গুৱাহাটীত আৰম্ভ ৪ৰ্থ এচিএমএ আফটাৰমাৰ্কেট এক্সপো - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Friday 10 December 2021

গুৱাহাটীত আৰম্ভ ৪ৰ্থ এচিএমএ আফটাৰমাৰ্কেট এক্সপো

 


৫০ টা আগশাৰীৰ অটো কম্পোনেন্ট নিৰ্মাতাই প্ৰদৰ্শন কৰিব বাস্তৱিক আফটাৰমাৰ্কেট আৰু সুৰক্ষাৰ গুৰুত্বপূৰ্ণ সামগ্ৰী

#গেৰেজ মেকানিকৰ বাবে মেনন্টেনেছ আৰু সৰ্বশ্ৰেষ্ঠ অনুশীলনৰ ওপৰত কৰ্মশালা

# সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ ডিলাৰ আৰু বিতৰকৰ অংশগ্ৰহণ 


W7s News, গুৱাহাটী: ভাৰতৰ অটো কম্পোনেন্ট নিৰ্মাণক প্ৰতিনিধিত্ব কৰা শীৰ্ষ সংস্থা অটোমোটিভ কম্পোনেন্ট মেনুফেকচাৰচ এছ'চিয়েচন অফ ইণ্ডিয়া(এচিএমএ)ই আজি উত্তৰ-পূবত চতুৰ্থ এচিএমএ আফটাৰমাৰ্কেট এক্সপো আৰম্ভ কৰাৰ কথা ঘোষণা কৰিছে।দুদিনীয়া কাৰ্যসূচীৰ অনুষ্ঠানটো ভাৰত চৰকাৰৰ বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়ৰ অধীনত গুৱাহাটীৰ মণিৰাম দেৱান ট্ৰেড চেণ্টাৰত আয়োজন কৰা হৈছে। যাক সমৰ্থন আগবঢ়াইছে গুৱাহাটী মটৰ পাৰ্টছ ট্ৰেডাৰ্ছ এছ'চিয়েশ্যন (জিএমটিএ)এ।


উত্তৰ পূবৰ ব্যৱসায়ৰ বাবে এক আদৰ্শ মঞ্চ হিচাপে কাম কৰে এচিএমএ আফটাৰমাৰ্কেট এক্সপোৱে। উত্তৰ-পূবৰ সাতৰাজ্যৰ ডিলাৰৰ মাজত বিকাশ আৰু সহযোগিতা আনে এই এক্সপোৱে।আফটাৰমাৰ্কেট এক্সপোৰ এই সংস্কৰণত, ৫০টা শীৰ্ষ নেতৃত্ব অটো উপাদান নিৰ্মাতাই জেনেউন আফটাৰমাৰ্কেট আৰু সুৰক্ষাৰ গুৰুত্বপূৰ্ণ সামগ্ৰী প্ৰদৰ্শন কৰিব।চুবুৰীয়া দেশৰ বহুতো আন্তঃৰাষ্ট্ৰীয় আৰু ঘৰুৱা ক্ৰেতাই এই এক্সপোত অংশগ্ৰহণ কৰিব বুলি আশা কৰা হৈছে।এক্সপোত অটো কম্পোনেন্ট নিৰ্মাতাসকলে তেওঁলোকৰ মানদণ্ডৰ সামগ্ৰী প্ৰদৰ্শন কৰিব আৰু এই অঞ্চলত তেওঁলোকৰ উপস্থিতি প্ৰতিষ্ঠা কৰিব।অনুষ্ঠানটোত মেনন্টেনেছ (maintenance)আৰু সৰ্বশ্ৰেষ্ঠ পদ্ধতিৰ ওপৰত কৰ্মশালাও অনুষ্ঠিত হ'ব। 


এক্সপোটো উদ্বোধন কৰি এচিএমএৰ সঞ্চালক প্ৰধান ভিনি মেহতা(Vinnie Mehta)ই কয়, "এচিএমএয়ে গুৱাহাটীত চতুৰ্থ আফটাৰমাৰ্কেট এক্সপো আয়োজন কৰি আনন্দিত। উত্তৰ-পূৰ্বাঞ্চলত পৰিবহনৰ প্ৰাথমিক মাধ্যম পথ। পাহাৰীয়া অঞ্চল, বৰষুণ আৰু দুৰ্বল ৰাস্তা দূৰৱৰ্তী এলেকাবোৰত বাহনবোৰ ক্ষয়-ক্ষতি হয়, যাৰ বাবে অটো স্পেয়াৰ পাৰ্টচ সদায়ে ইয়াত উচ্চ চাহিদা থাকে, যাৰ ফলত বজাৰৰ এক উৎকৃষ্ট সুযোগ প্ৰদান কৰে ব্যৱসায়ীক।আমি নিশ্চিত যে এই এক্সপোটোৱে স্থানীয় ডিলাৰ আৰু ডিষ্ট্ৰিবিউটৰসকলক সহায় কৰিব।"


এক্সপোৰ ওপৰত তেওঁৰ মতামত প্ৰকাশ কৰি গুৱাহাটী মটৰপাৰ্টছৰ ট্ৰেডাৰ্ছ এছ'চিয়েশ্যনৰ 

সভাপতি প্ৰদীপ সিংহানিয়া(Pradeep Singhania)ই কয়, "গুৱাহাটীত চতুৰ্থ এচিএমএ আফটাৰমাৰ্কেট এক্সপো মহামাৰীৰ পিছত বজাৰৰ গতি বৃদ্ধি হোৱাৰ এক উপযুক্ত সময়ত আৰম্ভ হৈছে।উত্তৰ-পূবৰ ডিলাৰ আৰু ডিষ্ট্ৰিবিউটৰৰ সমুদায় উৎসাহিত, যিহেতু অনুষ্ঠানটোৱে প্ৰদান কৰে তেওঁলোকক সঠিক নেটৱৰ্ক প্লেটফৰ্ম,যাৰ জৰিয়তে ব্যৱসায়ৰ বিকাশ কৰিব পাৰে।আমি যথেষ্ট সংখ্যক ডিলাৰ আশা কৰি আছোঁ যে বিতৰকসকলে অনুষ্ঠানটোত অংশগ্ৰহণ কৰিব আৰু লাভাম্বিত হ'ব।"


চতুৰ্থ এচিএমএ আফটাৰমাৰ্কেট এক্সপোত মুখ্য প্ৰদৰ্শকসকলৰ ভিতৰত আছে ব্ৰেকচ ইণ্ডিয়া, ডিলাক্স বিয়েৰিংছ, গেব্ৰিয়েল ইণ্ডিয়া, হেলা ইণ্ডিয়া লাইটিং, হিলাক্স অটোমোটিভ, হিন্দুস্তান কম্পোজিট, জেকে ফেনাৰ, জামনা অটো ইণ্ডাষ্ট্ৰিজ, লুকাছ ইণ্ডিয়া চাৰ্ভিচেছ, এল জি বালাকৃষ্ণন এণ্ড ব্ৰোছ, লুমেক্স অটো টেকন'লজিচ, মাহলে, মেনছনছ ইণ্টাৰনেচনেল, মেকাচ অটোমোটিভ, মিণ্ডা ইণ্ডাষ্ট্ৰিজ,নেচনেল বিয়েৰিং ইণ্ডাষ্ট্ৰিজ, ৰেন গ্ৰুপ, ৰিকো অটো ইণ্ডাষ্ট্ৰিজ, চুব্ৰোচ, ষ্টীলবাৰ্ড, টালব্ৰোচ,ভাৰোক, আৰু ৱাবকোৰ লগতে আনবহু ।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here