অসম গ্ৰন্থমেলাৰ লাইখুঁটা স্থাপন - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Friday 17 December 2021

অসম গ্ৰন্থমেলাৰ লাইখুঁটা স্থাপন


 


গ্ৰন্থমেলা সংস্কৃতিৰ অংগ হৈ পৰিছে-ফণীন্দ্ৰ কুমাৰ দেৱচৌধুৰী




W7s News ষ্টাফৰিপোর্টাৰ :  অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্রেতা সংস্থাৰ যৌথ উদ্যোগত ২৯ ডিচেম্বৰ পৰা ৯ জানুৱাৰীলৈ গুৱাহাটীৰ চানমাৰিস্থিত অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠান খেলপথাৰত অনুষ্ঠিত হ''ব লগীয়া অসম গ্ৰন্থমেলাৰ লাইখুঁটা স্থাপন শুকুৰবাৰে সম্পন্ন কৰা হয়। এই উপলক্ষে অসম অভিযান্ত্রিক প্রতিষ্ঠান খেলপথাৰত আয়োজন কৰা এক মাংগলিক অনুষ্ঠানত লাইখুঁটা স্থাপন কৰে অসম প্ৰকাশন পৰিষদৰ উপাধ্যক্ষ সুমন্ত চলিহা আৰু বিশিষ্ট সাহিত্যিক-সাংবাদিক-সমালোচক ফণীন্দ্ৰ কুমাৰ দেৱচৌধুৰীয়ে। এই  অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে অংশগ্রহণ কৰি অসম প্ৰকাশন পৰিষদৰ উপাধ্যক্ষ তথা বিশিষ্ট অভিধান প্রণেতা সুমন্ত চলিহাই অসম গ্রন্থমেলাই অসমৰ গ্ৰন্থ সংস্কৃতিৰ বাবে বহু নতুন দিশ উন্মোচন কৰিব বুলি উল্লেখ কৰে। লগতে এইবাৰ পি পি ই মুদত গ্ৰন্থামেলা অনুষ্ঠিত হ'ব।

এই গ্ৰন্থমেলাই নতুন অধ্যায়ৰ সূচনা কৰিব।'

তেওঁ অসম গ্ৰন্থমেলাৰ সফল সমাপনৰ বাবে সকলো পক্ষৰে সহযোগিতা কামনা কৰে।অনুষ্ঠানৰ প্ৰাৰম্ভতে অসম প্ৰকাশন পৰিষদৰ সচিব প্রমোদ কলিতাই অসম গ্রন্থমেলাৰ আয়োজন সন্দৰ্ভত বিস্তৃত ব্যাখ্যা আগবঢ়ায়। প্রমোদ দাসে আঁত ধৰা  অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰি বিশিষ্ট সাহিত্যিক সাংবাদিক-সমালোচক ফণীন্দ্ৰ কুমাৰ দেৱচৌধুৰীয়ে কয়  'এই গ্রন্থমেলাই অসমৰ গ্ৰন্থ প্রকাশক বিক্রেতা তথা লেখকসকললৈ এক সুন্দৰ বার্তা কঢ়িয়াই আনিব। সংকটৰ সময়ত আমি একেলগ হৈ আগবাঢ়িব লাগিব। গ্ৰন্থমেলা সংস্কৃতিৰ অংগ হৈ পৰিছে। আমাৰ শিৰা  ধমনীৰে গ্ৰন্থ মেলাৰ বার্তা প্ৰবাহিত হয়। গ্ৰন্থ উৎসৱ যাতে প্ৰত্যেকটো শিক্ষানুষ্ঠানৰ যাতে এটা অংগ হৈ পৰে সেই ক্ষেত্ৰত শিক্ষামন্ত্ৰীয়ে গুৰুত্ব দিব লাগে।'অনুষ্ঠানত সদৌ অসম পুথি প্ৰকাশক আৰু বিক্রেতা সংস্থাৰ সভাপতি ইমৰান আহমদ, সাধাৰণ সম্পাদক ধীৰাজ গোস্বামী, প্ৰকাশন পৰিষদৰ সদস্য ড° প্ৰশান্ত চক্রবর্তীকে ধৰি বহুসংখ্যক গণ্য মান্য ব্যক্তি উপস্থিত থাকে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here