হোমেন বৰগোহাঞিৰ জন্ম দিৱস উপলক্ষে 'সমন্বয় দিৱস' - W7S News

Breaking News

demo-image

Home Top Ad

Responsive Ads Here

Post Top Ad

Tuesday, 7 December 2021

demo-image

হোমেন বৰগোহাঞিৰ জন্ম দিৱস উপলক্ষে 'সমন্বয় দিৱস'

Responsive Ads Here

 

.com/img/a/



W7s News ষ্টাফৰিপোর্টাৰ:  প্ৰথিতযশা সাহিত্যিক, সাংবাদিক প্ৰয়াত হোমেন বৰগোহাঞিৰ জন্ম দিৱস উপলক্ষে গুৱাহাটী প্ৰেছ ক্লাৱত মঙলবাৰে সমন্বয়ৰ দিন পালন কৰা হয়। বিশিষ্ট সাহিত্যিক ইছমাইল হোছেইনৰ পৌৰোহিত্যত অনুষ্ঠান সভাখনত বিশিষ্ট সাংবাদিক প্ৰণয় বৰদলৈ,নিতুমনি শইকীয়া, চৰ চাপৰি সাহিত্য পৰিষদ, অসমীয়া সমাজৰ সভাপতি ডাঃ ফজলুল হক চৌধুৰী উপস্থিত থাকে। সভাৰ আৰম্ভণিতে প্ৰথিতযশা সাহিত্যিক, সাংবাদিক প্ৰয়াত হোমেন বৰগোহাঞিৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্জ্বলন আৰু পুস্পাঞ্জলি

অপৰ্ণা কৰে বিশিষ্ট সাহিত্যিক ইছমাইল হোছেইনৰ আৰু বিশিষ্ট সাংবাদিক প্ৰণয় বৰদলৈয়ে। সভাৰ আৰম্ভণিতে লোপা মুদ্ৰা নেওগে ঘোষা পাঠ কৰে। সভাত হোমেন বৰগোহাঞিৰ স্মৃতিত কবিতা পাঠ কৰে

স্বপ্না নেওগ সন্দিকৈয়ে। সভাত প্ৰয়াত হোমেন বৰগোহাঞিৰ স্মৃতি চাৰণ কৰি বিশিষ্ট সাংবাদিক প্ৰণয় বৰদলৈয়ে কয় ' হোমেন বৰগোহাঞিৰ পৰা সাংবাদিকতাৰ যি আদি পাঠ লাভ কৰিছিলোঁ সেয়া মোৰ জীৱনৰ সম্পদ হৈ ৰ'ল। তেওঁৰ পৰা শিকিবলগীয়া সম্পদৰ অন্যতম হ'ল নিয়ামানুবৰ্তিতা আৰু সময়ৰ ব্যৱহাৰ। তেওঁ শিশুসুলভ আছিল। তেওঁ সহজ সৰল ভাষাৰে লিখিছিল। তেওঁৰ জীৱন কালত যথোচিত মূল্যাংকন কৰা নহ'ল। তেওঁৰ স্মৃতি যুগমীয়া কৰিব লাগিব।' সভাত বিশিষ্ট সাংবাদিক নিতুমনি শইকীয়াই কয় '

হোমেন বৰগোহাঞি আছিল মোৰ বাবে বৌদ্ধিক অভিভাৱক আৰু সাংবাদিকতাৰ পিতৃস্বৰূপ। তেওঁ আছিল শিশুসুলভ আৰু অত্যন্ত মৰমিয়াল। তেওঁ আছিল অসমীয়া জাতিৰ স্বাভিমান। মই তেওঁক অনুসৰণ কৰিছিলোঁ। তেওঁৰ দৰে হোৱাৰ স্বপ্ন দেখিছিলোঁ। মোক বগা কাপোৰে নঢকালৈ তেওঁক অনুকৰণ কৰি যাম।'অনামিকা নাথে আঁতধৰা সভাখনত কবি, লেখিকা বন্তিৰীমা ফুকন শইকীয়াৰ কাব্য গ্ৰন্থ ' তোমাক কেতিয়াও  নাযাওঁ বিচাৰি' উন্মোচন কৰে বিশিষ্ট সাহিত্যিক ইছমাইল হোছেইন কয় ' বন্তিৰীমাৰ কবিতাত সাংস্কৃতিক প্ৰেমে গভীৰতা লাভ কৰিছে। তেওঁৰ কবিতাত আছে লোকভাষাৰ স্বত:স্ফুত প্ৰকাশ। লেখিকাৰ ভাষাৰ মাধুৰ্য আৰু সৌন্দৰ্য অনুভৱ কৰিব পাৰি। তেওঁ এনেদৰে কবিতা সৃষ্টি কৰি যাব বুলি আশা কৰিলোঁ।'সভাত ধুবুৰীৰ পৰা লখিমপুৰলৈ বিভিন্ন ঠাইৰ পৰা আহি গোটখুৱাব গুণমুগ্ধৰ উপস্থিতিত অনুষ্ঠিত 'সম্বন্বয়ৰ দিনত' প্ৰতিভাবান চিত্ৰশিল্পী হাজিক ৰাছাদে অংকন কৰা হোমেন বৰগোহাঞিৰ এখন প্ৰতিচ্ছবি চৰ-চাপৰি অসমীয়া সমাজলৈ আগবঢ়ায়। সমন্বয়মূলক বিহুনামেৰে সভাৰ সামৰণি পৰে।

No comments:

Post a Comment

Post Bottom Ad

Contact Form

Name

Email *

Message *