কিতাপ পঢ়াটো এটা নিচা হ'ব লাগেঃ জুবিন গাৰ্গ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Friday 31 December 2021

কিতাপ পঢ়াটো এটা নিচা হ'ব লাগেঃ জুবিন গাৰ্গ

 অসম গ্ৰন্থমেলাত *জুবিন গাৰ্গে* উন্মোচন কৰিলে বলীউডৰ সংগীত শিল্পী পাপূ লেফটিবেচৰ উপন্যাস *'জাৰ্নি অৱ এ মিউজিচিয়ান'*_









W7s news ষ্টাফৰিপোর্টাৰ: বছৰটোৰ অন্তিম দিনটোত পঢ়ুৱৈৰ মাজলৈ আহিল এগৰাকী সংগীত শিল্পীৰ সংগ্ৰামপূৰ্ণ জীৱন কাহিনীৰে ৰচিত উপন্যাস *'জাৰ্নি অৱ এ মিউজিচিয়ান* '। চামুগুৰিৰ পৰা সংগ্ৰাম আৰম্ভ কৰি বলীউডত নিজৰ স্থান দখল কৰিবলৈ সক্ষম হোৱা এগৰাকী জনপ্ৰিয় সংগীত শিল্পী, বেচ গিটাৰিষ্ট হিচাপে প্ৰতিষ্ঠা লাভ কৰা পাপু লেফটিবেচৰ দ্বাৰা ৰচিত এই ব্যতক্ৰম কাহিনীৰ উপন্যাসখন শুকুৰবাৰে গুৱাহাটীৰ চানমাৰিস্থিত অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ খেলপথাৰত চলি থকা অসম গ্ৰন্থমেলাৰ হোমেন বৰগোহাঞি সভাগৃহত 'গীটাৰ'ৰ বাকচ খুলি উন্মোচন কৰে যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰ'ৱ *জুবিন গাৰ্গে।* উন্মোচনী ভাষণত জনপ্ৰিয় শিল্পী জুবিন গাৰ্গে কয় 'পাপুৰ লগত মোৰ ককাই ভাইৰ সম্পৰ্ক। পাপু এজন ভাল গীতাৰিষ্ট।

পাপুৱে মোৰ লগতো গীটাৰ বজাইছিল আৰু আজি সংগ্ৰামৰ মাজেৰে মুম্বাইত প্ৰতিষ্ঠিত হৈছে। 'জাৰ্নি অৱ এ মিউজিচিয়ান' এজন 'মিউজিচিয়ান'ৰ কিতাপ। সেয়ে কিতাপখন সকলোৱে পঢ়া উচিত আৰু কিতাপখন সকলোৱে আদৰি লওক। কিতাপ পঢ়াটো এটা নিচা হ'ব লাগে।  কিতাপ পঢ়াৰ অভ্যাস সকলোৱে গঢ়ি তোলিব লাগিব। মোৰ পিতৃয়ে মোক কিতাপ পঢ়াৰ প্ৰতি আগ্ৰহী কৰি তুলিছিল। সেয়ে মই সময় পালে বিভিন্ন কিতাপ অধ্যয়ণ কৰোঁ।ই- বুকতকৈ কাগজৰ কিতাপ পঢ়াৰ সুকীয়া আমেজ আছে। আজিকালি লৰা ছোৱালী ম'বাইল, ইণ্টাৰনেটত ব্যস্ত থাকে তেঁওলোকেও গ্ৰন্থ পঢ়াৰ  অভ্যাস কৰি লওঁক। মই লগতে সাহিত্য অকাডেমী বঁটা প্ৰাপক অনুৰাধা শৰ্মা পূজাৰী, মৃণাল তালুকদাৰ আৰু অভিজিৎ বৰালৈ শুভকামনা যাচিলোঁ। অসমবাসীক ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জনাই জুবিন গাৰ্গে 

