জিএমচি চাফাই কর্মিক সম্বৰ্ধনা ভাৰতীয় অটল সেনা ৰাষ্ট্ৰবাদী মহিলা মৰ্চাৰ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Tuesday, 21 December 2021

জিএমচি চাফাই কর্মিক সম্বৰ্ধনা ভাৰতীয় অটল সেনা ৰাষ্ট্ৰবাদী মহিলা মৰ্চাৰ

 



 W7s News ষ্টাফৰিপোর্টাৰ : ভাৰতীয় অটল সেনা ৰাষ্ট্ৰবাদী মহিলা মৰ্চাই প্রাক্তন প্রধানমন্ত্রী প্রয়াত অটল বিহাৰী বাজপেয়ীৰ জন্ম জয়ন্তী উপলক্ষে সমাজৰ দুখীয়া লোকসকলৰ বাবে এসপ্তাহজোৰা ‘অটল সেৱা সপ্তাহ’ এক শীর্ষক কাৰ্যসূচী গ্রহণ কৰিছে। সপ্তাহজোৰা সেৱা প্ৰকল্পৰ প্ৰথম দিনটোত জিএমচি আয়ুক্ত দেবাশীষ শৰ্মা, ভাৰতীয় অটল সেনা ৰাষ্ট্ৰবাদী মহিলা মৰ্চাৰ ৰাজ্যিক সভাপতি সন্তোষ শর্মা আৰু অন্যান্য সদস্যসকলৰ উপস্থিতিত আজি গুৱাহাটী পৌৰ নিগমৰ অনাময় কর্মীসকলক সম্বর্ধনা জনোৱা হয়। অনুষ্ঠানত ভাষণ প্রদান কৰি জিএমচি আয়ুক্ত শৰ্মাই মহিলা মৰ্চাই চাফাই কৰ্মীসকলক দিয়া সন্মানৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰে। তেওঁ কয় 'এনে ধৰণৰ কাৰ্যসূচীয়ে অনাময় কৰ্মীসকলৰ মনোবল বৃদ্ধি কৰে। ৰাজ্যিক সভাপতি সন্তোষ শর্মাই কয়  'সপ্তাহজোৰা ‘অটল সেৱা সপ্তাহ’ আগন্তক ২৫ ডিচেম্বৰলৈকে বিভিন্ন সেৱা প্ৰকল্প কাৰ্যসূচী হাতত লোৱা হ’ব। তেওঁ কয় 'এই ‘অটল সেৱা সপ্তাহ’ অংশ হিচাপে জিএমচিৰ ৫০জন অনাময় কর্মীক গামোচা, পুৰস্কাৰ আৰু কম্বল প্রদান কৰি সম্বোধনা জ্ঞাপন কৰা হ’ব। আজিৰ অনুষ্ঠানত সাংগঠনিক সম্পাদক মীনু দুধেৰিয়া, সাধাৰণ সম্পাদক ডিম্পল শৰ্মা, কোষাধ্যক্ষ অনিতা আগৰৱালা, প্রকল্প সমন্বয়ক ৰেখা গোৱেল, স্বপ্না সৰাফ, নিৰ্মলা পাকে, ৰেখা বাজাজ, সুমন বেটালা, উৰ্মিলা বেটালা, ৰিতু আগৰৱাল, সৰিকা আগৰৱাল, ৰীতা আগৰৱালৰ লগতে সুনীতা কেজৰিৱাল, ৰীতা গোয়েঙ্কা, সঞ্জু শৰ্মা, মীনা পোদ্দাৰ, গুলাব দুগ্গাৰ, অনিতা আগৰৱাল, শান্তি কুণ্ডলিয়া, শৰিতা কুণ্ডলিয়া জ্যোতি ভূট, অনিতা গুপ্তা, শ্বনম শৰ্মা, কবিতা শৰ্মা, অঞ্জু চেতীয়া, নীতু গোয়েঙ্কা, বিনা জৈন, সৰোজ শৰ্মা, পূজা আগৰৱাল, ৰজনী শৰ্মাকে আদি কৰি বহু লোক উপস্থিত থাকে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here