এম.ৱাই.এম. গুৱাহাটীৰ উদ্যোগত সভা - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Friday 17 December 2021

এম.ৱাই.এম. গুৱাহাটীৰ উদ্যোগত সভা

 



W7s News ষ্টাফৰিপোর্টাৰ : মাৰোৱাৰী যুৱ মঞ্চ চমুকৈ এম.ৱাই.এম গুৱাহাটীৰ উদ্যোগত শুকুৰবাৰে প্ৰথমখন ব্যৱসায়িক মঞ্চ ‘আগমণ’ সভা অনুষ্ঠিত কৰা হয়। ৭৬৩ তকৈও অধিক ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় শাখাৰ সৈতে ভাৰতৰ সৰ্ববৃহৎ বেচৰকাৰী সংগঠন অল ইণ্ডিয়া মাৰৱাৰী যুৱ মঞ্চৰ (এআইএমৱাইএম) ৰাষ্ট্ৰীয় সভাপতি কপিল লাখোটিয়াৰ উপস্থিতিত মাৰোৱাৰী যুৱ শাখাই এই অনুষ্ঠানৰ আয়োজন কৰে। অনুষ্ঠানত ৰাষ্ট্ৰীয় সম্পাদক প্রশান্ত খাণ্ডেলিয়া, ৰাষ্ট্ৰীয় উপ-সভাপতি ৰাজীৱ চান্দকৰ লগতে বহু গণ্য-মান্য ব্যক্তি উপস্থিত থাকে। ‘আগমণ’ হৈছে এনে ধৰণৰ প্ৰথম ব্যৱসায়িক মঞ্চ যাক মাৰোৱাৰী যুৱ মঞ্চৰ গুৱাহাটী শাখাই দেশৰ ৭৬৩ শাখাৰ ভিতৰত প্ৰথম শাখাই ‘আগমণ’ শীর্ষক অনুষ্ঠানৰ আয়োজন কৰে, যাৰ অধীনত সদস্যসকলে কেৱল ইজনে সিজনৰ ব্যৱসায়ত কেৱল সহযোগিতা কৰাই নহয়, তেওঁলোকে ব্যৱসায়িক তথ্য লাভ কৰে। ইফালে সদস্যসকলৰ মাজত পাৰস্পৰিক সম্পৰ্ক ‘আগমণ’ৰ জৰিয়তে শক্তিশালী কৰা, সদস্যসকলৰ বাবে তেওঁলোকৰ ব্যৱসায় সম্প্ৰসাৰিত কৰাৰ পথ প্রশস্ত কৰাই মূল উদ্দেশ্য। আন এটা গুৰুত্বপূৰ্ণ কথা হ’ল সদস্যসকলক বাণিজ্য সম্পৰ্কীয় বিষয়বোৰ আলোচনা কৰাৰ বাবে এখন মঞ্চ প্ৰদান কৰা । এতিয়ালৈকে শাখাৰ ৪০ জনতকৈও অধিক সদস্যই ছেপ্টেম্বৰ মাহত বিশাল জৈনৰ তত্ত্বাৱধানত ‘আগমণ’ত যোগদান কৰিছে। উল্লেখ্য যে শাখাৰ সভাপতি মোহিত মালু, শাখা সচিব সূৰয জৈন, কোষাধ্যক্ষৰ দায়িত্বত আছে অনুপ শর্মা। ‘আগমণ’ৰ সদস্যসকলৰ ব্যৱসায়িক কার্যকলাপ আদি আলোচনা কৰিবলৈ প্ৰতি মাহৰ দ্বিতীয় আৰু চতুৰ্থ সোমবাৰে ‘আগমণ’ সভাৰ আয়োজন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। এম ৱাই এম গুৱাহাটী শাখাৰ জনসম্পৰ্ককাৰী বিষয়া আকাশ শৰ্মাই এই কথা জনায়।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here