নৱবৰ্ষৰ প্ৰাকক্ষণত মনো মটৰ ওৱৰ্কছৰ গ্ৰাহকলৈ বিনামূলীয়া সেৱা - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Friday, 31 December 2021

নৱবৰ্ষৰ প্ৰাকক্ষণত মনো মটৰ ওৱৰ্কছৰ গ্ৰাহকলৈ বিনামূলীয়া সেৱা

 




W7s News: ষ্টাফৰিপোর্টাৰ :  গুৱাহাটীৰ বামুণীমৈদামত ১৯৬৮ চনতে স্থাপিত মনো মটৰ ওৱৰ্কছ নামৰ ওৱৰ্কছপটোৱে ১৯৯৪ চনত মাৰুতি কোম্পানীৰ পৰা অথৰাইজেশ্যন স্বীকৃতি লাভ কৰাৰে  পৰা নিৰবিচ্ছিন্ন ভাৱে মাৰুতি গাড়ীৰ ক্ষেত্ৰত সেৱা আগবঢ়াই আহিছে৷ অসমৰ এগৰাকী আগশাৰীৰ উদ্যোগী তথা মনো মটৰৰ  স্বত্বাধিকাৰী অনিল শইকীয়াৰ প্ৰচেষ্টাত সেৱা আগবঢ়োৱা মাৰুতি অথৰাইজদ ছাৰ্ভিছ ষ্টেশ্যন মনো মটৰ হৈছে উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰতে আটাইতকৈ ডাঙৰ চাৰ্ভিছ ষ্টেশ্যন।যোৱা প্ৰায় বিশ বছৰ ধৰি এই ওৱৰ্কছপটোৱে বছৰৰ শেষৰ দিনটো কিছু ব্যতিক্ৰমীধৰণে উদ্‌যাপন কৰি আহিছে।এই বিশেষ দিনটোত ইয়াৰ গ্ৰাহকসকলৰ বাবে কিছু বিনামুলীয়া সেৱা আগবঢ়োৱা হয়।তেওঁলোকে জানিবলৈ দিয়া মতে গোটেই বছৰটো যিহেতু গ্ৰাহকসকলৰ পৰা লোৱা অৰ্থৰ বিনিময়তহে গাড়ীৰ কাম কৰি দিয়া হয়,গতিকে বছৰৰ শেষৰ দিনটোত কৃতজ্ঞতাৰ চিন স্বৰুপে তেওঁলোকক নিমন্ত্ৰণ কৰি আনি  গাড়ীখনৰ এটা ফ্ৰী চেক-আপ কৰি দিয়াৰ লগতে সন্মানীয় গ্ৰাহক সকললৈ এটি উপহাৰৰ টোপোলা আগবঢ়ায়।অনিল শইকীয়াই বিগত বছৰসমূহত সংবাদ মাধ্যমৰ সহযোগিতাৰ বাবেও ধন্যবাদ জ্ঞাপন কৰে৷ আজি এই উদ্‌যাপনৰ লগত  সংগতি ৰাখি ৰাতিলৈ  ক’ভিড প্ৰটকল মানি কৰ্মচাৰীসকলৰ মাজত  অনুষ্ঠিত হয় বাৰেৰহণীয়া এক সাংস্কৃতিক অনুষ্ঠান৷

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here