ৰবীন্দ্ৰ ভৱনত 'নটসূর্য'ৰ চাৰিদিনীয়া নাট সমাৰোহ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Sunday 19 December 2021

ৰবীন্দ্ৰ ভৱনত 'নটসূর্য'ৰ চাৰিদিনীয়া নাট সমাৰোহ

 





W7s News ষ্টাফৰিপোর্টাৰ : 'নটসুখ'ৰ পঞ্চবিংশতিতম্ চাৰিদিনীয়া নাট সমাবোহখন 'নটসূর্য সৌরবণী উদযাপন সমতি'ৰ উদ্যোগত আৰু সাংস্কৃতিক সঞ্চলকালয়, অসমৰ সহযোগত ২৭ ডিচেম্বৰৰ পৰা ৩০ ডিচেম্বৰলৈ চাৰিদিনীয়াকৈ ৰবীন্দ্ৰ ভৱন প্রেক্ষাগৃহত বর্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব-দেওবাৰে 

 অসম সাহিত্য সভাৰ নেহা আগৰৱালা প্ৰেক্ষাগৃহত অনুষ্ঠিত এখন সংবাদ মেলত

এই কথা সদৰী কৰে উদযাপন সমতি'ৰ

প্ৰধান সম্পাদক ৰামকৃষ্ণ শৰ্মাই। তেওঁ লগতে কয় '

২৭ ডিচেম্বৰ সন্ধিয়া ৬-১৫ বজাত পুলক বেনাৰ্জীৰ পৰিচালনাৰে নটসূর্য'ৰ সদস্যসকলে পৰিবেশন কৰা দুটা সমবেত গীতেৰে সমাৰোহখনি শুভাৰম্ভ কৰা হ'ব। নাট সমাৰোহ আনুষ্ঠানিকভাবে উদ্বোধন কৰিব অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী বিমল বৰাই। উদ্বোধনী অনুষ্ঠানৰ লগত সংগতি ৰাখি তেজপুৰৰ 'জঙ্গম' নাট্যগোষ্ঠীয়ে ‘নটসূৰ্য’ ফণী শৰ্মা ৰচিত আৰু অলক নাথ পৰিচালিত 'কিয়'নাটকখন নিবেদন কৰিব। সেইদিনাৰ অনুষ্ঠানত নটসূৰ্যৰ প্রতিস্থাপক সাধাৰণ সম্পাদক গিয়াছ উদ্দিন আহমেদৰ স্মৃতিত তৃতীয় স্মাৰক বঁটা প্ৰদান কৰা হ’ব এসময়ৰ ভ্ৰাম্যমানৰ মঞ্চৰ জনপ্রিয় অভিনেত্রী দুলু দেৱীক। নাট সমাৰোহৰ লগত সংগতি ৰাখি সমিতিয়ে প্ৰকাশ কৰি উলিয়াবলগীয়া স্মৰণিকখনো সেইদিনাই উন্মোচন কৰা হ’ব। ২৮ ডিচেম্বৰত ডিব্ৰুগড়ৰ 'অজকা' নাট্যগোষ্ঠীয়ে নিবেদন কৰিব অসীম কুমাৰ শৰ্মা ৰচিত আৰু পৰিচালিত নাটক 'লাখুটি'। সেইদিনাৰ নাট্যসন্ধিয়া মুকলি কৰিব অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ সঞ্চালক কিশোৰ ঠাকুৰীয়াই। ২৯ ডিচেম্বৰত মঞ্চস্থ হ’ব দিল্লীৰ নেশ্বনেল স্কুল অব ড্ৰামাৰ ৰেপে 'ৰেটৰি গ্ৰুপৰ নাটক ‘বায়ন'— এই নাটকৰ কাহিনী যশস্বী সাহিত্যিক মহেশ্বতা দেৱীৰ আৰু পৰিচালনা প্রয়াত ঊষা গাংগুলীৰ। সিদিনা নাট সন্ধিয়াত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব অসম চৰকাৰৰ পৰিবহন, উদ্যোগ, দক্ষতা বিকাশ বিভাগৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে। সেই অনুষ্ঠানতে বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ অতিৰিক্ত মুখ্য সচিব পৱন বৰঠাকুৰ। ৩০ ডিচেম্বৰত মঞ্চস্থ হ’ব মুম্বাইৰ বিখ্যাত নাট্যদল 'দ্য ফিল্ম এণ্ড থিয়েটাৰ চ'ছাইটি'ৰ দ্বাৰা প্রযোজিত অতুল সত্য কৌশিক ৰচিত আৰু পৰিচালিত বিখ্যাত নাটক ‘বালিগঞ্জ -১৯৯০'। এই নাটত অভিনয় কৰিব মুম্বাইৰ জনপ্রিয় অভিনেতা অনুপ চোনী আৰু নিষ্ঠা পালিৱালে। সেইদিনাই অসমৰ এগৰাকী কৃতী সমালোচক তথা নটসূৰ্যৰ মুখ্য উপদেষ্টা অশীতিপৰ অধ্যাপক উপেন্দ্র নাথ শৰ্মাক সম্বর্ধনা জনোৱা হ'ব। নাট সমাৰোহৰ অন্তিম দিনৰ কাৰ্যসূচীত বিশিষ্ট অতিথি হিচাপে অংশগ্রহণ কৰিব বিশিষ্ট অভিনেতা নিপন গোস্বামীয়ে।' সংবাদ মেলত 

উদযাপন সমিতিৰ সভাপতি স্বপ্ননীল বৰুৱাই কয় '

সমাৰোহৰ চাৰিটা নিশাতে নাট্যপ্ৰেমীৰ উপস্থিতি কামন কৰিছো 'নটসূৰ্য' পৰিয়ালে।

নাট সমূহ প্ৰতিদিনে সন্দিয়া ৬.৩০ বজাত অনুষ্ঠিত হ'ব। 

 'নটসূর্য'ৰ গৌৰৱোজ্জল পঞ্চবিংশতিতম্ বৰ্ষত ভৰি দিছে। নটসূৰ্যই প্ৰতিবছৰে আটকধুনীয়াকৈ বৰ্ণাঢ্য কাৰ্যসূচীৰে সফলভাবে সমাৰোহখনি পাতি আহিছে। এই আপাহতে 'নটসূর্য' পৰিয়ালে সদৌ ৰাইজৰ সহায়-সহযোগ, দিহা-পৰামৰ্শ আন্তৰিকতাৰে কামনা কৰিছো'।' সংবাদ মেলত  বিশিষ্ট সমগীত শিল্পী তথা উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি


 পুলক বেনার্জী, উদযাপন সমিতিৰ উপদেষ্টা মলয়া গোস্বামী, চেতনা দাস, উপ-সভাপতি জয়ন্ত ভাগৱতী, মনিষা হাজৰিকা, উপকুল বৰদলৈ, উপদেষ্টা হাইদৰ হুছেইন 

আদি উপস্থিত থাকে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here