কেইবাটাও নতুন পৰিকল্পনাৰ বিষয়ে কয়। জুবিন গাৰ্গে নতুন বছৰত অসমবাসীক উপহাৰ দিব দুখনকৈ নতুন চলচ্চিত্ৰ ৷  ২০২২ চনৰ ১৮ ফেব্ৰুৱাৰীত মুক্তি লাভ কৰিব জুবিন গাৰ্গৰ 'যোদ্ধা' ৷২০২২ চনত জুবিন গাৰ্গৰ  জন্মদিনত প্ৰকাশ পাব জুবিনৰ আত্মজীৱনী ৷ আত্মজীৱনী খনৰ নাম হব 'ইউকেলিপ্টাছ'  ৷ আত্ম জীৱনী খনৰ এটা শ্ৰব্য সংকলনো উলিয়াব জুবিন গাৰ্গে ৷ ইংৰাজী ভাষাতো অনুবাদো কৰা হ'ব 'ইউকেলিপ্টাছ'। আত্মজীৱনীত নাথাকিব কোনো গোপনীয়তা ৷ ড্ৰিংক এণ্ড ড্ৰাইভৰ ক্ষেত্ৰত সকলোকে সজাগ,সচেতন হৈ থকাৰ আহ্বান ৷ গ্ৰাম্য ক্ৰীড়াৰ ক্ষেত্ৰত লব বিশেষ পদক্ষেপ ৷ 'খেৰৰ ওপৰত ফুটবল" খেলৰ আয়োজন কৰিব ৷ ৰঙিয়াত হ'ব প্ৰথম খন ষ্ট্ৰ' ফুটবল মেচ। সভাত অংশ লৈ জ্যেষ্ঠ সাংবাদিক প্ৰণয় বৰদলৈয়ে 'জাৰ্নি অৱ এ মিউজিচিয়ান'-এ পঢ়ুৱৈৰ মনত অনুৰণন তুলিব বুলি মন্তব্য কৰে।উল্লেখ্য, উপন্যাসখনত নগাঁৱৰ চামগুৰিৰ পৰা মুম্বাইলৈ গৈ পাৰ্শ্চজ্যোতি দাস কেনেকৈ পাপু লেফটিবেচ নামেৰে পৰিচিত হ'ল,জন্মৰ কেইমাহমানৰ পাছতে জটিল আক্ৰান্ত হোৱা পুত্ৰক হেৰুৱাৰ দুদিনৰ পাছত নতুন দিল্লীত জীৱন সংগ্ৰামৰ তাগিদাতে সংগীতানুষ্ঠান পৰিৱেশন কৰিবলৈ যোৱা,প্ৰখ্যাত সংগীতশিল্পী জাভেড আলী,প্ৰীতম, বিগ বি অমিতাভ বচ্চন,অন্নু কাপুৰ আদিৰ লগত কাম কৰা,বলীউডৰ ক্ষেত্ৰখনৰ বিভিন্ন জনা-অজনা আদি কথাৰ সমাহাৰেৰে ৰচনা কৰা হৈছে এই উপন্যাসখন। অনুষ্ঠানত ঔপন্যাসিক পাপু লেফটিবেচে ৰূপম দত্তৰ 'লাইফ অৱ এ ড্ৰাইভাৰঃ কেবিনৰ ইপাৰে' শীৰ্ষক উপন্যাসখন পঢ়ি অনুপ্ৰাণিত হৈ যোৱা লকডাউনতে ফেচবুকত উপন্যাসখন লিখা বুলি প্ৰকাশ কৰে। ইতিমধ্যে ফেচবুকত জনপ্ৰিয়তা লাভ কৰা উপন্যাসখন প্ৰকাশ কৰি উলিয়াইছে অসমীয়া ভাষা আৰু ছফটৱেৰ বিকাশ কেন্দ্ৰৰ হৈ অনিল বৰুৱাই।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here