আজিকালি সততাৰ কথা কোৱা মানুহ কমি গৈছে-অনুৰাধা শৰ্মা পূজাৰী - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Friday 31 December 2021

আজিকালি সততাৰ কথা কোৱা মানুহ কমি গৈছে-অনুৰাধা শৰ্মা পূজাৰী

 অসম গ্ৰন্থমেলাত মত বিনিময় অনুষ্ঠান



উপস্থিত থাকিল অনুৰাধা শৰ্মা পূজাৰী,মৃণাল কলিতা









W7s News ষ্টাফৰিপোর্টাৰ : 'আজিকালি সততাৰ কথা কোৱা মানুহ কমি গৈছে। লেখক অভিজ্ঞান অনুৰাগৰ  সততা আছে। অসমৰ সাহিত্যৰ ক্ষেত্ৰত টাইম কেপচুলৰ মহত্ব আছে। টাইম কেপচুলত দেশী বিদেশী সকলো কথা আলোচনা হয়।  এই নামটো মই দিছিলোঁ।  টাইম কেপচুলে পাঠক সমাজৰ পৰা বিশেষ সঁহাৰি লাভ কৰিছিল। লেখকৰ সপোনৰ বীজবোৰ যাতে স্তম্ভলেখাৰ মাজেৰে আহি থাকে সেয়াই কামনা কৰিছোঁ। আনহাতে 'ইয়াত এখন অৰণ্য আছিল' গ্ৰন্থখনৰ বাবে ২০২১ চনৰ সাহিত্য অকাডেমী বঁটা

লাভ কৰি তেওঁ এই সন্মান পাঠক সমাজলৈ উৎসৰ্গা কৰে। তেওঁ কয় 'পাঠক সমাজে মোক বহু পুৰ্বেই আদৰি লৈছিল। তাৰবাবে মই পাঠক সমাজৰ ওচৰত কৃতজ্ঞ। এই বঁটা লাভ কৰি আনন্দ অনুভৱ কৰিছোঁ আৰু ইংৰাজী নৱবৰ্ষত সকলোৰে সু-স্বাস্থ্য কামনা কৰিলোঁ। সকলোৱে নিজৰ নিজৰ কৰ্মত ব্ৰতী হৈ থাকক।'

চানমাৰিৰ অভিযান্ত্ৰিক প্ৰতিষ্ঠান খেলপথাৰৰ বাকৰিত অনুষ্ঠিত হৈ থকা   "অসম গ্ৰন্থমেলা’ৰ "হোমেন বৰগোহাঞি সভাগৃহ"ত  শুকুৰবাৰে অসমৰ অগ্ৰণী গ্ৰন্থ প্ৰকাশন গোষ্ঠী 'পাব্লিকেশ্বন আৰু...' ৰ উদ্যোগত দিনৰ  জনপ্ৰিয় সমালোচক অভিজ্ঞান অনুৰাগৰ  সদ্যপ্ৰকাশিত "সাদিনৰ টাইম কেপছুল" প্ৰথম খণ্ড গ্ৰন্থখনক বিষয় কৰি এক  মত বিনিময় অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি এইদৰে কয় সাদিনৰ সম্পাদক, বিশিষ্ট ঔপন্যাসিক সদ্যঘোষিত সাহিত্য অকাডেমী বঁটা প্ৰাপক অনুৰাধা শৰ্মা পূজাৰীয়ে।

৷সাহিত্যিক প্ৰাঞ্জল তালুকদাৰ নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থকা এই মত বিনিময় অনুষ্ঠানত বিশিষ্ট লেখক অধ্যাপক তথা সদ্যঘোষিত সাহিত্য অকাডেমীৰ শিশুসাহিত্য বঁটা(বাল পুৰস্কাৰ) প্ৰাপক মৃণাল কলিতা,জনপ্ৰিয় ঔপন্যাসিক ফণীন্দ্ৰ কুমাৰ দেৱ চৌধুৰী,সাহিত্যিক প্ৰভাত গোস্বামী,প্ৰতিভাৱান লেখিকা ভৱানী পেগু সন্মানীয় অতিথি হিচাপে উপস্থিত থাকে৷সাংবাদিক-লেখিকা দৰ্শনা বৰুৱাই আঁত ধৰা এই মত বিনিময় অনুষ্ঠানত অসীমা দেৱচৌধুৰী,বিন্দু ডেকা চৌধুৰী

