ধিত ঔদ্যোগিক নীতিকলৈ একতা প্ৰদৰ্শন উত্তৰ-পূবৰ কেন্দ্ৰীয় মন্ত্ৰী আৰু সাংসদৰ

 


W7s News ষ্টাফৰিপোর্টাৰ : উত্তৰ-পূব প্ৰান্তটোক উচ্চ বিকাশৰ পথলৈ লৈ যোৱাৰ  বাবে প্ৰয়োজনীয় নীতি আৰু উন্নয়নৰ বিষয়ে আলোচনা কৰিবলৈ নৰ্থ ইষ্ট এমপি ফ'ৰামৰ সহযোগত ফাইনাৰে এখন ইণ্টাৰেক্টিভ অধিবেশন আয়োজন কৰিছিল। যিখনত উত্তৰ পূবৰ কেন্দ্ৰীয় মন্ত্ৰী আৰু সাংসদে অংশ গ্ৰহণ কৰিছিল। অনুষ্ঠানত ভাষণ প্ৰদান কৰি আইন আৰু ন্যায় মন্ত্ৰী তথা নৰ্থ ইষ্ট এমপি ফ'ৰামৰ অধ্যক্ষ কিৰেন ৰিজিজু কয় যে উত্তৰ-পূৰ্বাঞ্চলৰ বিকাশত নতুন আৰু উন্নত নীতিৰ বৰ্ধিত প্ৰয়োজনীয়তা আৰু ই বিকাশত কেনেদৰে প্ৰভাৱ পেলাব পাৰে তাৰ কথা তেওঁ বুজি পায়। তেওঁ লগতে উন্নত নীতি প্ৰৱৰ্তন বাবে এমপি ফ'ৰামক সম্পূৰ্ণ সমৰ্থন আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি দিয়ে।উত্তৰ-পূৰ্বাঞ্চলৰ আটাইকেইটা দলৰ ২৬ জন সাংসদ উপস্থিত আছিল, যাৰ ভিতৰত আছিল কেন্দ্ৰীয় আইন আৰু ন্যায় মন্ত্রী তথা নৰ্থ ইষ্ট এমপি ফ'ৰামৰ অধ্যক্ষ কিৰেন ৰিজিজু, বন্দৰ, জাহাজ আৰু জলপথ আৰু আয়ুষৰ মন্ত্ৰী সৰ্বানন্দ সোণোৱাল,পেট্ৰ'লিয়াম,প্ৰাকৃতিক গেছ আৰু শ্ৰমিক আৰু নিযুক্তিৰ ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলী আৰু শিক্ষা আৰু বৈদেশিক পৰিক্ৰমাৰ ৰাজ্যিক মন্ত্ৰী ৰাজ কুমাৰ ৰঞ্জন সিংকে ধৰি আন বহুজন। ইয়াৰ পূৰ্বে অংশ গ্ৰহণকাৰীসকলক আদৰণি জনাই ফাইনাৰৰ অধ্যক্ষ পবিত্ৰ বুঢ়াগোহাঁইয়ে কয় যে উত্তৰ পূৰ্বাঞ্চলৰ বিকাশৰ বাবে গুৰুত্বপূৰ্ণ আৰু প্ৰাসংগিক বিষয়সমূহ পুনৰ বিবেচনা কৰাটো প্ৰয়োজনীয়।অঞ্চলটোলৈ আহি পৰা প্ৰত্যাহ্বান আৰু সুযোগৰ বিষয়ে উত্তৰ-পূৰ্বাঞ্চল বিকাশ মন্ত্ৰালয়ৰ উমৈহতীয়া মঞ্চ নৰ্থ ইষ্ট এমপি ফ'ৰাম আৰু ফাইনাৰে বিকাশৰ দিশসমূহৰ বাবে কাম কৰি আহিছে, যিবোৰ অঞ্চলটোৰ বিকাশৰ বাবে গুৰুত্বপূৰ্ণ আৰু প্ৰাসংগিক। তেওঁ লগতে কয় যে আন্তঃগাঁথনি আৰু সংযোগ ত্বৰান্বিত কৰাটো অঞ্চলটোৰ বাবে অতি গুৰুত্বপূৰ্ণ। সীমান্ত কেন্দ্ৰত এক্ট ইষ্ট পলিচীক বাস্তৱত পৰিণত কৰাৰ বিষয়েও তেওঁ কয়।।বৈঠকখনত নিম্নতম ১০ বছৰৰ বাবে ইনচেণ্টিভৰে নতুন ঔদ্যোগিক নীতিৰ বাবে এক সহমত সৃষ্টিৰ ওপৰত আলোচনা কৰে।এমএছএমই খণ্ডৰ বাবে অতিৰিক্ত ইনচেণ্টিভ আৰু দক্ষিণ এছিয়া আৰু দক্ষিণ পূব এছিয়াৰ সৈতে বাণিজ্য বৃদ্ধি আৰু জলপথৰ বিকাশত বাধা নাইকিয়া কৰি পৰিবহন সহজ কৰাৰ ওপৰত আলোচনা কৰে। অসম চৰকাৰৰ উদ্যোগ আৰু বাণিজ্য বিভাগৰ প্ৰধান সচিব ড০ কে কে দ্বিবেদীয়ে আইএএছে, এক প্ৰেজেণ্টেচন আগবঢ়ায় ঔদ্যোগিক আৰু অৰ্থনীতি পৰিস্থিতিৰ ওপৰত। তেওঁ অঞ্চলটোৰ পূৰ্বৰ গৌৰৱ ঘূৰাই পাবলৈ বিশেষ অৰ্থনৈতিক পেকেজ আৰু বিশেষ নীতিৰ কথা কয়।তেওঁ কৈছিল যে অঞ্চলটোত সংযোগ ক্ষেত্ৰ থকাটো অত্যাৱশ্যকীয়, যি অধিক নিযুক্তি সৃষ্টি কৰিব পাৰে আৰু জনমূৰি উপাৰ্জন বৃদ্ধি কৰিব পাৰে। ফাইনাৰৰ পৰিচালক সন্দীপ খৈতানে ঔদ্যোগিক বিকাশক উৎসাহিত কৰিবলৈ শক্তিশালী ইক'চিষ্টেম আৰু প্ৰতিযোগিতামূলক সুবিধা থকা খণ্ডবোৰৰ বিষয়ে আলোকপাত কৰিছিল। উপাধক্ষ্য বজৰং লোহিয়াই সামৰণি ভাষণ প্ৰদান কৰাৰ সময়ত মন্ত্ৰী আৰু সাংসদসকলে এই অতি গুৰুত্বপূৰ্ণ অধিৱেশনত যোগদান কৰাৰ বাবে আৰু তেওঁলোকৰ দ্বাৰা সমৰ্থন আৰু প্ৰতিশ্ৰুতি প্ৰদৰ্শন ৰ বাবে আন্তৰিকতাৰে ধন্যবাদ জ্ঞাপন কৰে। তেওঁ কয় যে উদ্যোগটোৱে এক উচ্চ বিকাশৰ পথ লাভ কৰা আৰু নীতি, আন্তঃগাঁথনি, আৰু বিত্তৰ প্ৰৱেশাধিকাৰৰ ক্ষেত্ৰত অনুকূল পৰিৱেশ হোৱাটো গুৰুত্বপূৰ্ণ।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here