ওপজা দিনত বৰেণ্য সাহিত্যিক, সাংবাদিক, কথশিল্পী, মানৱ দৰদী হোমেন বৰগোহাঞিক সশ্ৰদ্ধ সোঁৱৰণ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Tuesday 7 December 2021

ওপজা দিনত বৰেণ্য সাহিত্যিক, সাংবাদিক, কথশিল্পী, মানৱ দৰদী হোমেন বৰগোহাঞিক সশ্ৰদ্ধ সোঁৱৰণ

 



W7s News ষ্টাফৰিপোর্টাৰ : হেমেন বৰগোহাঞি অনুৰাগী সমাজৰ উদ্যোগত আৰু

সহযোগত কৰুণাধাৰাৰ সহযোগত ৯০ সংখ্যক ওপজা দিন উপলক্ষে  বৰেণ্য সাহিত্যিক, সাংবাদিক, কথশিল্পী, মানৱ দৰদী প্ৰয়াত হোমেন বৰগোহাঞিক সশ্ৰদ্ধ সোঁৱৰণ কৰা হয়। মঙলবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত অনুষ্ঠিত সোঁৱৰণী সভাখনৰ আৰম্ভণিতে উপস্থিত বিশিষ্ট ব্যক্তিসকলে প্ৰথিতযশা সাহিত্যিক, সাংবাদিক প্ৰয়াত হোমেন বৰগোহাঞিৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্জ্বলন আৰু পুষ্পঞ্জলি অৰ্পণ কৰে। 

বিশিষ্টভ সহিত্যিক, অৰ্থনীতিবিদ গৌতম প্ৰসাদ বৰুৱাৰ সভাপতিত্বত অনুষ্ঠিত সোঁৱৰণী সভাত আদৰণি ভাষণ দিয়ে  কৰুণাধাৰাৰ উপ-সভাপতি নীলিমা গোস্বামীয়ে। সভাত প্ৰথিতযশা সাহিত্যিক, সাংবাদিক প্ৰয়াত হোমেন বৰগোহাঞিইৰ ঘনিষ্ঠ পানীৰাম দলে বৰগোহাঞিইৰ সান্নিধ্যৰ কথা উল্লেখ কৰে। তেওঁ লগতে কয় ' হোমেন বৰগোহাঞিয়ে কৰ্মহীন জীৱন মৃত বুলি কৈছিল। তেঁও নিয়মানুবৰ্তি, শৃংখলাবদ্ধ আৰু যথেষ্ট অধ্যয়ণপুষ্ট ব্যক্তি আছিল। দেশী বিদেশী লেখকৰ গ্ৰন্থ তেওঁ অধ্যয়ন কৰিছিল। তেওঁ আমাৰ মাজত চিৰদিন জীয়াই থাকক।' সভাত গুৱাহাটীৰ বিশ্ববিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ অধ্যাপক, বিশিষ্ট লেখক ড০ অখিল ৰঞ্জন দত্তই কয় ' হোমেন বৰগোহাঞিৰ চিন্তাৰ পৰিধি মূল্যায়ন কৰিবলৈ হলে গভীৰভাৱে অধ্যয়ন কৰিব লাগিব। তাৰবাবে হয়তো আমি কেইবাটাও দশক অপেক্ষা কৰিব লাগিব। তেওঁ পোহৰৰ সন্ধানৰ কাম কৰিছিল। তেওঁ মাস্কবাদৰ প্ৰতি আকৃষ্ট হোৱাৰ পাছতো তাকলৈ সন্তুষ্ট হ'ব পৰা নাছিল। তেওঁৰ লিখনি সমূহে তেওঁৰ সাহস, সংবেদনশীলতা পৰিচয় দিয়ে। তেওঁ সদায়  সকলোকে অনুপ্ৰেণিত কৰিছিল। তেওঁৰ সাহসতে 'আমাৰ অসম' কাকতত ধাৰাভাষ্য লিখিছিলোঁ। তেওঁ দিয়া অনুপ্ৰেৰণা সদায় মনত ৰাখিম ।' সভাত ৰাষ্ট্ৰীয় বঁটা প্ৰাপক চলচ্চিত্ৰ নির্মাতা

চাৰু কমল হাজৰিকাই বিশিষ্ট সাহিত্যিক নিৰুপমা বৰগোহাঞিৰ গ্ৰন্থ 'এৰাব উভতি চাওঁ' উন্মোচন কৰি কয় ' কিতাপ ভালপোৱা ব্যক্তি এজনৰ ওপজা দিনত এখন গ্ৰন্থ প্ৰকাশ পোৱাটোৱে এটা ইতিবাচক কথা। তেওঁৰ ওপজা দিনত ইয়াতকৈ ডাঙৰ উপহাৰ একো হ'ব নোৱাৰে। দৃষ্টিকোণ আৰু উপস্থাপন শৈলী সঠিক হলেহে এটা নতুন সৃষ্টি সম্ভৱ। 'এবাৰ উভতি চাওঁ' গ্ৰন্থখনত বহুত গুৰুত্বপূৰ্ণ বিষয় সামৰি প্ৰকাশ কৰা হৈছে আৰু গ্ৰন্থখনে পাঠকৰ হৃদয়ত স্থান পাব বুকি আশা কৰিলোঁ।' সভাত কৰুণাধাৰাৰ সভাপতি প্ৰতুল ফুকন, ধনদা দেৱী আদিয়ে চমু বক্তব্য আগবঢ়ায়। 

ডাঃ ৰুবি কটকীয়ে আঁতধৰা  সভাখনত

সভাত মণিকা দাসে কবিতা পাঠ,ডাঃ অঞ্জনজ্যোতি চৌধুৰী আৰু শ্ৰুতি গোস্বামীয়ে প্ৰয়াত হোমেন বৰগোহাঞিৰ নামত উৎসৰ্গিত ডাঃ সৌৰভ কুমাৰ ভূঞাই লিখা এটা গীত  পৰিবেশন কৰে।  লগতে কৰুণাধাৰাৰ তৰফৰ পৰা এটা দৃশ্যশ্ৰৱ্য সঁফুৰৰে প্ৰয়াত বৰগোহাঞিক  সোঁৱৰণ কৰা হয়। বিশিষ্ট লেখিকা নিকুমণি হুছেইনে সভাত শলাগৰ শৰাই আগবঢ়োৱা সভাত প্ৰয়াত হোমেন বৰগোহাঞিৰ বোৱাৰী চোভিনী বৰগোহাঞিৰ লগতে বৰগোহাঞিৰ অনুৰাগী সমাজ আৰু কৰুণাধাৰাৰ বহু সংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here