আদিকে ধৰি কেইবাগৰাকীও গ্ৰন্থপ্ৰেমী সাহিত্য চৰ্চা কৰা  ব্যক্তিও উপস্থিত  থকা সুন্দৰ অনুষ্ঠানটোতে  উন্মোচন কৰা হয় কবি তপন দাসৰ "মোৰ নিৰ্বাচিত কবিতাৰ সংকলন" নামৰ কাব্যপুথিখনো৷৷ বহুকেইজন ৰসজ্ঞ পাঠকে মত বিনিময়ত অংশগ্ৰহণ কৰি  অনুষ্ঠানটোত লেখক  তথা বিশিষ্ট  সমালোচক অভিজ্ঞান অনুৰাগৰ লগত লেখা সম্পৰ্কত আলাপ আৰু মত বিনিময় কৰে৷পাব্লিকেশ্বন আৰু...'ৰ পৰিচালন সঞ্চালক সমীৰণ ডেকা আৰু প্ৰকাশক জিন্তী ডেকাৰ উদ্যোগত অনুষ্ঠিত গাম্ভীৰ্যপূৰ্ণ মত বিনময় অনুষ্ঠানটোত সাহিত্য অকাডেমী বঁটা প্ৰাপ্ত সাহিত্যিক অনুৰাধা শৰ্মা পূজাৰী আৰু মৃণাল কলিতাক বিশেষভাৱে সম্বৰ্ধনা জনোৱা হয়৷সৰ্বভাৰতীয় পৰ্যায়ত নিজৰ গ্ৰন্থৰে একোখন উচ্চ আসন পাবলৈ সক্ষম হোৱা সাহিত্যিক দুগৰাকীক এইদৰে গ্ৰন্থমেলাৰ অনুষ্ঠানত কাষৰ পৰা সান্নিধ্য লাভ কৰি বহু পাঠক আনন্দিত হৈ পৰে৷ সভাত ফণীন্দ্ৰ কুমাৰ দেৱ চৌধুৰীয়ে কয় 'কিছুমান লেখক থাকে সাংঘাটিকভাৱে প্ৰতিভাধৰ আৰু পোক।   শৈশৱত দেখা চৰিত্ৰ, দুখ বেদনা প্ৰান্তিকৰ পাতত পাইছিলো। কালদিয়াৰ পাৰৰ কথা লিখিছিল। পিছতহে হে গম পালো তেওঁৰ নাম ভুৱনেশ্বৰ ডেকা। মৃগতৃষ্ণা পঢ়ি আল্পুত হ'লো।  অভিজ্ঞাত অনুৰাগক নবীন লেখক-লেখিকাসকলে স্বীকৃতি দিব লাগে। তেওঁ লক্ষ্মীনাথ বেজবৰুৱাৰ লেখাৰ ওপৰতো লিখি উপকৃত কৰিছে। টাইম কেপচুলে সময়ক ধৰি ৰাখিছে। সাহিত্য জগতৰ উপৰিও বহু বেলেগ দিশ পাঠকৰ মাজলৈ নিছে। আঠ বছৰত সময় জীৱনক চুই যোৱা লেখা টাইম কেপচুলত লিখিছে। আত্মজীৱনী লেখাৰ সময়ত আমি বহু কথা নকও। আমি ভাবো লিখিলে যেন আমাৰ ব্যক্তিত্বত প্ৰভাৱ পৰো বুলি ভাবো। অভিজ্ঞান অনুৰাগৰ সৃজনীশীল প্ৰতিভা আছে।'

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here