প্ৰেৰণা দা মিছনৰ উদ্যোগত গুৱাহাটীত উদ্বোধন বস্ত্ৰ বেংকৰ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Sunday 12 December 2021

প্ৰেৰণা দা মিছনৰ উদ্যোগত গুৱাহাটীত উদ্বোধন বস্ত্ৰ বেংকৰ

 



W7s News ষ্টাফৰিপোর্টাৰ : দুখীয়া লোকৰ সুবিধা হোৱাকৈ গুৱাহাটীত দেওবাৰে আৰম্ভ হল এক বস্ত্ৰ বেংকৰ। কটন কলেজিয়েট স্কুলৰ প্ৰাক্তন  ছাত্ৰৰ এটা দলে এই অভিনৱ অভিযানৰ সূচনা কৰিছে। বিশিষ্ট অভিনেত্ৰী মলয়া গোস্বামী আৰু গুৱাহাটীৰ যুটীয়া আৰক্ষী আয়ুক্ত পাৰ্থ সাৰথি মহন্তই এই অভিযানৰ শুভাৰম্ভ কৰি প্ৰেৰণা দা মিছনৰ এই প্ৰচেষ্টাৰ শলাগ লয়। উল্লেখ্য, কলেজিয়েট স্কুলৰ প্ৰাক্তন ছাত্ৰৰ দলটিয়ে সতীৰ্থ নামৰ এক সংগঠনৰ জন্ম দি বিভিন্ন সমাজসেৱামূলক কাৰ্যত জড়িত হৈ আছে।

উক্ত বস্ত্ৰ বেংকৰ জৰিয়তে দৰিদ্ৰ লোকসকলে দোকানৰ শ্ব'ৰুমত সজোৱাৰ দৰে সজ্জিত কাপোৰৰ মাজৰ পৰা কোনো মূল্য নিদিয়াকৈ নিজৰ পছন্দৰ কাপোৰ সংগ্ৰহ কৰাৰ ব্যৱস্থা কৰা হৈছে। সম্প্ৰতি উলুবাৰী উৰণীয়া সেতুঁৰ পূব দিশে কুকুৰা ৰেস্তোৰাঁৰ সমীপত বস্ত্ৰ বেংকৰ অস্থায়ী বিপনী স্থাপন কৰা হৈছে। বস্ত্ৰ বেংকৰ বাবে ভাল অৱস্থাত থকা ব্যৱহাৰযোগ্য নিজৰ পুৰণি কাপোৰ দান কৰিব।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here