সদৌ অসম চৰকাৰী এন পি এছ কৰ্মচাৰী সন্থাৰ বৰ্ধিত কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সমিতিৰ সভা - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Tuesday 7 December 2021

সদৌ অসম চৰকাৰী এন পি এছ কৰ্মচাৰী সন্থাৰ বৰ্ধিত কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সমিতিৰ সভা

 

২৭ ডিচেম্বৰত এন পি এছ আঁচনিৰ বিৰোধিতা কৰি প্ৰতিবাদ





W7s News নিউজ ডেস্ক:    অসমৰ কৰ্মচাৰী সমাজৰ ওপৰত ৫ ডিচেম্বৰত জাপি দিয়া এন পি এছ নামৰ ব্যাধিক আতৰাই পঠিয়াই কৰ্মচাৰী সমাজক ন্যায় দিয়াৰ বাবে সদৌ অসম চৰকাৰী এন পি এছ কৰ্মচাৰী সন্থাই কাম কৰি যাবলৈ পুনৰ প্ৰতিজ্ঞাবদ্ধ হৈছে। ৰাজ্যৰ ২ লক্ষাধিক বিষয়া, শিক্ষক, আৰক্ষী, কৰ্মচাৰীৰ উমৈহতীয়া অনুষ্ঠান, সদৌ অসম চৰকাৰী এন পি এছ কৰ্মচাৰী সন্থাৰ বৰ্ধিত কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সমিতিৰ সভাত এই সিদ্ধান্ত গ্ৰহণ কৰা বুলি প্ৰকাশ কৰে সন্থাৰ সভাপতি  অচ্যুতানন্দ হাজৰিকাই।  ঐতিহ্যমণ্ডিত ৰঙিয়া মহাবিদ্যালয় প্ৰেক্ষাগৃহত মঙলবাৰে অনুষ্ঠিত অতি গুৰুত্বপূৰ্ণ সভাত সন্থাৰ কাৰ্যসূচী সমূহক এক নতুন ৰূপ দিয়া হয়। “অসম চৰকাৰ, আমাৰ চৰকাৰ। চৰকাৰে বিগত সময়চোৱাত কৰ্মচাৰী সমাজক সঠিক ভাবে পৰিচালনা কৰাৰ প্ৰয়াস কৰিছে। এন পি এছ কৰ্মচাৰী সকলক ডি চি আৰ জি  প্ৰদান কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰি ১০ দিন চাকৰি কৰিলেও ন্যূনতম ১০ লাখ টকাৰ ডি চি আৰ জি প্ৰদান কৰাৰ আশ্বাস দিছিল, যিটো কৰ্মচাৰী সমাজৰ বাবে ইতিবাচক দিশ। কিন্তু কাৰ্য ক্ষেত্ৰত আজিকোপতি ইয়াৰ ৰূপায়ণ নোহোৱাত সন্থাই আশ্চাৰ্য প্ৰকাশ কৰিছে। সভাপতিজনে লগতে কয়  'আমি ভাবো চৰকাৰ ব্যৱস্থাত সোমাই থকা একাংশ ব্যক্তিয়ে কৰ্মচাৰী সমাজৰ বিৰুদ্ধে কাম কৰি চৰকাৰ আৰু কৰ্মচাৰী সমাজৰ মাজত দুৰত্ব বঢ়াইছে। এয়া ৰাজ্য তথা সমাজৰ বাবে শুভ লক্ষণ নহয়। অসম ৰাজ্যৰ উত্তৰণৰ বাবে দৃঢ় প্ৰতিজ্ঞ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক এই ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰিবলৈ সন্থাই অনুৰোধ জনালো। অতি সোনকালে ১০ দিন চাকৰি কৰিলেও ন্যূনতম ১০ লাখ টকাৰ ডি চি আৰ জি প্ৰদান কৰাৰ আশ্বাস কাৰ্যত: ৰূপায়িত কৰি কৰ্মচাৰী সমাজৰ প্ৰতি থকা দায়বদ্ধতা প্ৰকাশ কৰিব’’।অসম চৰকাৰে ডি চি আৰ জি প্ৰদান কৰাৰ বাবে অধিবসূচনা জাৰি কৰাৰ পিছতো জিলা পৰ্যায়ৰ একাংশ চৰকাৰী বিষয়া-কৰ্মচাৰীয়ে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাত সন্থাই গভীৰ ক্ষোভ প্ৰকাশ কৰে। এই বিষয়া সকলৰ এনে কৰ্মচাৰীসমাজ বিৰোধী কাৰ্যৰ বিৰুদ্ধে  ২৭ ডিচেম্বৰত  সদৌ অসম চৰকাৰী এন পি এছ কৰ্মচাৰী সন্থাই এক প্ৰতিবাদী কাৰ্যসূচী পালন কৰিব। এই কাৰ্যসূচীৰ অংশৰূপে সন্থাৰ জিলা সমিতি সমূহে জিলাখনৰ অৱসৰ প্ৰাপ্ত শিক্ষক-কৰ্মচাৰী সকলক লগত লৈ সংশ্লিষ্ট জিলা উপায়ুক্তক স্মাৰক পত্ৰ প্ৰদান কৰিব। লগতে জিলা সমিতি সমূহে উপায়ুক্ত মহোদয়ৰ জৰিয়তে অসমৰ  মুখ্যমন্ত্ৰীলৈ পুনৰ একোখনকৈ স্মাৰক পত্ৰ প্ৰদান কৰিব। এই কাৰ্যসূচীত অসমৰ সকলো কৰ্মচাৰী সন্থা, সংঘৰ সহযোগিতা আন্তৰিকতাৰে কামনা কৰিছে সন্থাৰ সভাপতি  হাজৰিকাই। সভাত সদৌ অসম প্ৰাথমিক শিক্ষক সন্মিলনীয়ে ২৭ ডিচেম্বৰত এন পি এছ আঁচনিৰ বিৰোধিতা কৰি কৰা আন্দোলনক সমৰ্থন জনাবলৈ সিদ্ধান্ত গ্ৰহণ কৰাৰ উপৰিও আগন্তুক সময়ত কৰ্মচাৰী সমাজৰ উমৈহতীয়া সমস্যাক লৈ সন্থাই আন সন্থা, সংঘৰ লগত বুজাবুজিৰে আগবাঢ়িবলৈ সিদ্ধান্ত গ্ৰহণ কৰে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here