W7s News ষ্টাফৰিপোর্টাৰ: পৃথিৱীৰ প্ৰতিজন ব্যক্তিয়েই জীৱনৰ কোনোবা এটা বিন্দুত শ্বাসৰুদ্ধকৰ অৱস্থাত বন্দী। পৰিৱেশ-পৰিস্থিতিয়ে আমাক মনে নিবিচৰা এনে কিছুমান প্রাত্যহিক কৰ্মত প্রবৃত্ত কৰায় যে আমি সেই পৰিবৃত্তৰ পৰা ওলাই আহিব নোৱাৰো; মুকলি আকাশ এখন, মুক্ত বতাহ অকণমান বিচাৰি আমি হাহাকাৰ কৰি উঠো। হেৰুৱাই পেলাও স্বকীয় সত্ত্বা। নিজৰ আত্মাক বিচাৰি কিমান বাৰ যে নিজকে হত্যা কৰো! পৃথিৱীৰপৰা যেন হঠাৎ হেৰাই যায় ৰংবোৰ। পৃথিবীখন হৈ পৰে ক'লা বগা। উশাহ বিচাৰি আৰম্ভ হয় যাযাবৰী যাত্রা। সময়ো যেন স্তব্ধ হৈ ৰয়। মূলতঃ এয়াই চুটি ছবি ‘ছাফ’কেশ্যন’ৰ বিষয়বস্তু।
জীৱনৰ কেতবোৰ বিশেষ পৰিস্থিতিত আমি সন্মুখীন হোৱা ৰুদ্ধশ্বাস অৱস্থাৰ সাৱলীল উপস্থাপনেৰে ছবি নির্মাতা, পৰিচালক ৰাজা চৰণ সিঙৰ এই নৱতম প্রস্তুতি ‘ছাফ’কেশ্যন' (Suffocation)। ছবিখনৰ একমাত্ৰ চৰিত্ৰটোত ক্লষ্ট’ফ'বিক (Claustrophobic)ৰ ৰূপত অভিনয় কৰিছে অভিনেত্রী তথা কথক নৃত্যাংগনা বি পাল্কীয়ে। সুমিত বৰুৱা সম্পাদিত ছবিখনৰ সহকাৰী পৰিচালক পাৰ্থপ্ৰতীম হালৈ আৰু শংকু বৰমুদৈ।নেক্সটাৰ ষ্টুডিঅ'জৰ বেনাৰত নির্মিত ছবিখন নতুন বছৰৰ আৰম্ভণিতে সম্পূৰ্ণ হৈ উঠিব বুলি পৰিচালক ৰাজা চৰণ সিঙে জানিবলৈ দিয়ে।
No comments:
Post a Comment