এমৱাইএম গুৱাহাটীৰ উদ্যোগত এনইপিএলৰ পঞ্চম সংস্কৰণ মুকলি - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Saturday 18 December 2021

এমৱাইএম গুৱাহাটীৰ উদ্যোগত এনইপিএলৰ পঞ্চম সংস্কৰণ মুকলি

 




W7s News ষ্টাফৰিপোর্টাৰ:  আগশাৰীৰ বেচৰকাৰী সংগঠন মাৰোৱাৰী যুৱ মঞ্চ চমুকৈ এম ৱাই এম গুৱাহাটী শাখাৰ উদ্যোগত নৰ্থ-ইষ্ট প্রিমিয়াম লীক চমুকৈ এনইপিএলৰ পঞ্চম সংস্কৰণ মুকলি কৰা হয়। আজি গুৱাহাটীৰ বিশ্বৰত্ন হোটেলত আয়োজিত এই এন ই পি এলৰ সংস্কৰণ ৫মৰ উদ্বোধনী অনুষ্ঠানৰ আদৰণি ভাষণ আগবঢ়াই সভাপতি মোহিদ মালুৱে। উক্ত অনুষ্ঠানত সৰ্বভাৰতীয় মাৰোৱাৰী যুৱ মঞ্চ চকুকৈ এ আই এম ৱাই এমৰ ৰাষ্ট্ৰীয় সভাপতি কপিল লখোটিয়াই মুখ্য অতিথি, ৰাষ্ট্ৰীয় উপ-সভাপতি ৰাজীৱ চান্দক, ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক প্রশান্ত খাণ্ডেলিয়া আৰু অসম আৰক্ষীৰ যুটীয়া আৰক্ষী আয়ুক্ত পাৰ্থ সাৰথি মহন্ত বিশেষ আমন্ত্রিত অতিথি হিচাপে উপস্থিত থাকে। ইয়াৰ উপৰিও, এনইপিএলৰ মুখ্য পৃষ্ঠপোষক অমিত জৈন, বায়'ফিট জিমৰ মুৰব্বী আৰু সকলো দলৰ প্ৰতিনিধি উপস্থিত থাকে। ভাষণত সকলোকে আদৰণি জনাই শাখাৰ সভাপতি মোহিত মালুৱে কয় যে এনইপিএল আয়োজনৰ মূল উদ্দেশ্য হৈছে সমাজৰ যুৱ-প্ৰজন্মৰ প্ৰতিভাক আগবঢ়াই নিয়া। ৰাষ্ট্ৰীয় সভাপতি কপিল লাখোটিয়াই এনইপিএলৰ বাবে এমৱাইএম গুৱাহাটী শাখাক প্রশংসা কৰি কয় যে যুৱসকলক মঞ্চৰ সৈতে সংযোগ কৰাৰ প্রচেষ্টাত এনইপিএলে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। তেওঁ খেলখনৰ সকলো প্রতিনিধি আৰু খেলুৱৈ সকললৈ শুভেচ্ছা জ্ঞাপন কৰে। এই উপলক্ষে বিশেষ অতিথি হিচাপে অহা যুটীয়া আৰক্ষী আয়ুক্ত পাৰ্থ সাৰথি মহন্তই কয় যে সমাজ সেৱাক ক্ৰীড়াৰ সৈতে সংযোগ কৰাটো এক অভিনৱ পদক্ষেপ। ই যুৱসকলৰ মাজত ক্ৰীড়াৰ প্ৰতি আকৰ্ষণ বৃদ্ধি কৰিব। একে সময়তে, সমাজ সেৱাৰ প্ৰতি তেওঁলোকৰ আগ্ৰহও বৃদ্ধি পাব। তেওঁ এই উদ্যোগৰ বাবে মাৰোৱাৰী যুৱ মঞ্চক প্ৰশংসা কৰে। লীগৰ আনুষ্ঠানিক উদ্বোধনৰ পিছত সকলো ট্ৰফী আৰু বঁটা উন্মোচন কৰা হয়। এই উপলক্ষে এনইপিএলৰ অধ্যক্ষ সুমিত ঝাৱাৰ আৰু আহ্বায়ক বিনয় কাংকৰিয়া, বিজিত প্ৰকাশ আৰু বিশাল জৈনে এনইপিএল সম্পৰ্কীয় সকলো প্ৰস্তুতিৰ বিষয়ে অৱগত কৰে। শাখা সচিব সূৰ্য জৈনে অনুষ্ঠানটো পৰিচালনা কৰে। উল্লেখ্য যে এমৱাইএম গুৱাহাটী শাখাই একেৰাহে পঞ্চম বছৰৰ বাবে মেগা বার্ষিক ক্রিকেট টুনামেণ্ট চমুকৈ এন ইপি এল ক্রিকেট টুর্ণামেন্ট আয়োজন কৰিছে। এনইপিএলত মুঠ ১২ টা দলে অংশগ্ৰহণ কৰিছে। অহা ২০ৰ পৰা ২৬ ডিচেম্বৰলৈ গুৱাহাটীৰ জাজফিল্ড আৰু লতাশিল ফিল্ডত অনুষ্ঠিত হ’ব খেলসমূহ। এই প্রতিযোগিতাৰ মুখ্য পৃষ্ঠপোষক হৈছে বায়’ফিট জিম। শাখাটোৰ জনসম্পৰ্ক বিষয়া আকাশ শর্মাই এক প্ৰেছ বিজ্ঞপ্তিযোগে এই কথা জানিবলৈ দিয়ে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here